মৰঙিত সদৌ অসম ভাওনা প্ৰতিযোগিতাৰ উদ্বোধন

শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টি ৰাজিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ লক্ষ্যৰে গোলাঘাট জিলাৰ মৰঙিৰ পুষ্পবিলাস বৈকুণ্ঠ ক্ষেত্ৰত

author-image
Asomiya Pratidin
New Update
মৰঙিত সদৌ অসম ভাওনা প্ৰতিযোগিতাৰ উদ্বোধন

ডিজিটেল সংবাদ, নুমলীগড় : শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টি ৰাজিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ লক্ষ্যৰে গোলাঘাট জিলাৰ মৰঙিৰ পুষ্পবিলাস বৈকুণ্ঠ ক্ষেত্ৰত আৰোহন যুৱ সংঘৰ উদ্যোগত আৰু গোলাঘাটবাসী ৰাইজৰ সহযোগত ২৬ জানুৰাৰীৰ পৰা ৮ ফেব্ৰুৱাৰীলৈ ১৪ দিনিয়াকৈ অনুস্থিত হৈছে ভাওনা প্ৰতিযোগিতাৰ ৷ প্ৰথম দিনৰ পুৱাৰে পৰা গুৰুজনাৰ আদৰ্শৰে ধৰ্মীয় সকলো নীতি নিয়মেৰে কৰ্ম সম্পাদনৰ অন্তত সন্ধিয়া ভাওনাৰ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হয় ৷

ভাওনাৰ ৰঙ্গালয় উদ্বোধন কৰে সাহিত্য শিল্পী পেঞ্চনাৰ , ভাওনাৰত্ন তথা কমলাবাৰী সত্ৰৰ বুঢ়াভকত সোনাৰম শৰ্মাই ৷ মুখ্য অতিথি বিধায়ক বিশ্বজিত ফুকন , বিশিষ্ট অতিথি নুমলীগড় শোধনাগাৰৰ পৰিচালন সঞ্চালক ভাস্কৰজ্যোতি ফুকন আৰু মুখ্য মহাপ্ৰবন্ধক ড° কাজল শইকীয়া উপস্থিত থাকে ৷

ইয়াৰ পিছতে প্ৰথম নিশাৰ পদ্মনাভ সাংস্কৃতিক নাট্যগোষ্ঠীয়ে “দস্যু ৰত্নাকৰৰ মুক্তিলাভ“ নাট পৰিবেশন কৰে ৷ উল্লেখযোগ্য যে ১৪ দিনৰ প্ৰতিযোগিতাত অসমৰ বিভিন্ন জিলাৰ ২৫ টাকৈ নাট্যদলে ভাওনা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে বুলি আয়োজক সমিতিয়ে জানিবলৈ দিয়ে।

আৰু পঢ়কঃ মঙলদৈত চাঞ্চল্য! কুকুৰে খালে নৱজাতকৰ মৃতদেহ

bhaona srimanta sankardeva