ডিজিটেল সংবাদ, বিহালীঃ মুখ্যমন্ত্ৰী ড০ হিমন্তবিশ্ব শৰ্মাৰ শাসনকালত দুৰ্নীতিৰ ভূ-স্বৰ্গত পৰিণত হৈছে বিহালী ৷ জনসাধাৰণৰ কল্যাণাৰ্থে আৱণ্টিত আঁচনিৰ ধন লুণ্ঠনৰ অভিকেন্দ্ৰ হৈ পৰিছে বিহালী উন্নয়ণ খণ্ড ৷ বিহালী উন্নয়ণ খণ্ডৰ গাওঁ পঞ্চায়তসমূহে ৰূপায়ন কৰা জনকল্যানমূলক আঁচনি এচাম বিজেপি দালালৰ ভোগৰ সামগ্ৰীত পৰিণত হৈছে ৷
তাৰপিছতো ধৃতৰাষ্ট্ৰৰ ভাৱত বিহালী উন্নয়ণ খণ্ডৰ খণ্ড বিষয়া দেৱানন্দ নাথ ৷ বিহালী উন্নয়ণ খণ্ডটোৰ অধীনৰ গাওঁ পঞ্চায়তসমূহত সংঘটিত দুৰ্নীতি অনিয়ম প্ৰতিৰোধৰ বাবে নাই কোনো কাণসাৰ ৷ স্থানীয় বিধায়কৰ পিছে পিছে দৌৰি প্ৰতিটো কৰ্মসূচী সামৰি নিজা বাসগৃহলৈ ৰাওণা হোৱাতে সীমিত উন্নয়ণ খণ্ডটোৰ বিষয়াৰ দ্বায়িত্ব-কৰ্তব্য৷
বিহালী উন্নয়ণ খণ্ডৰ বিহমাৰী গাওঁ পঞ্চায়তৰ ফাডাৰ-ভাটাৰ এখন কাঠৰ দলঙে পোহৰলৈ আনিছে উন্নয়নৰ নমুনা ৷ সম্প্ৰতি সোণৰ কণী পৰা হাঁহত পৰিণত হৈছে দলংখন ৷ বিগত ২০২২ চনত প্ৰায় ১৪ লাখ টকা ব্যয় সাপেক্ষে স্থানীয় বিজেপি দলৰ জনৈক দুলু নামৰ ঠিকাদৰে নিৰ্মাণ কৰা দলংখন এক বছৰৰ পিছতেই ভাগি-ছিঙি বিধস্ত ৰূপ লৈছে ৷
দলং নিৰ্মাণত ব্যৱহৃত কাঠসমূহ পচি যোৱাৰ ফলত যাতায়তৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে গাওঁবাসী । দৈনিক শতাধিক ছাত্ৰ-ছাত্ৰী আৰু গঞাই যাতায়ত কৰা দলংখনেদি ৰোগীক চিকিৎসালয়লৈ নিবলগীয়া হ'লেও বৃহত্তৰ অঞ্চলবাসীৰ সৃষ্টি হৈছে আহুকাল। মোডীৰ ডাৱল ইঞ্জিনৰ চৰকাৰৰ দিনত উন্নয়নৰ গংগা বোৱা ৰাজ্যৰ বিহালী সমষ্টিটোত বৈছে পঞ্চায়তৰ দ্বাৰা ৰূপায়িত আঁচনিৰ অবাধ দুৰ্নীতি লুণ্ঠন ৷