আকৰ্ষণীয় হৈছে বিহালীৰ নিৰ্বাচনী যুঁজঃ গৌৰৱৰ মুখত স্মাৰ্ট মিটাৰ, ৰামায়ণৰ প্ৰসংগ...

লোকেল, চালানী প্ৰাৰ্থীক লৈ সমুখ সমৰত কংগ্ৰেছ, বিজেপি

author-image
Asomiya Pratidin
New Update
আকৰ্ষণীয় হৈছে বিহালীৰ নিৰ্বাচনী যুঁজঃ গৌৰৱৰ মুখত স্মাৰ্ট মিটাৰ, ৰামায়ণৰ প্ৰসংগ...

আকৰ্ষণীয় হৈছে বিহালীৰ নিৰ্বাচনী যুঁজঃ গৌৰৱৰ মুখত স্মাৰ্ট মিটাৰ, ৰামায়ণৰ প্ৰসংগ...

ডিজিটেল সংবাদ বিহালীঃ আকৰ্ষণীয় হৈ পৰিছে বিহালীৰ ৰাজনৈতিক যুঁজখন। নিৰ্বাচনী প্ৰচাৰত কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে বিজেপিক কৰা সমালোচনাই এতিয়া ব্যাপক চৰ্চাও লাভ কৰিছে।

নিৰ্বাচনী সভাত গৌৰৱ গগৈয়ে স্মাৰ্ট মিটাৰ, ঋণক প্ৰসংগৰে শাসকীয় চৰকাৰক চোকা সমালোচনা কৰিছে। প্ৰসংগক্ৰমে গৌৰৱৰ মুখত উচ্চাৰিত হৈছে ৰামায়ণ, ৰাৱণৰ কথাও। ওলাইছে চালানী, লোকেলৰ প্ৰসংগও।

এক নিৰ্বাচনী সভাত গৌৰৱ গগৈয়ে ৰাইজক উদ্দেশ্যি প্ৰশ্ন কৰি কয়, আপোনালোকৰ বিধায়ক স্থানীয় হ'ব লাগে নে নাই? কালিলৈ আপোনালোক যদি কিবা সমস্যাত থাকে, কোনোবা এজনক যদি হাস্পাতাললৈ কিছু সহায়ৰ প্ৰয়োজন হয় তেতিয়া স্থানীয় প্ৰতিনিধি থাকিলে আপোনালোকৰে সুবিধা হয় নে নাই? সেয়ে আপোনালোকে আমাৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী স্থানীয় সমাজ সেৱক জয়ন্ত বৰাক নিৰ্বাচিত কৰক।

তেওঁ পুনৰ কয়, এই নিৰ্বাচন কোনো ব্যক্তি কেন্দ্ৰীক নিৰ্বাচন নহয়৷ এই নিৰ্বাচন জয়ন্ত বৰাৰ ব্যক্তিগত নিৰ্বাচন নহয়৷ এই নিৰ্বাচন হৈছে আপোনালোকৰ৷ বিহালী অঞ্চলৰ ৰাইজে বৰ্তমানৰ বিজেপি নেতৃত্বাধীন চৰকাৰৰ অংহকাৰ আৰু অন্যায়ৰ পৰা পৰিত্ৰাণ বিচাৰিছে৷ চৰকাৰ হ'ব লাগে জনসাধাৰণৰ কিন্তু এইখন চৰকাৰৰ ক্ষমতাই মূৰত ধৰিছে৷

এই চৰকাৰ ইমান অহংকাৰী যে তেওঁলোকে আপোনালোকৰ ঘৰত স্মাৰ্ট মিটাৰ লগাব বিচাৰে৷ এইবাৰ স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে ভোট দিয়ক। যিহেতু বৰ্তমানৰ চৰকাৰ ধৰুৱা, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসম চৰকাৰক ধৰুৱা কৰি পেলাইছে। চৰকাৰৰ ধাৰ মাৰিবলৈ পইছা নাই, সেয়ে আপোনালোকৰ ঘৰত স্মাৰ্ট মিটাৰ লগাইছে৷

