অৰুণোদয়, মূল্যবৃদ্ধি, জল জীৱন মিছন, ছাহ শ্ৰমিকৰ মজুৰিৰ প্ৰসংগৰে উত্তাল বিহালীৰ নিৰ্বাচনী সভা

গৌৰৱ গগৈৰ বাক্যবাণত বেকফুটত বিজেপি

author-image
Asomiya Pratidin
New Update
অৰুণোদয়, মূল্যবৃদ্ধি, জল জীৱন মিছন, ছাহ শ্ৰমিকৰ মজুৰিৰ প্ৰসংগৰে উত্তাল বিহালীৰ নিৰ্বাচনী সভা

অৰুণোদয়, মূল্যবৃদ্ধি, জল জীৱন মিছন, ছাহ শ্ৰমিকৰ মজুৰিৰ প্ৰসংগৰে উত্তাল বিহালীৰ নিৰ্বাচনী সভা

ডিজিটেল সংবাদ বিহালীঃ ক্ৰমাৎ আকৰ্ষণীয় হৈছে বিহালী উপ নিৰ্বাচন৷ কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে শাসকীয় বিজেপিক আক্ৰমণৰ লক্ষ্য কৰি লৈছে আৰুণোদয়, আত্মনিৰ্ভৰ অসম, চাকৰি, বিনামূলীয়া চাউলৰ আঁচনিসমূহৰ জৰিয়তে।

এই আঁচনিসমূহৰ কথা উল্লেখ কৰি গৌৰৱ গগৈয়ে কৰা সমালোচনাৰ প্ৰত্যুত্তৰো দিছে বিজেপিয়ে। বিহালী সমষ্টিৰ উপ-নিৰ্বাচনৰ প্ৰভাৰী তথা মন্ত্ৰী পীযুষ হাজৰীকাই আত্ম নিৰ্ভৰ অসম আঁচনি সন্দৰ্ভত কয়, বিহালীত নিৰ্বাচনৰ বাবে প'ৰ্টেল বন্ধ হৈ আছে। নিৰ্বাচন অন্ত পৰাৰ পাছতে পুনৰ প'ৰ্টেল খুলিব৷

প্ৰত্যেক সমষ্টিত কমেও ৭০০ৰ পৰা ৮০০ ল'ৰা ছোৱালীয়ে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসমৰ আঁচনিৰ সুবিধা লাভ কৰিব। আমি গৌৰৱৰে কও আজি আপোনালোৰ সমষ্টিত ২১ হাজাৰে অৰুণোদয় আঁচনি লাভ কৰে। দুমাহ পাছত ৩০ হাজাৰে এই আঁচনি পাব ৷

আনহাতে গৌৰৱ গগৈয়ে অনা বিহালী সমষ্টিৰ বিজেপি প্ৰাৰ্থী, বন্যহস্তীৰ সমস্যা, বিজেপি দলৰ ভয়-ভাবুকি, অন্যায়, ইটা ভাটা ছিণ্ডিকেট আদিৰ অভিযোগৰ সন্দৰ্ভত অৱশ্যে পীযুষ হাজৰীকাই মৌন ব্ৰত পালন কৰিছে। তেওঁ ইয়াৰ কোনো প্ৰত্যুত্তৰ দিয়া নাই।

সেই দৰেই হাতত ৰঙা পতাকা লৈ শোষিত, বঞ্চিত, অৱহেলিত জনগণৰ কথা কোৱা সৰ্বহাৰাৰ দল চি পি আই(এমএল) ৰ প্ৰাৰ্থী লক্ষীকান্ত কুৰ্মীৰ মুখতো অৰুণোদয় আঁচনিৰ উপৰিও বিহালীৰ বনৰীয়া হাতী সমস্যা ,চাহ বাগিছা শ্ৰমিকৰ ৩৫১ টকা মজুৰি, ক্ষুদ্ৰ চাহ খেতিয়কৰ সমস্যা, পানীৰ সমস্যা, জলজীৱন মিছনৰ দুৰ্নীতি, মূল্যবৃদ্ধি আদিৰ দৰে সমস্যাৰ বিষয়ে স্থান লাভ কৰিছে।

Also Read: দক্ষিণ শালমাৰা মহুৰীৰচৰত ১০০ বছৰ পুৰণি নাও খেল...

গৌৰৱ গগৈ বিহালী পীযুষ হাজৰিকা