ডিজিটেল সংবাদ, ছয়দুৱাৰ:-নিজৰ সাত বছৰ বয়সীয়া পুত্ৰক হত্যা কৰি পিতৃয়ে আত্মহত্যাৰ দৰে চৰম পন্থা বাছি লোৱাৰ ৰাজ্য জোকাৰি যোৱা শিহৰণকাৰী ঘটনাটোৰ ১২ দিনৰ পিছত একাধিক গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰি চিদানন্দ শইকীয়াই সাংবাদ মাধ্যমৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী,স্বাস্থ্যমন্ত্ৰী আৰু আৰক্ষী সঞ্চালক প্ৰধানৰ দৃষ্টি আকৰ্ষণ কৰিছে বহুবোৰ গুৰুত্বপূৰ্ণ বিষয়।
উল্লেখযোগ্য যে বিশ্বনাথ জিলাৰ গহপুৰ আৰক্ষী থানাৰ অন্তৰ্গত সোলেঙীৰ মৃগাংক শইকীয়া(৩২)ই যোৱা ৭ নৱেম্বৰৰ সন্ধিয়া তেওঁৰ সাত বছৰীয়া পুত্ৰ আয়ুস্মান শইকীয়াক হত্যা কৰাৰ পিছত ৮ নৱেম্বৰৰ পুৱা চিপ লোৱা অৱস্থাত উদ্ধাৰ হৈছিল মৃগাংকৰ মৃতদেহ। উক্ত শিহৰণকাৰী ঘটনাটোৰ ১২ দিনৰ পিছত ঘৰত এক সংবাদ মেল সম্বোধন কৰি অসমৰ চৰকাৰী ব্যৱস্থাত চলি অহা বিভিন্ন দুৰ্নীতি আৰু অনিময়ৰ তথ্য প্ৰকাশ কৰি তীব্ৰ ক্ষোভ আৰু অসন্তুষ্টি প্ৰকাশ কৰিছে নিহত মৃগাংক শইকীয়াৰ ব্যৱসায়ী পিতৃ তথা আয়ুস্মানৰ ককাক চিদানন্দ শইকীয়াই।
উক্ত ঘটনাটোৰ পিছত যোৱা ৮ নৱেম্বৰত দুটাকৈ মৃতদেহ মৰুণোত্তৰ পৰীক্ষাৰ নামত মুঠ ২৫ হাজাৰ টকা ভৰিবলগীয়া হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰি কয় যে, সেইদিনা শোকবিহ্বল দুৰ্ভগীয়া পৰিয়ালটোক গহপুৰ আৰক্ষীয়ে মৃতদেহ দুটা মৰণোত্তৰ পৰীক্ষাৰ বাবে বিহালীলৈ নিবলৈ গাড়ী যোগাৰ কৰি নিদিয়াত তেওঁ নিজেই গাড়ীৰ ব্যৱস্থা কৰিবলগীয়া হয়। ফলত গহপুৰৰ পৰা বিহালীৰ মৰণোত্তৰ পৰীক্ষা কেন্দ্ৰলৈ প্ৰায় ৩০ কিলোমিটাৰ দূৰত্বৰ বাবে দুখন এম্বুলেঞ্চ ৭ হাজাৰকৈ মুঠ ১৪ হাজাৰ টকাত ভাড়া কৰি
মৰুণোত্তৰ পৰীক্ষাৰ বাবে নিবলগীয়া হয় মৃতদেহ দুটা।
ইপিনে-বিহালী খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ মৰণোত্তৰ পৰীক্ষা কেন্দ্ৰত মৃতদেহ দুটা মৰণোত্তৰ পৰীক্ষাৰ বাবে সাজু কৰাৰ আগমুহূৰ্তত সংশ্লিষ্ট চিকিৎসকে আৰম্ভ কৰে নিকৃষ্ট দৰ-দাম। চিদানন্দ শইকীয়াই কোৱা মতে যোৱা ৮ নৱেম্বৰৰ দিনা তাত মৃতদেহ দুটা মৰণোত্তৰ পৰীক্ষা কৰা সংশ্লিষ্ট চিকিৎসকে তেওঁৰ পৰা আদায় কৰিছিল ৩ হাজাৰকৈ মুঠ ৬ হাজাৰ টকা।
