বটদ্ৰৱাৰ হাতীচোঙত বাসন্তী পূজা উদযাপন...

বাসন্তী পূজাৰ মহাসপ্তমী। বটদ্ৰৱাৰ হাতীচোং সঞ্জীৱনী সংস্কৃত টোল প্ৰাংগনত নৱনিৰ্মিত তোৰন উন্মোচন

author-image
Asomiya Pratidin
New Update
বটদ্ৰৱাৰ হাতীচোঙত বাসন্তী পূজা উদযাপন...

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ আজি বাসন্তী পূজাৰ মহাসপ্তমী। বসন্ত ঋতুৰ এক অন্যতম উৎসৱ হৈছে বাসন্তী পূজা। সমগ্ৰ ৰাজ্যৰ লগতে বটদ্ৰৱাৰ হাতীচোং সঞ্জীৱনী সংস্কৃত টোল প্ৰাংগনত অনুষ্ঠিত হৈছে বাসন্তী পূজা।

৩৮ সংখ্যক চকলাঘাট সাবৰ্জনীন বাসন্তী পূজাৰ মহাসপ্তমী উপলক্ষে নৱনিৰ্মিত তোৰণ উন্মোচন কৰা হয়। প্ৰয়াত পিতৃ উমেশ চন্দ্ৰ ভট্টাচাৰ্য, মাতৃ চন্দ্ৰমাই দেৱী, স্বামী ধীৰেন্দ্ৰ নাথ সভাপণ্ডিতৰ পবিত্ৰ স্মৃতিত অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী প্ৰিয় ভট্টাচাৰ্যই আগবঢ়াই উক্ত তোৰণ।

যুৱ সমাজকৰ্মী নিপন শৰ্মাই আঁত ধৰা অনুষ্ঠানটিত প্ৰৱেশ তোৰণ উন্মোচন কৰে ৰহাৰ বিশিষ্ট সমাজকৰ্মী দিলীপ শৰ্মাই। অনুষ্ঠানটিত অনিল আগামাচাৰ্য, ত্ৰৈলোক্য ভট্টাচাৰ্য্য, অশোক বৰঠাকুৰ, জগত কন্দলি, অৱনী শৰ্মাকে আদি শতাধিক ভক্তপ্রাণ ৰাইজ উপস্থিত থাকে।

Also Read: উভতনি যাত্ৰা: ক্ষতিগ্ৰস্থ এখন মহাকাশযান!

Ritual