ডিজিটেল সংবাদ, বটদ্ৰৱাঃ শাৰীৰিক বাধাগ্ৰস্থতাকো নেওচি অসমীয়া সাহিত্য জগত খনক নিজৰ সৃষ্টিৰাজিৰে উজ্বলাই তোলাত শৰ্মিষ্ঠা প্ৰীতমৰ অৰিহনাও অন্যতম। তেওঁৰ যন্ত্ৰনা কাতৰ জীৱনটো ভালদৰে অধ্যয়ন আৰু গৱেষণাৰ জৰিয়তে পৃথিৱীত চিনাকি কৰাই দিয়াৰ মানসেৰে আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন চলচ্চিত্ৰ পৰিচালিকা ড০ ববী শৰ্মা বৰুৱাই নিৰ্মাণৰ প্ৰস্তুতি চলাইছে "ডেউকা walking in the air" নামৰ ছবিখন।
ইমেজিং মেডিয়াৰ বেনাৰত বসন্ত কুমাৰ বৰুৱাৰ মুখ্য প্ৰযোজনাত নিৰ্মিত ছবি খনৰ মূখ্য চৰিত্ৰ ৰূপায়ণ কৰিছে বিশিষ্ট অভিনেতা অৰুন নাথ, বিনা পাটংগীয়া, কমল লোচন, আৰু শৰ্মিষ্ঠা প্ৰীতমৰ নাম ভূমিকাত অভিনয় কৰিছে সুলক্ষনা বৰুৱাই।
নগাঁও জিলাৰ বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত গেদাৰবড়িকে ধৰি ইয়াৰ আশে-পাশে ২২দিনধৰি চিত্ৰ গ্ৰহণ চলিবলগীয়া ছবি খনৰ শুভ মূহুৰত বুধবাৰে সম্পন্ন হয়।
এই মৰ্মে অনুষ্ঠান আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰে পৰিচালিকা ড০ ববী শৰ্মা বৰুৱাই আৰু নাৰিকল ভাঙে মুখ্য প্ৰযোজক বসন্ত কুমাৰ বৰুৱাই, ইয়াৰ পাছত কেমেৰাৰ চুইচ অন কৰে চুচেন কুমাৰ বৰুৱা আৰু ক্লেপষ্টিক দিয়ে লেখিকা শমিষ্ঠা প্ৰীতমে।