বাসুগাঁও পৌৰসভাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত ক্ষুদ্ৰ ব্যৱসায়ীৰ...

বাসুগাঁও পৌৰসভাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত ক্ষুদ্ৰ ব্যৱসায়ীৰ...
Published on
Updated on

ডিজিটেল সংবাদ, চিৰাংঃ চিৰাঙৰ বাসুগাঁও চহৰত পৌৰসভাৰ কতৃপক্ষৰ একপক্ষীয় সিদ্ধান্তৰ বিৰুদ্ধে ৰাইজ তথা ব্যবসায়ী সকলে আজি তীব্ৰ প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ন কৰে।বাসুগাঁও চহৰৰ নাগৰিক তথা ব্যবসায়ী মহলৰ সৈতে কোনো ধৰনৰ আলোচনা নকৰাকৈয়েই বাসুগাঁও পৌৰসভা কতৃপক্ষই একপক্ষীয় ভাবে উৰণ সেতুৰ তলত নীতি বহিঃভূত ভাবে স্থায়ী ব্যবসায়ী প্ৰতিষ্ঠান নিৰ্মাণ কাৰ্য্যক তীব্ৰ বিৰোধীতা কৰি পদপথৰ ক্ষুদ্ৰ ব্যবসায়ী সকলে নিৰ্মাণ কাৰ্য্য বন্ধ কৰি দিয়ে।

প্ৰতিবাদী ক্ষুদ্ৰ ব্যবসায়ী সকলৰ উপৰি স্থানীয় প্ৰতিবাদকাৰী সকলে বাসুগাঁও পৌৰসভা মুৰ্দাবাদ, পৌৰপতি সাধন মণ্ডল মুৰ্দাবাদ, ৰাইজক একাষৰীয়া কৰি একপক্ষীয় সিদ্ধান্ত বাতিল কৰক আদি ধ্বনিৰে উৰণ সেতুৰ তলৰ নিৰ্মাণ স্থলী উত্তাল কৰি তোলে । বাসুগাঁও পৌৰসভাৰ এই একপক্ষীয় সিদ্ধান্ত সন্দৰ্ভত জেষ্ঠ্য ব্যবসায়ী সুভাষ লোধৰায়ে কয় যে আমি শুনিবলৈ পাইছো যে বাসুগাঁও চহৰৰ সৌন্দৰ্য্য বৃদ্ধি কৰাৰ লগতে নিবনুৱা সকলৰ কৰ্মসংস্থান দিয়াৰ লক্ষ্যৰে নৱনিৰ্মিত উৰণ সেতুৰ তলত কিছু ষ্টল বনোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।

নিবনুৱা সকলক কৰ্মসংস্থান সৃষ্টি কৰা কাৰ্য্যক আমি বাধা নিদিও বৰঞ্চ এনেধৰনৰ কাৰ্য্যক আমি আদৰণি জনাও কিন্তু বাসুগাঁও চহৰৰ মাজমজিয়াত যেতিয়া এই উৰণ সেতু নিৰ্মাণ হৈছিল তেতিয়া ভবিষ্যত প্ৰজন্ম আৰু উন্নয়নৰ স্বাৰ্থত বাসুগাঁও চহৰৰ ক্ষুদ্ৰ ব্যবসায়ী লগতে নাগৰিক সকলে বহুত ত্যাগ কৰিবলগা হৈছিল । উৰণ সেতু নিৰ্মাণ হোৱাৰ পিছত বাসুগাঁও চহৰৰ বাটপথ যথেষ্ট ঠেক পৰিছে । যাৰ ফলত যানবাহন পাৰ্কিংৰ বাবে অধিক গুৰুত্বাৰোপ কৰিব লাগিছিল পৌৰসভা কতৃপক্ষই। কিন্তু বাসুগাঁও পৌৰসভা কতৃপক্ষই স্থানীয় নাগৰিক, ব্যবসায়ীক মহল বা দল সংগঠনৰ লগতে কোনো ধৰনৰ আলোচনা নকৰি একপক্ষীয় ভাবে যানবাহন পাৰ্কিঙৰ ঠাইত ইট, কংক্ৰিট ব্যবহাৰ কৰি ব্যবসায়ী প্ৰতিষ্ঠান নিৰ্মাণৰ কাম আৰম্ভ কৰিছে ।

যদিও বা বনাই আছে লোকনিৰ্মান বিভাগৰ অধীনত থকা এই উৰণ সেতুৰ তলত স্থায়ী নিৰ্মাণ কাৰ্য্য কিমান যুক্তিসংগত তাকে লৈ প্ৰশ্ন উত্থাপন কৰে জেষ্ঠ্য ব্যবসায়ীজনে । ইপিনে বাসুগাঁও নাগৰিক অধিকাৰ মঞ্চৰ যুটিয়া সম্পাদক চন্দন দাসে কয় যে আমি জনা মতে প্ৰাকৃতিক দুৰ্যোগৰ কাৰণেও হওঁক বা মানৱসৃষ্ট দুৰ্যোগৰ কাৰণেও হওঁক উৰণ সেতুৰ তলত ৰাইজৰ নিৰাপত্তাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখিয়েই উৰণ সেতুৰ তলত কোনো স্থায়ী ব্যবসায়ী প্ৰতিষ্ঠান নিৰ্মাণ কৰিব নোৱাৰে ।

তেনেক্ষেত্ৰত বাসুগাঁও পৌৰসভা কতৃপক্ষই কেনেকৈ কাৰ অনুমতিত এইদৰে উৰণ সেতুৰ তলত স্থায়ী ব্যবসায়ীক প্ৰতিষ্ঠান নিৰ্মাণ কাৰ্য্য আৰম্ভ কৰিছে বুলি প্ৰশ্ন উত্থাপন কৰে। তদুপৰি যানবাহন পাৰ্কিঙৰ ঠাই সংকুচিত কৰি নিৰ্মাণ কৰি থকা ব্যবসায়ীক প্ৰতিষ্ঠান কি পদ্ধতিত কাক আবন্টিত কৰিব সেই সন্দৰ্ভতো বাসুগাঁও চহৰৰ ব্যবসায়ী বা নাগৰিক সকলৰ জনাৰ অধিকাৰ আছে । কিন্তু তাকে নকৰি বাসুগাঁও চহৰৰ নাগৰিক তথা ব্যবসায়ী মহলক এন্ধাৰত ৰাখি পৌৰসভা কতৃপক্ষৰ এই একপক্ষীয় সিদ্ধান্ত আমি কেতিয়া মানি নলও বুলি জানিবলৈ দিয়ে ।

তাৰ বিপৰীতে এই সন্দৰ্ভত বাসুগাঁও পৌৰসভাৰ পৌৰপতি সাধন মণ্ডলক জানিব বিচৰাত তেখেতে কয় যে চৰকাৰী নীতি নিয়ম অনুসৰি বাসুগাঁও চহৰৰ সৌন্দৰ্য্যবৰ্দ্ধন কৰাৰ লগতে নতুন কৰ্মসংস্থান সৃষ্টি কৰাৰ বাবেই এই কাৰ্য্য আৰম্ভ কৰা হৈছে । আৰু যানবাহনৰ পাৰ্কিঙৰ বাবে যিখিনি ঠাই লাগে তাৰ বাবে পৰ্যাপ্ত ঠাই ৰখা হৈছে। তেনেক্ষেত্ৰত একাংশ লোকে কিয় এই নিৰ্মাণ কাৰ্য্য বন্ধ কৰি দিলে সেই সন্দৰ্ভত তেওঁ অৱগত নহয় বুলি সদৰি কৰে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in