খৰ্গহস্ত বিবেক দাস : মনোনয়ন প্ৰত্যাহাৰ নকৰে CPI(ML) দলে...

'ক্ষমা খুজিবলৈ গলে ভূপেন বৰাক স্বাগতম জনাম'- বিবেক দাস
খৰ্গহস্ত বিবেক দাস : মনোনয়ন প্ৰত্যাহাৰ নকৰে CPI(ML) দলে...
খৰ্গহস্ত বিবেক দাস : মনোনয়ন প্ৰত্যাহাৰ নকৰে CPI(ML) দলে...
Published on
Updated on

ডিজিটেল সংবাদ অক্টোবৰঃ ক্ৰমাৎ আকৰ্ষণীয় হৈছে বিহালীৰ নিৰ্বাচনী ৰাজনীতি৷ সম্প্ৰতি বিহালীত শাসকীয় বিজেপি দলৰ বাঘা বাঘা নেতাই দলীয় প্ৰাৰ্থীক জয়যুক্ত কৰিবলৈ ব্যাপক প্ৰচাৰ চলোৱা দেখা গৈছে৷

শাসকীয় বিজেপি দলৰ নেতাই বিৰোধী কংগ্ৰেছ দলৰ বিৰুদ্ধে তীক্ষ্ণ বাক্যবাণ এৰি জনমত গঠনৰ প্ৰচেষ্টা চলাইছে৷ বিপৰীতে বিহালী নিৰ্বাচনী ৰণ ক্ষেত্ৰত বিৰোধী চি পি আই (এম এল) দলৰ নেতাৰো আক্ৰমণৰ লক্ষ্য হৈ পৰিছে বিৰোধী কংগ্ৰেছ৷

দৰাচলতে যিসময়ত বিৰোধী দলে শাসকীয় পক্ষৰ প্ৰাৰ্থীক জয় কৰাবলৈ ঐক্যৱদ্ধভাৱে ৰণক্ষেত্ৰত নামি পৰিব লাগিছিল সেইসময়ত বিহালীত বিৰোধী যুঁজিছে বিৰোধীৰ বিপক্ষে৷ কংগ্ৰেছ দলে অসম সন্মিলিত মৰ্চাৰ অংশীদাৰ দল চি পি আই(এম এল)ৰ প্ৰাৰ্থিত্বৰ বিৰোধিতা কৰি নিজাববীয়াকৈ প্ৰাৰ্থী প্ৰক্ষেপ কৰাকলৈ সংঘাট সৃষ্টি হৈছে৷

অসম সন্মিলিত মৰ্চাৰ সমৰ্থনত বিৰোধী মিত্ৰজোঁটৰ অন্যতম চি পি আই(এম এল) দলৰ মনোনীত প্ৰাৰ্থী হিচাপে লক্ষীকান্ত কুৰ্মীয়ে দাখিল কৰা মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ বাবে কংগ্ৰেছ সভাপতি ভূপেন বৰাই চি পি আই(এম এল)ৰ নেতা বিবেক দাসক অনুৰোধ কৰিব বুলি প্ৰকাশ পোৱা মন্তব্য সন্দৰ্ভত তীব্ৰ বিষোদগাৰ প্ৰকাশ কৰে বাওঁপন্থী নেতা বিবেক দাসে৷

চি পি আই(এম এল) দল নেতা বিবেক দাসে কংগ্ৰেছ সভাপতি ভূপেন বৰাই চি পি আই(এম এল) দলৰ প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অনুৰোধ সন্দৰ্ভত কয় যে, কংগ্ৰেছ সভাপতি ভূপেন বৰাই মোক সাক্ষাৎ কৰিবলৈ আহিলেও চি পি আই(এম এল) দলে মনোনয়ন প্ৰত্যাহাৰ নকৰে বুলি কয়৷

বিবেক দাসে কয় যে, বিহালীত মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰা সন্দৰ্ভত কংগ্ৰেছ সভাপতি ভূপেন বৰাক আহিবলৈ মানা কৰিলে বিবেক দাসে। বিবেক দাসে কয় যে, কংগ্ৰেছ দলে মোক যি ব্যৱহাৰ কৰিলে কংগ্ৰেছে তাৰ বাবে যদি ক্ষমা খুজিবলৈ আহে তেন্তে ভূপেন বৰাক মই স্বাগতম জনাইছো।

মই বিৰোধী ঐক্য ভাঙি নোযোৱাৰ স্বাৰ্থত নিজে প্ৰতিদ্বন্দিতা নকৰি প্ৰাৰ্থী সলনি কৰিলো৷ ২০২৬ চনত মোক টিকট ভূপেন বৰাই দিব নোৱাৰে, মোক টিকট দিব চি পি আই(এম এল) দলে টিকট দিব বুলি দাবী কৰে৷

খৰ্গহস্ত বিবেক দাস : মনোনয়ন প্ৰত্যাহাৰ নকৰে CPI(ML) দলে...
গণতন্ত্ৰত ৰাজতন্ত্ৰৰ গোন্ধ ! বঙহৰ বিৰুদ্ধে বঙহৰেই যুঁজ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in