ডিজিটেল সংবাদ বিহালীঃ ক্ৰমাৎ বিহালীত অধিক উষ্ণ হৈ পৰিছে নিৰ্বাচনী গৰম বতাহ৷ ইতিমধ্যে শাসকীয় দলৰ মন্ত্ৰী পীয়ুষ হাজৰীকা আৰু বিধায়ক দিগন্ত কলিতাই বাহৰ পাতি লোৱা বিহালী সমষ্টিত বিজেপি দলৰ শতাধিক দলীয় নেতা, মন্ত্ৰী, বিধায়কেও বাহৰ পাতি নিৰ্বাচনী প্ৰচাৰ চলাইছে৷
তাৰমাজতে বিহালী ৰাজনীতিৰ মূল যুদ্ধা সাংসদ ৰঞ্জিত দত্ত আৰু কংগ্ৰেছ প্ৰাৰ্থী জয়ন্ত বৰাৰ মাজত আৰম্ভ হৈছে বাকবিতণ্ডা৷ ইতিমধ্যে বিহালীৰ প্ৰাক্তন বিধায়ক ৰঞ্জিত দত্ত আৰু কংগ্ৰেছ প্ৰাৰ্থী জয়ন্ত বৰাই যুযুধান ৰূপ লৈছে৷
সৌ সিদিনালৈকে বিহালীৰ প্ৰাক্তন বিধায়ক তথা বৰ্তমানৰ সাংসদ ৰঞ্জিত দত্তৰ নয়নৰ মণি, বুকুৰ আমঠু তথা বিহালী উপ নিৰ্বাচনৰ প্ৰথম আৰু শেষ পচন্দৰ প্ৰাৰ্থী আছিল জয়ন্ত বৰা ৷ হঠাৎ ৰাজনৈতিক পৰিৱেশ সলনি হোৱাৰ লগে লগে বিৰোধী কংগ্ৰেছ দলে জয়ন্ত বৰাক বিহালী উপ নিৰ্বাচনৰ প্ৰাৰ্থী হিচাপে মনোনীত কৰাৰ পিছত সাংসদ ৰঞ্জিত দত্তৰ ঘোৰ ৰাজনৈতিক শত্ৰু হৈ পৰিল একালৰ বুকুৰ আমঠু জয়ন্ত বৰা৷
শেহতীয়াভাৱে বিহালীৰ প্ৰাক্তন বিধায়ক, সাংসদ ৰঞ্জিত দত্তই দলীয় প্ৰাৰ্থী দিগন্ত ঘাটোৱাৰক জয় কৰাই নিবলৈ চলোৱা নিৰ্বাচনী প্ৰচাৰ সভাত কংগ্ৰেছ প্ৰাৰ্থী জয়ন্ত বৰাক কঠোৰ সমালোচনা কৰা পৰিলক্ষিত হৈছে৷ সাংসদ ৰঞ্জিত দত্তই কংগ্ৰেছ প্ৰাৰ্থী জয়ন্ত বৰাক সমালোচনা কৰিবলৈ গৈ নিৰ্বাচনী সভাত উপস্থিত ভোটাৰ ৰাইজক উদেশ্যি কয় যে, ডেৰটা বছৰত কংগ্ৰেছ জিকি কি কৰিব? যিগৰাকী কংগ্ৰেছ প্ৰাৰ্থী আহিছে তেওঁক জিকালেও আপোনালোকৰ হৈ গ'ল৷ মই একো নকওঁ কিন্তু আমি জানো যিগৰাকী প্ৰাৰ্থী দিছে তেওঁ যদি জিকি যায় ইয়াত বহুত মাটিৰ দালাল সৃষ্টি হ'ব৷ আপোনালোকৰো মাটি নেথাকিব৷
আজি সাংসদ ৰঞ্জিত দত্তৰ আক্ৰমণাত্মক বক্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কংগ্ৰেছ প্ৰাৰ্থী জয়ন্ত বৰাই কয় যে, কোন মাটিৰ দালাল, কোন কাঠৰ দালাল, কোন ইটা ভাটাৰ দালাল ৰাইজে ভালকৈ জানে আৰু মাটি দালাল কোন সেই সন্দৰ্ভত বিহালীৰ ৰাইজেহে উত্তৰ দিব, মই উত্তৰ দিব নোৱাৰিম৷
লগতে কংগ্ৰেছ প্ৰাৰ্থী জয়ন্ত বৰাই কয় যে,অহা ১৩ অক্টোবৰ তাৰিখে বিহালীবাসী ৰাইজে বিগত ২৫ বছৰে কোনে কি কৰি আছিল তাৰ এক সম্পূৰ্ণ প্ৰতিচ্ছবি প্ৰকাশ কৰিব। ৰঞ্জিত দত্তৰ ২৫ বছৰীয়া শাসনকালত কোনে কি কৰিছে, কোনে কি দালালি কৰি আছিল বুলিও প্ৰশ্ন কৰে?
আনহাতে,কংগ্ৰেছ দলে বিহালীত বাহিৰৰ মানুহ আনি নিৰ্বাচনী প্ৰচাৰ চলোৱা বুলি সাংসদ ৰঞ্জিত দত্তই কৰা মন্তব্যক প্ৰত্যাহ্বান জনাই কংগ্ৰেছ প্ৰাৰ্থী জয়ন্ত বৰাই কয় যে ভাৰতীয় জাতীয় কংগ্ৰেছৰ কোনগৰাকী মন্ত্ৰী আছে? কোন মন্ত্ৰী অলিয়ে-গলিয়ে ঘূৰি আছে? বৰ্তমান কংগ্ৰেছ চৰকাৰ নাই৷ গতিকে আমাৰ কোনজন মন্ত্ৰী আছে যে বিহালীত প্ৰচাৰ চলাব?
বৰাই কয়, বিহালীত ৰাইজে প্ৰচাৰ চলাইছে। বেলেগৰ পৰা কাকো আনিব নেলাগে৷ বিহালীৰ ৰাইজেই এজন এজন ষ্টাৰ কেম্পেইনাৰ৷ প্ৰত্যেক জন সৰ্বসাধাৰণ ৰাইজে ষ্টাৰ কেম্পেইনাৰে হিচাপে অলিয়ে-গলিয়ে কাম কৰি আছে৷
Also Read: গছ কটাৰ সপক্ষে হোৱা আন্দোলনেহে ৰক্ষা কৰিব দীঘলীপুখুৰীৰ ঐতিহ্য...