উক্ত ৬ হাজাৰ টকা আদায় নিদিয়া পৰ্য্যন্ত মৃতদেহ ইফাল সিফাল কৰা নাছিল কৰ্তব্যৰত চিকিৎসকে। কেৱল ইমানেই নহয় উক্ত মৰণোত্তৰ পৰীক্ষা কেন্দ্ৰৰ ছুইপাৰজনক এটা মৃতদেহৰ বিনিময়ত ২৫০০ টকাকৈ মুঠ ৫ হাজাৰ টকা আদায় দিবলগীয়া হয় চিদানন্দ শইকীয়াই।
ইপিনে ঘৰৰ পৰা প্ৰায় দুই কিলোমিটাৰ নিলগৰ বড়িগাঁও তিনিআলিৰ সমীপত ৮ নৱেম্বৰৰ পুৱা চিপ লোৱা অৱস্থাত মৃগাংকৰ মৃতদেহ উদ্ধাৰ হোৱা ১২ দিন উকলি যোৱাৰ পিছতো গহপুৰ আৰক্ষীয়ে উদ্ধাৰ কৰিব নোৱাৰিলে মৃগাংকই লৈ যোৱা এ এছ ৩২ এ ৩০৪৫ নম্বৰৰ টিভিএছ কোম্পানীৰ এন্ট্ৰ' স্কুটীখন। উল্লেখযোগ্য যে-৭ নৱেম্বৰৰ সন্ধিয়া পুত্ৰক হত্যা কৰি উক্ত স্কুটীখনেৰে ঘৰৰ পৰা পলায়ন কৰিছিল মৃগাংকই।
৮ নৱেম্বৰৰ পুৱা মৃগাংকৰ মৃতদেহ চিপ লোৱা অৱস্থাত উদ্ধাৰ হোৱাৰ পিছত তেওঁ পিন্ধি থকা লংপেণ্টটোৰ ককালত ওলোমাই ৰখা অৱস্থাত উদ্ধাৰ হৈছিল স্কুটীখনৰ চাবিটো। চিদানন্দ শইকীয়াৰ মতে মৃগাংকই আত্মহত্যা কৰা স্থানৰ পৰা দুই কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰতে আছে স্কুটীখন।
কিন্তু আজিলৈকে উক্ত স্কুটীখন উদ্ধাৰ কৰাৰ ক্ষেত্ৰত গহপুৰ আৰক্ষীয়ে কোনোধৰণৰ তৎপৰতা অৱলম্বন নকৰাত তীব্ৰ ক্ষোভ আৰু অসন্তুষ্টি প্ৰকাশ কৰে চিদানন্দ শইকীয়াই। আনহে নালাগে উক্ত হত্যাকাণ্ডটো সংঘটিত হোৱা যোৱা ৭ নৱেম্বৰৰ সন্ধিয়া তেওঁৰ ঘৰলৈ গৈ নিশালৈকে থকা গহপুৰ আৰক্ষীৰ কোনো এজন বিষয়া আজিলৈকে তেওঁৰ ঘৰত উপস্থিত নোহোৱা কাৰ্য্যকো কঠোৰ ভাষাৰে সমালোচনা কৰে।
তদুপৰি সন্ধানহীন হৈ থকা স্কুটীখনৰ সম্পৰ্কত আজিলৈকে তেওঁৰ লগত কোনোধৰণৰ যোগাযোগ কৰা নাই গহপুৰ আৰক্ষীয়ে। অসমৰ আৰক্ষী আৰু স্বাস্থ্য বিভাগৰ ফোপোলা স্বৰূপ উদঙাই চিদানন্দ শইকীয়াই সংবাদ মেল সম্বোধন কৰি উথাপন কৰা অভিযোগসমূহ ৰাজহুৱা কৰাৰ কাৰণ সম্পৰ্কত চিদানন্দ শইকীয়াই কয় যে ভৱিষ্যতে যাতে তেওঁৰ দৰে আন লোক হাৰাশাস্তিৰ সন্মুখীন হ'বলগীয়া নহয়।
