ডিজিটেল সংবাদ, ঢকুৱাখনাঃ ঢকুৱাখনা সমজিলাৰ অন্তৰ্গত ভোমাজাৰণি উচ্চ মাধ্যমিক বিদ্যালয়ত উদ্ভৱ হোৱা জটিল পৰিস্থিতিকলৈ বৃহস্পতি বাৰে এখন গুৰুত্বপূৰ্ণ ৰাজহুৱা সভা অনুষ্ঠিত হয় । ১৯৮৮ চনতে স্থাপিত বিদ্যালয়খনৰ প্ৰধান শিক্ষক গোবিন বৰুৱাৰ দায়িত্বহীনতাৰ লগতে বেপৰোৱা নীতিৰ বাবে বিদ্যালয়খনৰ এগৰাকী শিক্ষার্থী দশম শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ পৰা বঞ্চিত হোৱা আৰু বিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষকৰ পদত জ্যেষ্ঠতাৰ নীতি উলংঘা কৰাৰ বিষয়কলৈ বৃহস্পতি বাৰে ৰাজহুৱা সভাখন অনুষ্ঠিত হয় ।
বিদ্যালয় প্ৰাঙ্গনত দুপৰীয়া অনুষ্ঠিত সভাত সভাপতিত্ব কৰে বিশিষ্ট নাগৰিক সোণোৱাল পেগুৱে । সভাৰ অন্যতম আহ্বায়ক জ্যোতি পেগুৱে উদ্দেশ্য ব্যাখা কৰা সভাত বিদ্যালয়খনত পঞ্চম শ্ৰেণীৰ পৰা অধ্যয়ন কৰি অহা নিয়মীয়া ছাত্ৰ মাধৱ দলেৰ এটা শিক্ষা বৰ্ষ বিনষ্ট কৰা ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক গোবিন বৰুৱাৰ অকমন্যতা আৰু কম্পিউটাৰ কাম পৰিচালনা কৰা সহকাৰী শিক্ষক উৎপল চুতীয়াৰ ওপৰত কঠোৰ শাস্তি হোৱাৰ সপক্ষে বিভিন্ন বক্তাই মতপোষণ কৰে ।
সভাত দশম শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ পৰা বঞ্চিত ছাত্ৰজনৰ লগতে পিতৃ উপস্থিত থাকি কেৱল শিক্ষানুষ্ঠানৰ মূৰব্বীৰ অদক্ষতাৰ বাবেই পুত্ৰৰ দশম শ্ৰেণীৰ পঞ্জীয়ন সম্ভৱ নোহোৱা বুলি কৈ ছাত্ৰজনৰ শৈক্ষিক ভৱিষ্যত বিপন্ন হোৱা বুলি ক্ষোভেৰে সভাত জনাই । সভাত বিদ্যালয়খনৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক মুহিৰাম পেগু , ৰজনী কান্ত পেগু , স্বৰূপ বৰুৱা,মনোজ দাৰিক, গণেশ লাগাছো , শিক্ষক ফিৰোজ লাগাছো আদিয়ে বক্তব্য আগবঢ়াই এগৰাকী প্ৰধান শিক্ষকৰ লগতে বিদ্যালয়খনৰ সহকাৰী শিক্ষকৰ গুৰুত্বহীনতাৰ বাবেই এই অনাকাংক্ষিত পৰিস্থিতিৰ ছাত্ৰগৰাকী সন্মুখীন হল বুলি কয় ।
সভাত এটা শিক্ষাবৰ্ষ হেৰুৱাই মানসিক ভাৱে ভাগি পৰা ছাত্ৰজনৰ পিতৃয়ে দোষী প্ৰধান শিক্ষক বৰুৱাৰ পৰা ২লাখ টকা ক্ষতিপূৰণ দাবী কৰে । অন্যথাই গোচৰ তৰাৰ সিদ্ধান্ত ৰাজহুৱা সভাত ব্যক্ত কৰে । নিজৰ অকমন্যতাৰ বাবে ৰাজহুৱা সভাতেই ভৎসনাৰ সন্মুখীন হোৱা প্ৰধান শিক্ষক বৰুৱাক ৰাজহুৱা সভাই এই অক্ষমনীয় অপৰাধৰ বাবে জগৰীয়া কৰে । তাৰোপৰি সভাত অহা ৩০ অক্টোবৰত অৱসৰ গ্ৰহণ কৰিব লগা প্ৰধান শিক্ষক গৰাকীৰ পৰৱৰ্তী সময়ত এগৰাকী জ্যেষ্ঠ সহকাৰী শিক্ষকক ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষকৰ দায়িত্ব প্ৰদানৰ ক্ষেত্ৰত আহি পৰা অনাহুত সমস্যাৰ সন্দৰ্ভত বিশদ আলোচনা হয় ।
এই বিষয়ত প্ৰবীণ শিক্ষাবিদ মুহীৰাম পেগু ,বিদ্যালয় পৰিচালনা ও উন্নয়ন সমিতিৰ সভাপতি আলিচন পেগু , ডিম্বেশ্বৰ পেগু , সহকাৰী শিক্ষক উৎপল চুতীয়া, ফিৰোজ পেগু আদিয়ে বক্তব্য আগবঢ়াই। সভাত বিদ্যালয় পৰিচালনা সমিতিৰ লগতে শিক্ষক গোটৰ সিদ্ধান্ত মৰ্মে জ্যেষ্ঠ শিক্ষক ফিৰোজ পেগুক ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষকৰ দায়িত্ব প্ৰদান কৰা , অৱসৰ গ্ৰহণৰ পুর্বে জ্যেষ্ঠ শিক্ষক ফিৰোজ লাগাছোক ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষকৰ দায়িত্ব অৰ্পণ কৰিবলৈ বৰ্তমানৰ প্ৰধান শিক্ষকৰ প্ৰতি আহ্বান জনায় প্ৰস্তাৱ গ্ৰহণ কৰা হয় ।
আজিৰ সভায়ো একেমুখে জ্যেষ্ঠ সহকাৰী শিক্ষক ফিৰোজ লাগাছোক ভাৰপ্ৰাপ্ত দায়িত্ব প্ৰদানৰ বাবে সহমত পোষণ কৰি বিদ্যালয় সমূহৰ পৰিদৰ্শক ,জিলা আয়ুক্তলৈ প্ৰস্তাৱ প্ৰেৰণৰ সিদ্ধান্ত গ্ৰহণ কৰে । তাৰোপৰি সভাত কনিষ্ঠ সহকাৰী শিক্ষক উৎপল চুতীয়াই ৰাইজক আভুৱা ভাৰি ব্যক্ত কৰা বিসংগতিমূলক বক্তব্য আৰু অপপ্ৰচাৰ চলোৱাৰ অভিযোগ উত্থাপন কৰে ।
জ্যেষ্ঠজনক নিলগাই কনিষ্ঠ হৈ প্ৰধান শিক্ষকৰ পদলৈ চুতীয়াই চকু দি অহেতুক পৰিস্থিতি সৃষ্টি কৰা বুলি সভাত উল্লেখ কৰি এই সন্দৰ্ভত লখিমপুৰ জিলা আয়ুক্তক ৰাজহুৱা অভিযোগ দাখিল কৰাৰ সিদ্ধান্ত লৈ প্ৰস্তাৱ গ্ৰহণ কৰে । সেই অনুক্ৰমে কাইলৈ এটা সঁজাতি দল লখিমপুৰ জিলা আয়ুক্তক সাক্ষাৎৰ বাবে যোৱাৰ সভাই কৰ্তৃত্ব প্ৰদান কৰে ।