কাঞ্চনজংঘা জয় দুই অসমীয়াৰ, শীৰ্ষত উৰুৱালে ত্ৰিৰংগাসহ অসমীয়াৰ স্বাভিমান গামোচা

কাঞ্চনজংঘাৰ শীৰ্ষত আৰোহণ দুই অসমীয়াৰ। পৰ্বতাৰোহী ভাস্কৰ বৰুৱা আৰু জয়ন্ত নাথে জয় কৰিলে কাঞ্চনজংঘা পৰ্বত।

author-image
Asomiya Pratidin
New Update
কাঞ্চনজংঘা জয় দুই অসমীয়াৰ, 
শীৰ্ষত উৰুৱালে ত্ৰিৰংগাসহ অসমীয়াৰ স্বাভিমান গামোচা

ডিজিটল ডেস্কঃ পুনৰ অসমক গৌৰাৱান্বিত কৰিলে দুই অসমীয়াই।অদম্য সাহস আৰু আত্মবিশ্বাসী দুই অসমীয়া যুৱক ভাস্কৰ বৰুৱা আৰু জয়ন্ত নাথে কাঞ্চনজংঘাৰ শীৰ্ষত আৰোহণ কৰিবলৈ সক্ষম হয়।

কাঞ্চনজংঘা জয় কৰি দুই অসমীয়াই উৰুৱালে ত্রিৰংগাসহ অসমীয়াৰ স্বাভিমান গামোচা। অসম পৰ্বতাৰোহী সংস্থাৰ হৈ অভিযানত নামিছিল দুয়ো। সংস্থাটোৰ লগতে অসমৱাসীয়ে দুয়োকে লৈ গৌৰৱান্বিত হৈছে।

দুয়োগৰাকী পৰ্বতাৰোহীক অভিনন্দন জ্ঞাপন কৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই। মানস বৰুৱাৰ নেতৃত্বত যোৱা দলটোত আছিল ৫গৰাকী পৰ্বতাৰোহী। দলটোত আছিল- ডাঃ জগদীশ বসুমতাৰী, উপেন চক্রৱৰ্তী, কৌশিক দাস, ভাস্কৰ বৰুৱা, জয়ন্ত নাথ, শেখৰ বৰদলৈ।

মাউণ্ট কাঞ্চনজংঘা অভিযান-২০২৩ আনুষ্ঠানিকভাৱে ৰাষ্ট্ৰপতি দ্ৰৌপাদি মুৰ্মুয়ে ফ্লেগ অফ কৰিছিল। ৰাষ্ট্ৰপতি মুৰ্মুৱে অসম ভ্ৰমণৰ সময়ত কাঞ্চনজংঘাৰ সৌন্দৰ্যক প্ৰকৃতিৰ এক অনন্য সৃষ্টি বুলি দলটোত শুভেচ্ছা জ্ঞাপন কৰিছিল। এই অভিযানত তেওঁলোকে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰো সমৰ্থন লাভ কৰিছিল।

ৰাজ্যৰ ক্ৰীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয়ৰ পৃষ্ঠপোষকতা আৰম্ভ হৈছিল মাউণ্ট কাঞ্চনজংঘা অভিযান-২০২৩ ।

Also Read: বিলাসীপাৰাত দুৰ্বৃত্তৰ গুলীত নিহত প্ৰতিষ্ঠিত ব্যৱসায়ী

assam mountaineering association Kanchenjunga