গৌৰৱে পুনৰ কয়, বিজেপিৰ বিৰুদ্ধে মাত মাতিলে আপোনালোকৰ অৰুণোদয় আঁচনি কাটি দিম বুলি কয়। আমি ৰামায়ণত পঢ়়িছিলো, যেতিয়া ৰাৱণ অহংকাৰী হৈছিল তেতিয়াই ৰাৱণৰ পতন হৈছিল৷ ৰামায়ণত ৰাৱণৰ যি অৱস্থা, আজি বিহালীৰ নিৰ্বাচনত বিজেপিৰ অৱস্থা হ'বলৈ গৈ আছে৷

গৌৰৱে কয়, আজি যদি বিজেপিৰ দলৰ সদস্য নহয় আপোনালোকৰ ল'ৰা-ছোৱালীয়ে স্ক'লাৰশ্বীপ নাপাই ৷ যদি বিজেপি দলৰ সদস্য নহয় আপোনালোকে চৰকাৰী আঁচনি নাপাই৷ এই ধৰণৰ আতংক চলি আছে৷ ইটাভাটাৰ নামত কোনে কেলেংকাৰী কৰিছে আপোনালোকে জানে।

বিজেপি চৰকাৰক সমালোচনা কৰি তেওঁ পুনৰ কয়, বিজেপিয়ে পৰিবৰ্তনৰ কথা কৈছিল ৷ এটাই পৰিবৰ্তন আনিছে অসমৰ চোকে-কোণে মুখ্যমন্ত্ৰী আৰু মন্ত্ৰীসকলে বাগানাৰ মাটি নিজৰ নামত কিনিছে ৷ আপোনালোকে ভূমি পট্টা পোৱা নাই,কোনো নিৰাপত্তা নাই৷ কিন্তু মুখ্যমন্ত্ৰী আৰু মন্ত্ৰীসকলে প্ৰত্যেক জিলাৰ বাগানৰ মাটি কিনিছে৷

যেতিয়া কংগ্ৰেছৰ চৰকাৰ আছিল তেতিয়া আমি চৰকাৰী স্কুল খুলি বিনামূলীয়া কম্পিউটাৰ, বিনামূলীয়া লেপটপ দিছিলোঁ৷ হিমন্তবিশ্ব শৰ্মাৰ দিনত চৰকাৰী স্কুল বন্ধ কৰি গাঁৱত মদৰ দোকান খুলিবলৈ আৰম্ভ কৰিছে৷ ভৱিষ্যতে যেতিয়া আমাৰ চৰকাৰ আহিব, আমাৰ চৰকাৰৰ দিনত গাঁঁৱৰ ভিতৰত মদৰ দোকান বন্ধ কৰি চৰকাৰী স্কুল খুলিম৷

আনহাতে তৃণমূল কংগ্ৰেছ ত্যাগ কৰি পুনৰ কংগ্ৰেছত যোগদান কৰা ৰিপুণ বৰাই কয়, যদি বিজেপি ইমান শক্তিশালী, ইমান জনপ্ৰিয়, ইমান আঁচনি দিছেই, ইমান ৰাইজৰ কাম কৰিছা, তেতিয়া হ'লে তোমালোকে এটা প্ৰশ্নৰ উত্তৰ দিয়া- এইটো উপ নিৰ্বাচনহে ৷ এই উপ নিৰ্বাচনত তোমালোক আহিবলৈ কি দৰকাৰ? ইয়াত গোটেই ১৭ খন পঞ্চায়তত মন্ত্ৰী, এম এল এ, নেতা-পালিনেতাৰে পিয়াপি দি, দিন ৰাতি ইমান ঘূৰি ফুৰাৰ দৰকাৰ কি? দিছপুৰত বহি থাকা ৷ যদি সচাকৈ ৰাইজে ভাল পাইছে, তোমালোক ইয়ালৈ আহিব নেলাগে নহয়৷ এই কথাই প্ৰমাণ কৰে যে, বিহালী অসমৰ বাটকটীয়া হ'বলৈ গৈছে ৷

