বিহপুৰীয়াত নগৰ স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰ উদ্বোধন

বিহপুৰীয়াত নগৰ স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰ উদ্বোধন
Published on
Updated on

ডিজিটেল সংবাদ,বিহপুৰীয়া : বিহপুৰীয়া খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ উদ্যোগত আৰু লখিমপুৰ জিলা যুটীয়া স্বাস্থ্য সঞ্চালকৰ সহযোগত শুকুৰবাৰে বিহপুৰীয়াৰ বামুণ গাৱঁত এটি নগৰ স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰ শুভ উদ্বোধন কৰা হয় ৷ বিহপুৰীয়াৰ বিধায়ক ড° অমিয় কুমাৰ ভূঞাই কেন্দ্ৰটি উদ্বোধন কৰে ৷ এই উদ্দেশ্যে ডা° প্ৰফুল্ল বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত বিধায়ক ড° অমিয় কুমাৰ ভূঞাই বিহপুৰীয়া সমষ্টিৰ স্বাস্থ্য খণ্ডৰ উন্নয়নৰ বাবে গ্ৰহণ কৰা পদক্ষেপ সমূহ ৰাইজক অৱগত কৰে ৷

সভাত লখিমপুৰ জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালক ডা° গুণিন কুমাৰ গগৈয়ে লখিমপুৰ জিলাত পদ অনুপাতে চিকিৎসক নথকা বিষয়টো সদৰী কৰে ৷ জিলা খনত ১৬৯ টা চিকিৎসা বিষয়া পদৰ ৫০ টা পদেই খালি বুলি উল্লেখ কৰে সঞ্চালক গৰাকীয়ে ৷ বিতুপন বৰুৱাই আতঁ ধৰা উদ্বোধনী সভাখনত মহকুমা স্বাস্থ্য বিষয়া ডা° মৰমী কলিতা, বঙালমৰা চিকিৎসালয়ৰ চিকিৎসক ড° দ্বিপেন বৰা , জিলা আৰু খণ্ড আচঁনি বিষয়া ক্ৰমে দেবাংগ বিকাশ গগৈ আৰু জ্ঞানদ্বীপ শইকীয়া উপস্থিত থাকে ৷

বিহপুৰীয়াত নগৰ স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰ উদ্বোধন
সোণাৰিত অৰুণোদয় আঁচনি হিতাধিকাৰিলৈ অনুমোদন পত্ৰ বিতৰণ সম্পন্ন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in