জয়ন্ত বৰাক কাউৰীৰ কণী আখ্যা বিবেক দাসৰ...
ডিজিটেল সংবাদ বিহালীঃ অসম সন্মিলিত মৰ্চাত পুনৰ সকলো বিৰোধী দল একত্ৰিত হ'ব বুলি সাংসদ গগৈকয়ে কৰা পূৰ্বৰ মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে চি পি আই (এম এল)ৰ নেতা বিবেক দাসে। দাসে কয় জটিলতা কংগ্ৰেছৰ বাবে হে সৃষ্টি হৈছে ৷ কংগ্ৰেছে বিহালী আসনখন CPI (ML) ক এৰি দিম বুলি কৈ শেষত বিৰোধী ঐক্যক চূৰান্ত অপমান কৰিলে ৷
তেওঁ কয়, আসন সম্পৰ্কে আলোচন চলি থকাৰ সময়ত বিহালীত কংগ্ৰেছৰ হৈ সভাপতি ভূপেন বৰা অথবা প্ৰেমলাল গঞ্জুৱে নিৰ্বাচন খেলিলে প্ৰাৰ্থী প্ৰক্ষেপ নকৰাৰ সীদ্ধান্ত লৈ কংগ্ৰেছক জনাইছিল CPI (ML)-এ।৷ কিন্তু কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই বিৰোধীৰ এটাও সীদ্ধান্তক সন্মান নজনালে৷
তেওলোকে নিৰ্বাচন খেলিম বুলি ভাবিছিল যদি আগতেই কৈ দিব লাগিছিল। আমি বন্ধুত্বমূলক ভাৱে নিৰ্বাচন খেলিব পাৰিলো হয় ৷ ভুল তেওঁলোকেই কৰিছে। আমি ভুল কৰা নাই ৷- দাসে কয় এইদৰে।
কংগ্ৰেছ প্ৰাৰ্থী জয়ন্ত বৰা সন্দৰ্ভত বিবেক দাসে কয় যে, জয়ন্ত বৰা কুলি চৰাইৰ কণীৰ দৰে ৷ কাউৰীৰ বাঁহত কণী পাৰিছে যদিও পাখি গজিলে মাকক বিচাৰিয়েই যাব ৷ কংগ্ৰেছৰ বাঁহত বিজেপিয়েই কণী পাৰিছে।
ইফালে উপ নিৰ্বাচনৰ পিছত পৰিবেশে যদি কয় তেন্তে বিজেপিক পৰাস্ত কৰাৰ স্বাৰ্থত কংগ্ৰেছৰ সৈতে বিৰোধী ঐক্যৰ সকলো দল একলগ হোৱাৰো ইংগিত দিলে বিবেক দাসে ৷
উল্লেখ্য যে, অসম সন্মিলিত মঞ্চৰ ভাঙোন সন্দৰ্ভত গৌৰৱ গগৈয়ে কৈছিল,- আমি খন্তেক সময়ৰ বাবে হে আঁতৰত।উপ নিৰ্বাচনৰ পিছত আকৌ সকলো মিলি যাম। বন্ধুৰ মাজত কেতিয়াবা ভুল বুজাবুজি হয়, আমি সকলো পুনৰবাৰ একগোট হম। মিত্ৰতা নথকাৰ কাৰণে আমাৰ বাবে নিৰ্বাচন জটিল হৈছে।