ডিজিটেল সংবাদ, মৰিয়নি : হেঁপাহৰ ৰঙালী আকৌ আহি পালেহি। সন্মুখত মাথোঁ আঙুলি মূৰত গণিব পৰাকৈ কেইটামান দিন। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে মৰিয়নিতো উখল-মাখল পৰিবেশে বিৰাজ কৰিছে।
ঢোল পেপা আৰু নাচনীৰ পদচালনাত মুখৰিত মৰিয়নিৰ মহাবিদ্যালয়ৰ খেলপথাৰ প্ৰাঙ্গণ । প্ৰথমবাৰৰ বাবে মৰিয়নি মাকো মহিলা চৰাই অনুষ্ঠিত কৰা বিহু কৰ্মশালাত অৰ্ধশতাধিক কণ কণ শিকাৰুৱে অংশগ্ৰহণ কৰিছে।
মৰিয়নিৰ ঠায়ে ঠায়ে আৰম্ভ হৈছে বিহু নৃত্য আৰু ঢোলবাদনৰ কৰ্মশালা। মৰিয়নি মাকো মহিলা চ'ৰাৰ উদ্যোগত প্ৰথমবাৰৰ বাবে আয়োজন কৰা হৈছে বিহু কৰ্মশালা । দহ দিনীয়াকৈ অনুষ্ঠিত কৰা কৰ্মাশালাত অংশগ্ৰহণ কৰিছে বৃহত্তৰ অঞ্চলটোৰ প্ৰায় অৰ্ধশতাধিক কন কন শিশুৰ পৰা আৰম্ভ কৰি কিশোৰ-কিশোৰী, যুৱক-যুৱতীয়ে।
মৰিয়নি মহাবিদ্যালয়ৰ প্ৰাঙ্গণত অনুষ্ঠিত কৰা এই কৰ্মশালাত আখৰাত ব্যস্ত ফুলকুমলীয়া নাচনীৰ নৃত্য আৰু বিহুনামৰে মুখৰ হৈ পৰিছে কৰ্মশালা থলীৰ আকাশ-বতাহ।
Also Read: মঙলদৈত সাহিত্যিক গোবিন্দৰাম ডেকা আৰু জাগৃতি আলোচনী শীৰ্ষক বক্তৃতানুষ্ঠান