বিহালী আৰু নদুৱাৰ সমজিলা উদ্ঘাটন মন্ত্ৰী পীযুষ হাজৰীকাৰ...

"বৰ্তমানৰ চৰকাৰখনে চৰকাৰী ব্যৱস্থাটোক সাধাৰণ মানুহৰ ওচৰলৈ লৈ যোৱাৰ প্ৰয়াস কৰিছে"-পীযুষ হাজৰীকা
বিহালী আৰু নদুৱাৰ সমজিলা উদ্ঘাটন মন্ত্ৰী পীযুষ হাজৰীকাৰ...
বিহালী আৰু নদুৱাৰ সমজিলা উদ্ঘাটন মন্ত্ৰী পীযুষ হাজৰীকাৰ...
Published on
Updated on

ডিজিটেল সংবাদ দিছপুৰ: অসম চৰকাৰৰ জলসম্পদ, সংসদীয় পৰিক্ৰমা, তথ্য আৰু জনসংযোগ আদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই আজি দুটা সুকীয়া অনুষ্ঠানত বিশ্বনাথ জিলাৰ বিহালী আৰু শোণিতপুৰ জিলাৰ নদুৱাৰ সমজিলাৰ আনুষ্ঠানিকভাৱে উদ্ঘাটন কৰে। প্ৰশাসনিক কাৰ্যসমূহ অধিক উন্নত, গতিশীল তথা ত্বৰান্বিত কৰাৰ লগতে প্ৰশাসনিক ব্যৱস্থাক জনসাধাৰণৰ অধিক ওচৰলৈ চপাই অনাৰ লক্ষ্যৰে অসম চৰকাৰে আজিৰেপৰা উদঘাটন কৰা ৩৯ খন সমজিলাৰ ভিতৰৰ এই দুখন সমজিলা উদঘাটন কৰি মন্ত্ৰী পীযুষ হাজৰীকাই কয় যে আজি অসমৰ বাবে এটা উল্লেখযোগ্য দিন।

ৰাজ্যখনে আজি প্ৰশাসনিক ক্ষেত্ৰখনত সমজিলাৰ সংযোজনেৰে উন্নয়নৰ এক নতুন দিগন্তৰ দিশে ধাৱমান হৈছে বুলি মন্তব্য ৰাখি মন্ত্ৰীগৰাকীয়ে কয় যে, মানুহক সু-শাসন দিয়া, কষ্ট লাঘৱ কৰা আৰু ৰাজ্যখনৰ অহৰহ উন্নয়নেই হৈছে মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ একমাত্ৰ সপোন আৰু এই সপোনক বাস্তৱায়িত কৰাৰ লক্ষ্যৰে নিতৌ কিবা এটা কৰিবলৈ প্ৰয়াস কৰা মুখ্যমন্ত্ৰীগৰাকী প্ৰায় সকলো ক্ষেত্ৰতে সফলো হৈছে। বিহালীত সমজিলা আয়ুক্তৰ কাৰ্যালয় উদ্বোধন কৰি সমজিলা উদঘাটন অনুষ্ঠানত বক্তব্য ৰাখি মন্ত্ৰী হাজৰীকাই কয় যে বিশ্বনাথৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ প্ৰায় সমূহ কাম এতিয়াৰে পৰা বিহালীতে কৰিব পৰা হ’ব আৰু সাধাৰণ ৰাইজে নিজৰ মাটি-বাৰী অথবা যিকোনো কামৰ বাবে বিশ্বনাথলৈ যোৱাৰ সলনি বিহালীতে কৰিব পাৰিব।

এয়া প্ৰশাসনিক সংস্কাৰৰ লগতে উন্নয়ন ত্বৰান্বিত কৰাৰ এক অন্যতম ব্যৱস্থা হৈ পৰিব বুলি তেওঁ উল্লেখ কৰে। আজিৰ অনুষ্ঠানতে উপস্থিত জনতাক উদ্দেশ্যি জলসম্পদ মন্ত্ৰীগৰাকীয়ে কয় যে মুখ্যমন্ত্ৰী মহোদয়ে প্ৰতিশ্ৰুতি দিয়া অনুসৰি বিগত সময়চোৱাত এক লাখ চৰকাৰী চাকৰিৰ নিযুক্তিৰ পৰিসংখ্যা অতিক্ৰম কৰি প্ৰায় ডেৰ লাখ প্ৰাৰ্থীক চৰকাৰী চাকৰি প্ৰদানৰ ব্যৱস্থা কৰিছে।

আনহাতে ১৯ লাখ পৰিয়ালৰে আৰম্ভ হোৱা অৰুণোদয় আঁচনি বিগত সময়ত প্ৰায় ২৭ লাখলৈ বৃদ্ধি কৰি এতিয়া ৩৭.২০ লাখ পৰ্যন্ত পৰিয়ালৰ মাজলৈ প্ৰসাৰ কৰাৰ বাবে মুখ্যমন্ত্ৰীগৰাকীৰ নেতৃত্বত কাম চলি আছে বুলি তেওঁ মন্তব্য কৰে। মন্ত্ৰী হাজৰীকাই কয় যে মুখ্যমন্ত্ৰী মহোদয়ৰ এনেদৰে প্ৰতিশ্ৰুতি পূৰণৰ বাবে কৰা কামসমূহৰ বাবে তেখেতৰ নেতৃত্বত মন্ত্ৰীসভাৰ এজন সদস্য হিচাপে তেওঁ গৌৰৱ অনুভৱ কৰে।