মৃতদেহৰ চাল টানি খায় বিহালীৰ মৰণোত্তৰ কেন্দ্ৰত
বিশ্বনাথ জিলাৰ বিহালী খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত থকা মৰণোত্তৰ পৰীক্ষা কেন্দ্ৰত যেন চাল টানি খাই মৃতদেহৰ। অৰ্থাৎ উক্ত মৰণোত্তৰ পৰীক্ষা কেন্দ্ৰলৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে নিয়া প্ৰতিটো মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ নামত ৩ পৰা ৫ হাজাৰকৈ লয় চিকিৎসকে।
মৃতদেহ মৰ্গত থৈ নিকৃষ্ট দৰদাম কৰা চিকিৎসকক উক্ত পৰিমাণৰ ধন আদায় নিদিয়ালৈকে মৃতদেহত হাত নিদিয়ে সংশ্লিষ্ট চিকিৎসকে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দুৰ্নীতি মুক্ত চৰকাৰৰ দিনত এতিয়া এয়াই বাস্তৱ সত্য হৈ পৰিছে বিহালীৰ মৰণোত্তৰ পৰীক্ষা কেন্দ্ৰত।
ইপিনে কিছুমান সন্দেহজনক ঘটনা আৰু হত্যাকাণ্ডৰ ক্ষেত্ৰত মৃতদেহ পৰীক্ষা কৰি "নৰ্মেল ৰিপ'ৰ্ট" দিয়াৰ ক্ষেত্ৰটো বুজন পৰিমাণৰ ধনৰ লেনদেন হৈ অহাৰো দীৰ্ঘদিনৰে পৰা অভিযোগ উত্থাপন হৈ আহিছে। এনে কাৰণতেই সন্দেহজনক আত্মহত্যা আৰু হত্যাকাণ্ডৰ দৰে অভিযোগত অভিযুক্ত অপৰাধী আদালতত সাৰি যায় বুলি মন্তব্য কৰিছে সচেতন ৰাইজে।
বিহালী মৰণোত্তৰ পৰীক্ষা কেন্দ্ৰত চলি অহা ধনৰ লেনদেনৰ এই কাৰোবাৰ অতি সোনকালে বন্ধ কৰিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত কঠোৰ দাবী জনাইছে সচেতন ৰাইজে। ইপিনে বিহালী মৰণোত্তৰ পৰীক্ষা কেন্দ্ৰত মৃতদেহ পৰীক্ষা কৰাৰ নামত প্ৰতিটো মৃতদেহৰ বিপৰীতে ৩ পৰা ৫ হাজৰকৈ ধন সংগ্ৰহ কৰি অহাৰ অভিযোগত অভিযুক্ত হৈ আহিছে "বিশ্বাসী" উপাধীৰ এগৰাকী ঘোচখোৰ চিকিৎসক।
এইগৰাকী চিকিৎসকক অতি শীঘ্ৰে বিহালীৰ পৰা বদলিৰ দাবী জনাইছে স্থানীয় ৰাইজে। ইপিনে বিহালী মৰণোত্তৰ পৰীক্ষা কেন্দ্ৰত চৰকাৰী ভাবে নিযুক্ত স্থায়ী ছুইপাৰ নথকাত ইয়াৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰি আহিছে অস্থায়ী ছুইপাৰজনে। যাৰ বাবে মৃতদেহৰ আত্মীয়ই এই অস্থায়ী ছুইপাৰজনকো দিবলগীয়া হৈ আহিছে তেওঁ দাবী কৰা ধৰণে জোখতকৈ অতিৰিক্ত মাননী।