ডিজিটেল সংবাদ,জামুগুৰিহাটঃ ঐতিহ্যমণ্ডিত বাৰেচহৰীয়া ভাওনা মহোৎসৱ উদযাপন সমিতিৰ সংবাদমেল। দেশৰ ভিতৰতে একক বৃহৎ সামাজিক সাংস্কৃতিক অনুষ্ঠান হিচাবে পৰিচিত জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত বাৰেচহৰীয়া ভাওনা মহোৎসৱ।
এই ভাওনা মহোৎসৱখনি অহা ৬ মাৰ্চৰপৰা ৯ মাৰ্চলৈ চাৰিদিনীয়া বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব ৷ বাৰেচহৰীয়া ভাওনা উদযাপন সমিতিয়ে বুধবাৰে এই সন্দৰ্ভত এক সংবাদমেল অনুষ্ঠিত কৰি সমূহ কাৰ্য্যসূচীৰ সন্দৰ্ভত ৰাইজক অৱগত কৰোৱাৰ লগতে বাৰেচহৰীয়া ভাওনা মহোৎসৱ উদযাপন সমিতৰ তৰফৰ পৰা Barechahariya Bhawna Mohutsav Udjapan Samittee.A/C No.341042010008232. IFSC-HDFC OC AC ABL. নম্বৰৰ বেংক একাউণ্ট মুকলি কৰি দি সকলো শ্ৰেণীৰ ৰাইজক বাৰেচহৰীয়া ভাওনা মহোৎসৱৰ সফল ৰূপায়নৰ বাবে সাধ্যানুসাৰে দান বৰঙনি আগ বঢ়াবলৈ আহৱান জনায়।
Also Read: ছুমুকেডিমাৰ নিৰ্বাচনী সভাত কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে