বাংলাদেশত হিন্দু সকলৰ ওপৰত হোৱা নিৰ্যাতনৰ বাবে জলপাইগুৰিৰ উত্তৰ বংগত বংগ সেনাৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন...

বাংলাদেশত হিন্দু সকলৰ ওপৰত হোৱা নিৰ্যাতনৰ বাবে জলপাইগুৰিৰ উত্তৰ বংগত বংগ সেনাৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন...

author-image
Asomiya Pratidin
New Update
বাংলাদেশত হিন্দু সকলৰ ওপৰত হোৱা নিৰ্যাতনৰ বাবে জলপাইগুৰিৰ উত্তৰ বংগত বংগ সেনাৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন...

ডিজিটেল সংবাদ,হাওৰাঘাটঃ বাংলাদেশৰ পৰা নিৰ্যাতিত আৰু নিপিড়িত হৈ ভাৰতবৰ্ষত বসতি স্থাপন কৰি থকা বংগভাষী লোকৰ দ্বাৰা পৰিচালিত হোৱা অসমৰ বংগসেনা নামৰ এটা সংগঠনৰ নেতৃত্বত শুক্ৰবাৰে জলপাইগুৰিৰ জিলাৰ অন্তৰ্গত শিলিগুড়িৰ উত্তৰ বংগত অনুষ্ঠিত কৰা এক প্ৰতিবাদী কাৰ্যসূচীত বাংলাদেশত হিন্দুৰ ওপৰত হোৱা নিৰ্মম অত্যাচাৰ আৰু শাৰীৰিকভাৱে কৰা নিৰ্যাতনৰ বাবে এক প্ৰবল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয় ।

এই সন্দৰ্ভত বংগসেনা নামৰ সংগঠনটোৰ নেতা ক্ৰমে উত্তৰ বংগৰ বংগসেনা সংগঠনৰ সেনানায়ক শংকৰ দাস, বংগসেনাৰ সাংগঠনিক সহ সেনানায়ক নকুল দাস, কেন্দ্ৰীয় সমিতিৰ সভাপতি গুণধৰ দাস, অসম বংগসেনাৰ সেনানায়ক নাৰায়ণ দাস, মঞ্জুৰাণী ৰয় আৰু কলকাতাৰ পৰা অহা বংগসেনা সংগঠনৰ মুখপাত্ৰ বিমল মাঝিয়ে শিলিগুড়িৰ উত্তৰ বংগত জিলাৰ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি সংবাদ মাধ্যমৰ জৰিয়তে কয় যে বাংলাদেশত হিন্দুৰ ওপৰত দীৰ্ঘদিনৰ পৰা অমানুষিক অত্যাচাৰ আৰু শাৰীৰিকভাৱে নিৰ্যাতন চলাই অহা হৈছে আৰু ইয়াৰ বাস্তৱ প্ৰতিফলন হিচাপে ২০২৪ চনত হোৱা শেহতীয়া উদাহৰণে হৈছে ইয়াৰ প্ৰমাণ ।

এই ক্ষেত্ৰত ভাৰত চৰকাৰ আৰু ৰাষ্ট্ৰ সংঘৰ সহায় সহযোগিতা কৰাৰ দাবী উত্থাপন কৰিছে । ইপিনে বংগসেনাৰ নেতৃত্বই প্ৰতিবাদী কাৰ্যসূচীৰ পৰাই সংবাদ মাধ্যমৰ জৰিয়তে বাংলাদেশ চৰকাৰৰ ওচৰতো দাবী উত্থাপন কৰি কয় বাংলাদেশৰ ছয়খন জিলা ক্ৰমে খোলনা, বৰিশাল, ফৰিদপুৰ, কুষ্টিয়া, যশূৰ আৰু পটুৱা খালিক লৈ এখন স্বাধীন বংগভূমি গঠনৰ দাবী উত্থাপন কৰে । ভাৰতবৰ্ষত বসবাস কৰি থকা বংগভাষী একাংশ লোকসকলে বাংলাদেশৰ ছয়খন জিলাক লৈ স্বাধীন বংগভূমি গঠনৰ দাবী কৰি আহিছে ।

কাৰ্বি আংলং, অসম তথা ভাৰতৰ একো বস্তুৰ ওপৰত তেওঁলোকৰ দাবী নাই কিন্তু বাংলাদেশৰ ছয়খন জিলাক লৈহে তেওঁলোকৰ স্বাধীন বংগভূমিৰ দাবী বুলি সংবাদ মাধ্যমৰ জৰিয়তে বংগসেনাৰ নেতৃত্বই প্ৰকাশ কৰে । বংগসেনাৰ এই প্ৰতিবাদী কাৰ্যসূচীত কলকাতা, ছত্তীছগঢ়, দক্ষিণ বংগ,কাৰ্বি আংলং জিলা অসমৰ লগতে বিভিন্ন প্ৰান্তৰ দেৰ শতাধিক পুৰুষ মহিলা বংগসেনাৰ কৰ্মকৰ্তা সকলে অংশগ্ৰহণ কৰে ।

বাংলাদেশ