বিজেপিৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাইছে উগ্ৰপন্থীয়েঃ বিহালীত আপৰ বিস্ফোৰণ...

বিহালীত আপৰ সংবাদমেল

author-image
Asomiya Pratidin
New Update
বিজেপিৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাইছে উগ্ৰপন্থীয়েঃ বিহালীত আপৰ বিস্ফোৰণ...

ডিজিটেল সংবাদ,বিহালীঃ "কংগ্ৰেছৰ দিনত বিশ্বনাথৰ অসম অৰুণাচল সীমান্তৰ ভীমাজুলি, সোনাজুলিত নিৰীহ লোকক উগ্ৰপন্থীয়ে হত্যা কৰিছিল বুলি বিজেপিয়ে প্ৰচাৰ চলাই আছে। কিন্তু কংগ্ৰেছৰ দিনত সেই হত্যাৰ লগত জড়িত থকা লোক সকলে বৰ্তমান বিজেপিৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাইছে।এইয়া কোনো কাৰণতে গ্ৰহণযোগ্য নহয়"- দেওবাৰে বিহালীত এক সংবাদমেল সম্বোধন কৰি এই মন্তব্য কৰে আপৰ ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰে।

কংগ্ৰেছ আৰু বিজেপি একেটা মুদ্ৰাৰ ইপিঠি-সিপিঠি বুলিও অভিযোগ উত্থাপন কৰে ধানোৱাৰে। উক্ত সংবাদ মেলতে আপৰ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰভাৰী ৰাজেশ শৰ্মাই চামগুৰিত সংঘটিত হোৱা হিংসাত্মক ঘটনাৰ সন্দৰ্ভত আৰক্ষী প্ৰশাসনক তীব্ৰ সমালোচনা কৰে।

উল্লেখ্যযোগ্য যে, বিহালীৰ উপ নিৰ্বাচনত আপৰ প্ৰাৰ্থী জয় হলে পাঁচটা গেৰেন্টি প্ৰদান কৰিব বুলি এই সংবাদ মেলতে মন্তব্য কৰে । আপৰ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰভাৰী ৰাজেশ শৰ্মা,আপৰ ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰ আৰু আপৰ বিহালীৰ প্ৰাৰ্থী অনন্ত গগৈৰ লগতে ৰাজ্যিক পৰ্যায়ৰ কেইবা গৰাকী নেতাই অংশগ্ৰহণ কৰি এই সংবাদ মেলত বিহালীৰ জনসাধাৰণক এই পাঁচটা গেৰেন্টি কাৰ্ড প্ৰদান কৰে।

আপৰ গেৰেন্টি সমূহ হৈছে:

শিক্ষাঃ

প্ৰতিগৰাকী শিশুক বিশ্বমানৰ শিক্ষা প্ৰদানৰ বাবে উন্নতমানৰ চৰকাৰী বিদ্যালয়-মহাবিদ্যালয় স্থাপনৰ ব্যৱস্থা কৰা হ'ব। মুক্তি যুদ্ধা 'ছবিলাল উপাধ্যায়' ৰ নামত এখন আদৰ্শ বিদ্যালয় নিৰ্মাণৰ পদক্ষেপ লোৱা হ'ব।

স্বাস্থ্যসেৱাঃ

প্ৰতিখন গাঁও পঞ্চায়তত মহল্লা ক্লিনিক স্থাপন, চিকিৎসালয় উন্নীতকৰণ আৰু বিনামূলীয়া চিকিৎসা, পৰীক্ষা, ঔষধ, অপাৰেচন আদিৰ ব্যৱস্থা কৰা হ'ব।

বাট-পথঃ

জৰাজীৰ্ণ বাট-পথ উন্নীতকৰণ, প্ৰতিটো পঞ্চায়তত পকী পথ নিৰ্মাণ, আৰু পোহৰৰ ব্যৱস্থা কৰা হ'ব।

৪) চাহ শিল্পঃ

চাহ বাগিচাৰ শ্ৰমিকৰ ন্যূনতম মজুৰি, বিধানসভাত নতুন চাহ-উদ্যোগ আৰু ক্ষুদ্র চাহ খেতিয়কৰ বাবে ন্যূনতম সমর্থন মূল্য (এম এছ পি) ৰ বাবে মাত মতা হ'ব।

৫) বনাঞ্চল সংৰক্ষণঃ

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিহালী সমষ্টিলৈকে সম্প্ৰসাৰিত অঞ্চলত পূৰ্বৰ পৰাই বসবাস কৰি থকা কৃষক সকল যাতে কোনোপধ্যেই ক্ষতিগ্ৰস্ত নহয় সেয়া নিশ্চিত কৰা হ'ব।

Also Read: জামুগুৰিহাটত আৰক্ষীৰ জালত গভাইত চোৰ...

bihali AAP press meet