ৰাজ্যত পালন কৰা হ’ব ভাষা গৌৰৱ সপ্তাহ...

ৰাজ্যত পালন কৰা হ’ব ভাষা গৌৰৱ সপ্তাহ...

author-image
Asomiya Pratidin
New Update
শৰাইঘাটৰ ৰণত আছিল নৰ হাজৰিকা, বাঘ হাজৰিকা এক কাল্পনিক চৰিত্ৰহে: মুখ্যমন্ত্ৰী

himanta biswa sarma

ডিজিটেল ডেস্কঃ অসমীয়া ভাষালৈ ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদানৰ পাছতে ৩ নৱেম্বৰৰ পৰা ৯ নৱেম্বৰলৈ উদ্‌যাপন কৰা হ’ব ‘ভাষা গৌৰৱ সপ্তাহ’। অসম চৰকাৰৰ উদ্যোগত পালন কৰা হ’ব ভাষা গৌৰৱ সপ্তাহ। এই কাৰ্যসূচীৰ জৰিয়তে অসমীয়া ভাষাক সমৃদ্ধ কৰা লেখক-পণ্ডিতক শ্ৰদ্ধা জনোৱা হ’ব ।

এই কথা দেওবাৰে এক্সযোগে প্ৰকাশ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সপ্তাহজোৰা এই অনুষ্ঠানৰ লক্ষ্য হৈছে অসমীয়া মানুহৰ চহকী সাংস্কৃতিক ঐতিহ্য আৰু ভাষিক গৌৰৱক প্ৰচাৰ কৰা। এই সময়তে ৰাজ্য চৰকাৰে প্ৰধানমন্ত্ৰীকো ধন্যবাদ জনাব।

তেওঁ কয়, ‘যোৱা ৩ অক্টোবৰত মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে আনুষ্ঠানিকভাৱে অসমীয়া ভাষাটিক ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি প্ৰদান কৰিছিল। এই ঐতিহাসিক স্বীকৃতিক উদযাপনৰ অৰ্থে অসমে ৩ৰ পৰা ৯ নৱেম্বৰ ২০২৪লৈ ‘ভাষা গৌৰৱ সপ্তাহ’ পালন কৰিব।’

লগতে জনাই যে,এই বিশেষ সপ্তাহটোত বিশ্ববিদ্যালয়, বিদ্যালয় আৰু নাগৰিক সমাজৰ সংগঠনসমূহৰ দ্বাৰা চতুৰ্থ শতিকাৰ পৰা আমাৰ ভাষাটিৰ উত্তৰণৰ যাত্ৰাত অনন্য অৱদানেৰে সমৃদ্ধ কৰা অসমীয়া সাহিত্যিক আৰু পণ্ডিতসকলৰ অৱদানক সন্মান জনোৱাৰ বাবে অনুষ্ঠানৰ আয়োজন কৰা হ’ব।

Also Read: ৰাইডঙীয়াৰ নিৱাসী মিঠুন দাসৰ অকাল মৃত্যু...

bhasa gaurav saptah