১০ বছৰ পাছত গণিত শিক্ষক পালে ভাটি মেদক হাইস্কুলে!

লখিমপুৰ জিলা চক্ৰৰ অন্তৰ্গত ঢকুৱাখনা মহকুমাৰ ভাটি মেদক উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষাৰ্থী সকলে অৱশেষত প্ৰাপ্য পালে

author-image
Asomiya Pratidin
New Update
১০ বছৰ পাছত গণিত শিক্ষক পালে ভাটি মেদক হাইস্কুলে!

ডিজিটেল সংবাদ, ঢকুৱাখনা: লখিমপুৰ জিলা চক্ৰৰ অন্তৰ্গত ঢকুৱাখনা মহকুমাৰ ভাটি মেদক উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষাৰ্থী সকলে অৱশেষত প্ৰাপ্য পালে। সুদীৰ্ঘ ১০ বছৰ ধৰি এজনো গনিত বিষয়ৰ শিক্ষক নোহোৱাকৈ শিক্ষাৰ্থী সকলে শিক্ষা গ্ৰহণ কৰি অহা দুৰ্দশাৰ বাতৰি "অসমীয়া প্ৰতিদিন ডিজিটেল"ত যোৱা ২ ছেপ্টেম্বৰত প্ৰকাশ হৈছিল।

গুণগত শিক্ষাদান পদ্ধতিত হেঙাৰ হৈ থিয় দিয়া এই শিক্ষকবিহীন অৱস্থা সন্দৰ্ভত বাতৰি প্ৰকাশৰ পাছতেই শুক্ৰবাৰে এগৰাকী গণিত বিষয়ৰ শিক্ষকে বিদ্যালয়খনত যোগদান কৰে। বিদ্যালয়খনত শিক্ষা বিভাগে নিযুক্তি দিয়া পৰাগ খনিকৰ নামৰ শিক্ষকজনে উক্ত বিদ্যালয়খনত নিযুক্তি লাভ কৰাৰ পাছতো বিগত দুটা মাহে কৰ্মথলীত যোগদান নকৰি বিভাগীয় নিৰ্দেশলৈ বুঢ়া আঙুলি দেখুৱাই আহিছিল।

এই সন্দৰ্ভত অন্য এক বাতৰি "অসমীয়া প্ৰতিদিন ডিজিটেল"ত ৪ ছেপ্টেম্বৰত প্ৰকাশৰ পাছতে বৃহস্পতি বাৰে জিলাখনৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক হেম চন্দ্ৰ শইকীয়া আৰু আঁচনি বিষয়া ভবেন ভৰালীয়ে বিদ্যালয়খন পৰিদর্শন কৰে। বিদ্যালয়খনৰ শ্ৰেণী ভিত্তিত শিক্ষাৰ্থী সকলৰে মত বিনিময় কৰি, প্ৰকৃত ছাত্ৰ ছাত্ৰীৰ পৰিমাণ পৰিদর্শন কৰি পূৰ্বৰ নিযুক্ত শিক্ষক পৰাগ খনিকৰক যোগদানৰ নিশ্চিতি দিয়ে বিদ্যালয় প্ৰধান শিক্ষক প্ৰফু নাথ মেদকক।

সেই অনুক্ৰমে শুক্ৰবাৰে বিগত দুমাহ ধৰি যোগদান নকৰাকৈ থকা বেপৰোৱা শিক্ষক পৰাগ খনিকৰে যোগদান কৰিবলৈ বাধ্য হয়। পূৰ্বৰ কৰ্মথলীৰ পৰা অব্যাহতি লৈ নতুন কৰ্মথলীত দুমাহে যোগদান নকৰা খনিকৰৰ এনে দায়িত্বহীন স্থিতিৰ কি অনুশাসনমূলক ব্যৱস্থা জিলাখনৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক গৰাকীয়ে গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব ।

সুদীৰ্ঘ ১২ বছৰে এগৰাকী গণিত বিষয়ৰ শিক্ষক নোহোৱাকৈ শিক্ষা বিভাগে ৰখাৰ পাছত "অসমীয়া প্ৰতিদিন ডিজিটেল"ত বাতৰি প্ৰকাশ হোৱাৰ পাছতেই এই কোটি কলীয়া অভাৱৰ স্থায়ী সমাধান হোৱাত বিদ্যালয় প্ৰধান ,পৰিচালনা সমিতি আৰু অভিভাৱক ৰাইজে সন্তুষ্টি প্ৰকাশ কৰিছে ।

Also Read: শিক্ষা  বিভাগৰ নিৰ্দেশ নমনা  শিক্ষককলৈ বিপাঙত ছাত্ৰ-ছাত্ৰী