বৰকাপলাত এদিনতে দুটা কৈ চুৰি-ডকাইতিৰ ঘটনা...

সঘনাই হোৱা চুৰি কাণ্ডই নিদ্ৰা হৰণ কৰিছে গাঁওবাসীৰ
বৰকাপলাত এদিনতে দুটা কৈ চুৰি-ডকাইতিৰ ঘটনা...
বৰকাপলাত এদিনতে দুটা কৈ চুৰি-ডকাইতিৰ ঘটনা...
Published on
Updated on

ডিজিটেল সংবাদ বৰপেটাঃ বৰপেটা জিলাৰ সৰ্থেবাৰী আৰক্ষী থানাৰ অন্তৰ্গত বৰকাপলা গাঁৱত এটা দিনতে চুৰি আৰু ডকাইতিৰ ঘটনা সংঘটিত হোৱাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ সমগ্ৰ অঞ্চলটোত দিনক দিনে বৃদ্ধি পাইছে চুৰিৰ ঘটনা।

চোৰে গৰু-ছাগলী, ঘৰৰ বাচন বৰ্তন, ই-ৰিক্সা, সোণৰ গহনা নগদ ধন আদি চুৰি কৰাৰ পিছত সোমবাৰে বৰকাপলা গাঁৱৰ দশৰথ নাথৰ ঘৰৰ পৰা ঘৰত মানুহ নথকাৰ সুযোগ লৈ চোৰে ঘৰৰ সকলো মূল্যবান সামগ্ৰী লৈ উধাও হয়। সোণ, ৰূপৰ গহনা, লেপটপ, মোবাইল ফোন, নগদ ধন আদি লুটি লৈ যায়।

এই চুৰিৰ ঘটনাৰ লগত কালদি পথাৰৰ নুৰ কাচিমৰ পুত্ৰ ৰঙৰ মিস্ত্ৰী জাহিদুল আলী জড়িত থকা বুলি সন্দেহ প্ৰকাশ কৰিছে গৃহস্থই। আনহাতে একেটা দিনতে সন্ধিয়া প্ৰায় ৬:৩০ মান বজাত ৰেখাৰাণী দাস নামৰ এগৰাকী মহিলা ব্যাসকুছিৰ পৰা নিজ গৃহ নলবাৰী জিলাৰ নলীচা গাঁৱলৈ বুলি ই-ৰিক্সাৰে গৈ থকা অৱস্থাত বৰকাপলা গাঁৱৰ দক্ষিণ দিশত থকা কাপলা বিলৰ ওপৰত থকা দলঙৰ ওচৰত তিনি জনীয়া এটি দুৰ্বৃত্তৰ দলে বাট আগভেটি ধৰে আৰু নগদ ত্ৰিশ হাজাৰ টকাৰ লগতে দৰকাৰী নথি পত্ৰ কাঢ়ি লৈ যায়।

এই ঘটনা সন্দৰ্ভত ৰেখা ৰাণী দাসে সৰ্থেবাৰী থানাত এখন এজাহাৰ দাখিল কৰিছে। এজাহাৰত উল্লেখ কৰা মতে ঘটনাটোৰ লগত কমলাবাৰী গাঁৱৰ ৰিয়াজ আলীৰ পুত্ৰ হুমায়ুন কবিৰ, পূৰ্ব এলাদি গাঁৱৰ আনচেৰ আলীৰ পুত্ৰ জাহাঙ্গীৰ আলী, কালদি পথাৰৰ নিচান আলীৰ পুত্ৰ ৰহম আলী বুলি উল্লেখ কৰিছে।

বৰকাপলা গাঁৱৰ লগতে বৃহত্তৰ সৰ্থেবাৰী অঞ্চলত চুৰি হৈ থকা ঘটনা সন্দৰ্ভত আৰক্ষী প্ৰশাসনক ঘটনাৰ তদন্ত কৰি ঘটনাৰ লগত জড়িত ব্যক্তিক কৰায়ত্ত কৰিবলৈ আহ্বান জনাইছে।

বৰকাপলাত এদিনতে দুটা কৈ চুৰি-ডকাইতিৰ ঘটনা...
বিজেপিৰ প্ৰাৰ্থী পেনেলে সন্ত্ৰাসিত কৰিছে বিশ্বনাথ কংগ্ৰেছকঃ বিজেপি নেতাৰ কংগ্ৰেছত যোগদানৰ বিৰোধিতা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in