৬০ উৰ্দ্ধৰ ভাৱৰীয়াই পৰিৱেশন কৰিলে "ৰাম পৰাজয়, সীতাৰ পাতালগমণ"

৬০ উৰ্দ্ধৰ ভাৱৰীয়াই পৰিৱেশন কৰিলে "ৰাম পৰাজয়, সীতাৰ পাতালগমণ"

author-image
Asomiya Pratidin
New Update
৬০ উৰ্দ্ধৰ ভাৱৰীয়াই পৰিৱেশন কৰিলে "ৰাম পৰাজয়, সীতাৰ পাতালগমণ"

ডিজিটেল সংবাদ, সৰুপথাৰঃ বৃহস্পতিবাৰে নিশা ধনশিৰি মহকুমাৰ বৰপথাৰৰ ১ নং তামুলীগাঁৱৰ শংকৰদেৱ নামঘৰত ৬০ উৰ্দ্ধৰ বয়সৰ ভাৱৰীয়াই পৰিৱেশন কৰিলে " ৰাম পৰাজয়, সীতাৰ পাতালগমণ" ভাওনা। উপস্থিত সকলোকে আকৰ্ষিত কৰিলে ৬০ উৰ্দ্ধৰ বয়সৰ ভাৱৰীয়াই ভাও লোৱা এই ভাওনাখনে৷

উল্লেখযোগ্য যে, বৰ্তমান সময়ত মহাপুৰুষীয়া ভাওনাই আধুনিকতাৰ ৰূপ লৈ বিপথে পৰিচালিত হোৱাত ব্যথিত হৈছে বৰপথাৰ বিলগাঁও, তামুলী গাঁৱ তথা ইয়াৰ দাতিকাষৰীয়া বয়োজ্যেষ্ঠসকলক লৈ গঠন হোৱা এনাজৰী সাংস্কৃতিক গোষ্ঠী ৷ সেয়েহে, মহাপুৰুষজনাৰ সৃষ্টিৰাজিক সঠিকভাৱে জীয়াই ৰখাৰ স্বাৰ্থত বয়োজ্যেষ্ঠসকলে গ্ৰহণ কৰা এই পদক্ষেপৰ শলাগ লৈছে স্থানীয় ৰাইজে৷

উল্লেখযোগ্য বয়োজ্যেষ্ঠসকলৰ এই উৎসাহ দেখি গাঁওখনৰ ডেকাসকলো উঠিপৰি অহাৰ লগতে যথেষ্টসংখ্যক ৰাইজে নাটখনি উপভোগ কৰে ৷

bhaona