আনহাতে শোণিতপুৰৰ বিজেপি সাংসদ ৰঞ্জিত দত্তই সাংবাদিকৰ আগত কয়, পীয়ুষ হাজৰীকা বিহালী উপ নিৰ্বাচনৰ বিজেপি দলৰ পৰ্যবেক্ষক ৷ ইতিমধ্যে পীয়ুষ হাজৰীকাই ৫৫ খন নিৰ্বাচনী সভাত অংশগ্ৰহন কৰিছে ৷

তেওঁ বিহালীৰ প্ৰাক্তন বিধায়ক, সাংসদ পল্লৱলোচন দাস সন্দৰ্ভত কয় যে, পল্লৱ লোচন দাসেও দলৰ হৈ কাম কৰি আছে। তেওঁ কয়, তেওঁ ইয়াত প্ৰচাৰ চলাবলৈ অহা নাই যদিও আহিব৷ আমাক খবৰ দিছে তেওঁ আহিব৷ তেওঁ দলৰ সাংগঠনিক নিৰ্বাচন প্ৰক্ৰিয়াৰ সৈতে জড়িত হৈ ব্যস্ত আছে। সেয়ে আহিব পৰা নাই। কিন্তু তেওঁ নিশ্চয় আহিব।

ইফালে গৌৰৱ গগৈয়ে কোৱা বাহিৰা প্ৰাৰ্থী সন্দৰ্ভত ৰঞ্জিত দত্তই কয়, আজি তেওঁ কৈছে দিগন্ত ঘাটোৱাৰ বাহিৰৰ মানুহ ৷ মই কংগ্ৰেছ সভাপতি তথা গৌৰৱ গগৈক সোঁৱৰাই দিব বিচাৰিছো ২০০৬ চনত বিহালী সমষ্টিত কংগ্ৰেছ দলে যি গৰাকীক প্ৰাৰ্থী দিছিল নগেন গোৱালা বৰ্তমান তেওঁ আমাৰ দলৰ৷ সেই নগেন গোৱালা আছিল বিশ্বনাথ সমষ্টিৰ ৷

২০১১ চনত কংগ্ৰেছ দলে পল্লৱলোচন দাসক প্ৰাৰ্থিত্ব দিছিল৷ পল্লৱলোচন দাস বিধায়ক হ'ল, সাংসদ হৈ বৰ্তমান ৰাজ্যিক সম্পাদক ৷ সেইটো সময়ত পল্লৱলোচন দাসৰ ঘৰ বিশ্বনাথ চাৰিআলিত আছিল৷ গতিকে গৌৰৱ গগৈ আৰু ভূপেন বৰাই কি সৎ সাহস আছে যে বিহালী সমষ্টিত ভাৰতীয় জনতা পাৰ্টিয়ে দিগন্ত ঘাটোৱাৰক প্ৰাৰ্থিত্ব দিয়াৰ কাৰণে প্ৰশ্ন কৰিলৈ?

একেটা প্ৰসংগতে পীযুষ হাজৰীকাই কয়, তেওঁলোকে পল্লৱলোচন দাসক টিকট দিছিল৷ একেখন জিলাত লোকেল-আন লোকেল কিবা হ'ব পাৰে নেকি? বিহালীত লোকেল কাক বুলি কয় সেয়াও বাখ্যা কৰে পীয়ুষ হাজৰীকাই ৷

Also Read: আজি ৪০ সংখ্যক মিচিং ভাষা দিৱস...

কংগ্ৰেছ বিহালী বিজেপি উপ নিৰ্বাচন