মন্ত্ৰীগৰাকীয়ে লগতে কয় যে আজিৰ পৰা ৯ বছৰৰ আগতে মেধাৰ ভিত্তিত চৰকাৰী চাকৰিত সম্পূৰ্ণ নিযুক্তি লাভ কৰাটো সম্ভৱপৰ নাছিল। উৎকোচ অথবা উপঢৌকন প্ৰদান নকৰিলে কোনেও চৰকাৰী চাকৰি লাভ কৰিবলৈ সক্ষম হোৱা নাছিল বুলি মন্তব্য কৰি মন্ত্ৰী হাজৰীকাই কয় যে আজিৰ সময়ত মাথো মেধাৰ ভিত্তিতহে চৰকাৰী সাকৰি লাভ কৰাটো সম্ভৱ হৈছে আৰু ই সাধাৰণ মানুহৰ মাজত চৰকাৰখনৰ প্ৰতি আস্থা বৃদ্ধি কৰি তুলিছে।

আনহাতে বানমুক্ত অসমৰ সপোনেৰে বৰ্তমানৰ চৰকাৰখনে অহৰহ কাম কৰি বিগত সময়ত ৰাজ্যখনত বানৰ প্ৰকোপ যথেষ্ট পৰিমাণে হ্ৰাস কৰিবলৈ সক্ষম হোৱা বুলিও মন্তব্য কৰে । এইবৰ্ষত নতুনকৈ ২২৫ কিল’মিটাৰ দৈৰ্ঘ্যৰ মথাউৰি নিৰ্মাণৰ বাবে কাম হাতত লোৱা হৈছে বুলিও মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে।

পাছত মন্ত্ৰী হাজৰীকাই শোণিতপুৰ জিলাৰ নদুৱাৰ সমজিলা উদঘাটন কাৰ্যসূচীতো অংশগ্ৰহণ কৰে। এই অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে কয় যে অসমৰ প্ৰতিটো বিধানসভা সমষ্টিৰ ৰাইজে যাতে বাটকুৰি বাই জিলা মুখ্য কাৰ্যালয়লৈ যাব নালাগে তাৰ ব্যৱস্থা কৰিবলৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা মহোদয়ে সমজিলাৰ ধাৰণা আনি প্ৰাথমিক পৰ্যায়ত ৩৯ খন সমজিলাৰ উদঘাটনৰ ব্যৱস্থা কৰিছে।

১৯৭৯ চনমানত নদুৱাৰ অঞ্চলতে স্থানীয় কেইবাগৰাকী ব্যক্তিয়ে মহকুমা ঘোষণাৰ দাবীত সমিতি গঠন কৰি আন্দোলন আদিৰ সহায় লৈছিল বুলি মন্তব্য কৰি শোণিতপুৰ জিলাৰ অভিভাৱক মন্ত্ৰীগৰাকীয়ে কয় যে মুখ্যমন্ত্ৰী মহোদয়ৰ সদিচ্ছাৰ বাবে আজি সেই সময়ৰ প্ৰায় ৪৫ বছৰৰ পাছত নদুৱাৰ সমজিলা হিচাপে জিলাৰ প্ৰায় সমান পৰ্যায়ৰ সুবিধাৰে ঘোষিত হ’ল। প্ৰশাসনিক সংস্কাৰ কৰি শাসন তথা চৰকাৰী ব্যৱস্থাটোক মানুহৰ ওচৰলৈ লৈ যোৱাৰ বাবে বৰ্তমানৰ চৰকাৰখনে প্ৰয়াস কৰিছে বুলি মন্ত্ৰীগৰাকীয়ে ভাষণ প্ৰসংগত উল্লেখ কৰে ।

আনহাতে প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সদিচ্ছা আৰু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আন্তৰিক প্ৰয়াসত অসমীয়া ভাষাই ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি লাভ কৰি আমাক সকলোকে গৌৰৱাম্বিত কৰিছে বুলিও মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। আনহাতে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিৰ জড়িয়তে চৰকাৰখনে ৰাজ্যখনৰ নিবনুৱা সকলক উদ্যোগীকৰণৰ এক নতুন পথ দেখুৱাইছে বুলি মন্তব্য কৰি মন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্য চৰকাৰৰ অহৰহ প্ৰচেষ্টা আৰু কেন্দ্ৰীয় চৰকাৰৰ অসমহিতৈষী নীতিৰ বাবে টাটা গ্ৰুপৰ অধীনত চেমিকণ্ডাক্টৰ উদ্যোগে আজি অসমৰ জাগীৰোডত প্ৰাণ পাই উঠাৰ পৰিৱেশ সৃষ্টি হৈছে ।

দুৰ্নীতিৰ সৈতে কোনোমতে আপোচ নকৰা বৰ্তমানৰ চৰকাৰখনে ৰাজ্যখনক দেশৰ শীৰ্ষ ৫ খন উন্নত ৰাজ্যৰ অন্তৰ্ভুক্তি কৰাৰ বাবে প্ৰয়াস অব্যাহত ৰাখিছে বুলি মন্তব্য কৰি মন্ত্ৰী হাজৰীকাই কয় যে বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীৰ নেতৃত্বত এই সপোনেও এদিন সফলতাৰ মুখ দেখিবলৈ সক্ষম হ’ব |

বিহালী আৰু নদুৱাৰ সমজিলা উদ্ঘাটন মন্ত্ৰী পীযুষ হাজৰীকাৰ...
মধ্যপ্ৰাচ্যৰ যুদ্ধই সৱল কৰিব ভাৰতৰ অৰ্থনীতি !

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in