জাতীয় সাজ পৰিধান কৰি বটদ্ৰৱা থানত নগাঁও মহাবিদ্যালয় (স্বতন্ত্ৰ)ৰ শ শ ছাত্ৰ ছাত্ৰী...

জাতীয় সাজ পৰিধান কৰি বটদ্ৰৱা থানত নগাঁও মহাবিদ্যালয় (স্বতন্ত্ৰ)ৰ শ শ ছাত্ৰ ছাত্ৰী...

author-image
Asomiya Pratidin
New Update
জাতীয় সাজ পৰিধান কৰি বটদ্ৰৱা থানত নগাঁও মহাবিদ্যালয় (স্বতন্ত্ৰ)ৰ শ শ ছাত্ৰ ছাত্ৰী...

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ অসমৰ উচ্চ শিক্ষাৰ অন্যতম বাটকটীয়া স্বৰূপ ঐতিহ্যমণ্ডিত নগাঁও মহাবিদ্যালয় (স্বতন্ত্ৰ)ৰ ইতিহাস বিভাগৰ উদ্যোগত দক্ষতা বিকাশ পাঠ্যক্ৰমৰ অধীনত উত্তৰ-পূব ভাৰতৰ ঐতিহাসিক পৰ্যটন আৰু উত্তৰ-পূব ভাৰতৰ ঐতিহ্য ক্ষেত্ৰৰ বিশেষ গৱেষণা কাৰ্যসূচী চলি আছে।

এই কাৰ্যসূচীৰ অধীনত মহাবিদ্যালয়খনৰ শ শ ছাত্ৰ ছাত্ৰীয়ে জিলাখনৰ গৌৰৱ তথা ঐতিহ্যমণ্ডিত বটদ্ৰৱা থানত ক্ষেত্ৰ অধ্যয়ন কৰি গৱেষণা পত্ৰ প্ৰস্তুত কৰিব। তদুপলক্ষে জাতীয় সাজ পৰিধান কৰি মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকল বটদ্ৰৱা থানত উপস্থিত হৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাৰ ঐতিহাসিক সমল কীৰ্তনঘৰ, শিলিখা বৃক্ষ, আকাশী গংগা, দৌল মন্দিৰ, পদশিলা আৰু শ্ৰীমন্ত শংকৰদেৱ গৱেষণা কেন্দ্ৰত উপস্থিত হৈ ক্ষেত্ৰ অধ্যয়ন কৰে।

নগাঁও মহাবিদ্যালয় ইতিহাস বিভাগৰ মূৰব্বী অধ্যাপিকা শিৰোমণি হাজৰিকা, সহকাৰী অধ্যাপিকা ড০ অৰণি শইকীয়াৰ নেতৃত্বত বিভাগটোৰ স্নাতক আৰু স্নাতকোত্তৰত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰী সকলৰ এই গৱেষণা পত্ৰত পৰ্যটন, সংস্কৃতি, শিক্ষা, বিজ্ঞান আদি বিভিন্ন দিশত নতুন তথ্য উন্মেষ হব বুলি প্ৰকাশ কৰে।

বটদ্ৰৱা থান