আজি সুধাকণ্ঠৰ দ্বাদশ মৃত্যু বাৰ্ষিকী

আজি সুধাকণ্ঠৰ দ্বাদশ মৃত্যু বাৰ্ষিকী
Published on
Updated on

ডিজিটেল ডেস্কঃ আজি সুধাকণ্ঠ, ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাৰ দ্বাদশ মৃত্যু বাৰ্ষিকী। অসমী আইৰ বুকু শুদা কৰি ১২ বছৰ পূৰ্বে আজিৰ দিনটোতেই ভাৰতৰ সংগীত জগতৰ অন্যতম নক্ষত্ৰ ভূপেন হাজৰিকাই জীৱনৰ মায়া এৰি গুচি গৈছিল। ২০১১ চনৰ ৫ নৱেম্বৰত মুম্বাইস্থিত কোকিলাবেন হাস্পতালৰ পৰা আহিছিল অসম আৰু অসমীয়াৰ হৃদয় ভাঙি যোৱা সেই অনাকাংশিত খবৰটো।

বিশ্ববৰেণ্য, ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাৰ মৃত্যু বাৰ্ষিকীত দেওবাৰে সমগ্ৰ ৰাজ্যদুৰি স্মৰণ কৰা হ'ব অসমীয়াৰ প্ৰাণৰ শিল্পীগৰাকীক। যিগৰাকী শিল্পী অবিহনে অসমীয়াৰ পৰিচয় আধৰুৱা সেইগৰাকী মহান শিল্পীৰ কালজয়ী গীতেৰে দেওবাৰে মুখৰিত হৈ থাকিব সমগ্ৰ ৰাজ্য।

ৰাজ্যৰ বিভিন্ন প্ৰান্তত চৰকাৰী-বেচৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠানে ভিন্ন কাৰ্যসূচীৰে শ্ৰদ্ধাঞ্জলী জনাব গণশিল্পীগৰাকীক। প্ৰতিবছৰৰ দৰে এইবছৰো গুৱাহাটীৰ দীঘলীপুখুৰী পাৰৰ প্ৰতিমূৰ্তীস্থলীত ৰাইজৰ সহযোগত ১০ হাজাৰ বন্তি জ্বলাই সদৌ অসম ছাত্ৰ সন্থাই সুঠাকণ্ঠলৈ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰিব বুলি জানিব পৰা গৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in