কৰ্দৈগুৰী-বৰমা পথৰ ওপৰেদি বৈছে পানী : ক্ষয়-ক্ষতিৰ বুজ ল'লে সাংসদ ফণীভূষণ চৌধুৰীয়ে

কৰ্দৈগুৰী-বৰমা পথৰ ওপৰেদি বৈছে পানী : ক্ষয়-ক্ষতিৰ বুজ ল'লে সাংসদ ফণীভূষণ চৌধুৰীয়ে

খাদ্যৰ নাটনি হৈছে পশুধনৰ
Published on

ডিজিটেল সংবাদ,পাটাছাৰকুছি : আজিও অপৰিবৰ্ত্তিত হৈ আছে বজালীৰ বান পৰিস্থিতি ৷ বুধবাৰে হেলনাৰ বানৰ ক্ষয় ক্ষতিৰ বুজ ল'লে নৱ নিৰ্বাচিত সাংসদ ফণীভূষণ চৌধুৰীয়ে ৷ দক্ষিণ বজালী অঞ্চলৰ বানত ক্ষতিগ্ৰস্ত লোকক সাক্ষাৎ কৰি মথাউৰি মেৰামতিৰ আশ্বাস দিয়ে সাংসদ চৌধুৰীয়ে ৷

নেৰানেপেৰা ধাৰাসাৰ বৰষুণৰ দি থকাৰ ফলত বজালী জিলাত বান পৰিস্থিতিয়ে আজি জটিল ৰূপ ধাৰণ কৰিছে ৷ জিলাখনৰ পূৱ প্ৰান্তেৰে বৈ যোৱা দেউঝাৰা আৰু কালদিয়া নৈৰ পানী যোৱা ৰাতিৰে পৰা ফেনে-ফুটুকাৰে বৈ আহি বান পৰিস্থিতি জটিল কৰি তুলিছে ৷

মঙলবাৰতকৈ আজি পানী অধিক বাঢ়ি ন ন অঞ্চল বুৰ গৈছে ৷ অঞ্চলটোৰ কুঁৱাৰাত কালদিয়া নদীৰ ওপৰত থকা পকী দলংখনৰ তলৰ গাৰ্ডত পানী লগাত দুয়ো পাৰৰ ৰাইজ শংকিত হৈ পৰিছে ৷

এই দলংখন খহাই নিলে দুয়োপাৰৰ বৃহৎ অঞ্চল এটাৰ যাতাযত বন্ধ হৈ পৰিব ৷ ইতিমধ্যে আজি আগবেলাৰেপৰা কৰ্দৈগুৰী-বৰমা গড়কাপ্তানি পথটোৰ পাহলাত এটা অংশ বানৰ পানীত বুৰ গৈছে ৷

ইফালে পাটাছাৰকুছিৰ পৰা অঞ্চলীলৈ যোৱা মদন-ৰাউতা পথৰ নিত্যানন্দৰ ওচৰতো পথৰ ওপৰেৰে পানী বাগৰিছে ৷ ইয়াৰ ফলত পথটোৰে যাতায়ত ব্যাহত হৈ পৰিছে। ইয়াৰ উপৰিও কালদিয়া নদীৰ পানী উপচি পৰি সৰিহ চাকলাৰ মদন -ৰাউতা পথৰ পূৱ পাৰে থকা কেইবাটাও পৰিয়ালৰ চোতাল পানীত বুৰ গৈছে ৷

বজালী ৰাজহ চক্ৰৰ অন্তৰ্গত “অঞ্চলটোৰ কুঁৱাৰা , দলৈগাওঁ ,পাহলা - শিমলুবাৰী , সৰিহ চাকলা ,বিছানকুছি আদি কেইবাখনো গাঁৱৰ খেতিপথাৰ আৰু চৰণীয়া পথাৰ পানীত বুৰ যোৱাত গৰু - ছাগলী আদি ৰাখিবলৈ ঠাই নোহোৱা হৈছে ৷ গতিকে এই পশুধনৰ বাবে পশুখাদ্যৰ যোগান ধৰিবলৈ একাংশ ৰাইজে চৰকাৰক আহ্বান জনাইছে ৷

আনহাতে সমগ্ৰ অঞ্চলটোৰ খেতিপথাৰ আজিও পানীৰ তলত থকাত কৃষকসকল অধিক চিন্তিত হৈ পৰিছে ৷ আনহাতে বতৰ বিজ্ঞান কেন্দ্ৰই আৰু দুদিন বৰষুণ দিব বুলি আগজাননী দিয়ত অঞ্চলটোৰ ৰাইজ আৰু শংকিত হৈ পৰিছে ৷

কৰ্দৈগুৰী-বৰমা পথৰ ওপৰেদি বৈছে পানী : ক্ষয়-ক্ষতিৰ বুজ ল'লে সাংসদ ফণীভূষণ চৌধুৰীয়ে
যোৰহাট ডায়েটত মহিলা সবলীকৰণ আৰু স্বাস্থ্য সজাগতা শিবিৰ
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in