অসম চৰকাৰৰ শিল্পী পেঞ্চনাৰ তথা বটদ্ৰৱাৰ সাঁচিপতীয়া শিল্পী হৰিনাৰায়ণ কোঁৱৰ আৰু নাই...

অসম চৰকাৰৰ শিল্পী পেঞ্চনাৰ তথা বটদ্ৰৱাৰ সাঁচিপতীয়া শিল্পী হৰিনাৰায়ণ কোঁৱৰ আৰু নাই...
Published on
Updated on

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ অসম চৰকাৰৰ শিল্পী পেঞ্চনাৰ তথা বটদ্ৰৱাৰ সাঁচিপতীয়া শিল্পী হৰিনাৰায়ণ কোঁৱৰৰ পুৱতি নিশা নলবাৰীত বিয়োগ হয়। পৰিয়ালৰ সদস্যৰ পৰা জানিব পৰা মতে, কালি নিজ মাতৃৰ বছেৰেকীয়া শ্ৰাদ্ধ পাতিবলৈ নলবাৰীলৈ গৈছিল। নলবাৰীত উপস্থিত হৈ আজি অনুষ্ঠিত হবলগীয়া মাতৃৰ বছেৰেকীয়া শ্ৰাদ্ধৰ আয়োজনত ব্যস্ত হৈ নিশাৰ আহাৰ গ্ৰহণ কৰি শোৱাপাটীলৈ যায় যদিও শেষ নিশা কফ জমা হৈ শ্বাস প্ৰশ্বাসত অসুবিধা অনুভৱ কৰে। লগে লগে পৰিয়ালৰ লোকে চিকিৎসালয়লৈ নিয়ে যদিও আদবাটতে তেওঁৰ মৃত্যু হয়।

বটদ্ৰৱা শ্ৰীশ্ৰী শংকৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা কাৰ্যালয় সহায়ক হিচাপে ২০১৫ বৰ্ষত অৱসৰ গ্ৰহণ কৰা কৰ্মচাৰী হৰি নাৰায়ণ কোঁৱৰ শৈশৱৰ পৰা লোক সংগীত আৰু ভাওনাৰ এজন সুদক্ষ শিল্পী আছিল যদিও অৱসৰৰ পাছত সাঁচিপতীয়া পুথি প্ৰস্তুতকৰণৰ প্ৰাচীন শৈলীৰ নিজকে নিমৰ্জিত কৰে।

সাচি গছৰ বাকলি এৰুৱাই হেঙুল হাইতাল সানি, শিলিখা গোমুত্ৰ আদি থলুৱা উপাদানেৰে চিয়াঁহী প্ৰস্তুত কৰি বাহঁৰ কলম সাজি সাঁচি মহাপুৰুষ গুৰুজনাৰ অনবদ্য সৃষ্টি ‘গুণমালা’ পুথি, গজেন্দ্ৰ উপাখ্যান, অৰ্জুন ভঞ্জন, ভোজন বেহাৰ নাট সুন্দৰ আখৰেৰে লিখি উলিয়াই বিভিন্ন জনৰ পৰা সমাদৃত হৈ অসম চৰকাৰৰ পৰা ২০১৮ বৰ্ষত শিল্পী পেঞ্চনাৰ লাভ কৰিছিল।

হৰিনাৰায়ণ কোঁৱৰৰ বিয়োগত বটদ্ৰৱাৰ বিভিন্নজনে শোক প্ৰকাশ কৰিছে। মৃত্যুৰ সময়ত তেওঁ পত্নী, পুত্ৰ, বোৱাৰী, জীয়ৰী, জোৱাই, নাতি নাতিনী সহ বহু আত্মীয় স্বজনক ইহ সংসাৰত এৰি থৈ যায়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in