ডিজিটেল সংবাদ, বিজনী : বড়ো ভাষাৰ প্ৰথম দৈনিক বাতৰি কাকত "সানসেয়াৰী বড়োলেণ্ড ইংখং"ৰ ১৯ সংখ্যক প্ৰতিষ্ঠা দিৱস, "বড়োলেণ্ড ইংখং টেলিভিছন"ৰ ৪ৰ্থ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি ইংখং ওৱেলফেয়াৰ চ'ছাইটিয়ে এই বছৰৰ "মেন অফ দ্যা ইয়েৰ, ২০২২ বঁটা প্ৰদান কৰা কাৰ্যসূচী ইংখং পাব্লিকেছনৰ অডিটৰিয়ামত অনুষ্ঠিত কৰা হয় ।
ইংখং পাব্লিকেছনৰ উদ্যোগত ইংখং ওৱেলফেয়াৰ চ'ছাইটিয়ে প্ৰতি বছৰে দক্ষতা থকা ব্যক্তিক প্ৰদান কৰা "মেন অফ দ্যা ইয়েৰ বঁটা" ২০২২ বৰ্ষত পশ্চিম বংগৰ আলিপুৰ দুৱাৰ পশ্চিম ছাতালীৰ নিবাসী নবীন চন্দ্ৰ মণ্ডলক প্ৰদান কৰা হয়।
নবীন চন্দ্ৰ মণ্ডলক নগদ ২৫ হাজাৰ টকাৰ চেক, এটি ম'মেন্ট' আৰু এখনী মানপত্ৰ প্ৰদান কৰে ক্ৰমে ইংখং ওৱেলফেয়াৰ চ'ছাইটিৰ সভাপতি ৰাজেন বসুমতাৰী, সমাজ সেৱক ফাদাৰ কুলন্দাইস্বামী আৰু নিখিল বড়ো সমাজৰ সভাপতি ৰাজেন্দ্ৰনাথ বড়োৱে। কাৰ্যসূচীৰ আৰম্ভণিতে সানসেয়াৰী বড়োলেণ্ড ইংখঙৰ সম্পাদক ৰাজেন বসুমতাৰীয়ে বন্তি প্ৰজ্বলন কৰাৰ পাছত কেক কাটি অনুষ্ঠানৰ শুভাৰম্ভ কৰে।
ছেৰজা বজাই ড০ গোমোথাও বসুমতাৰীয়ে সাংস্কৃতিক কাৰ্যসূচী আৰম্ভ কৰাৰ পাছত ৰৈমালী একাডেমি মহাবিদ্যালয়ৰ বিএডৰ ছাত্ৰ-ছাত্ৰী সকলে নৃত্য প্ৰদৰ্শন কৰে। আনহাতে অলপতে ডিআইডি ছিজন-৫ৰ চেম্পিয়ন নবজিত নাৰ্জাৰীক ইংখং ওৱেলফেয়াৰৰ তৰফৰ পৰা এটি ম'মেন্ট' আৰু মানপত্ৰ প্ৰদান কৰে।
সোমবাৰৰ এই কাৰ্যসূচীত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে ২০১০ চনৰ মেন অফ দ্যা ইয়াৰ বটাঁ প্ৰাপক তথা সমাজ সেৱক ফাদাৰ কুলন্দাইস্বামীয়ে। নিমন্ত্ৰিত অতিথি হিচাপে অংশগ্ৰহণ কৰে ক্ৰমে পদ্মশ্ৰী ড০ মংগলসিং হাজোৱাৰী, নিখিল বড়ো সমাজৰ সভাপতি ৰাজেন্দ্ৰনাথ বড়ো, প্ৰাক্তন বিধায়ক কমলসিং নাৰ্জাৰী, এবছুৰ প্ৰাক্তন সভাপতি সন্থলা বসুমতাৰী, পশ্চিম বংগ বড়ো সমাজৰ উপ সভাপতি আনান্দ নাৰ্জিনাৰী, বিজনী নোগোৰ বড়ো সমাজৰ সভাপতি বেনু দৈমাৰীয়ে।
আনহাতে উপস্থিত থাকে বড়ো ৰাইটাৰ্চ একাডেমিৰ সাধাৰণ সম্পাদক আনন্দৰাম ঔৱাৰী, উপ সভাপতি সাৰদা প্ৰসাদ মোছাহাৰী, সহকাৰী সম্পাদক সবাৰাম বসুমতাৰী, বড়ো ৰাইটাৰ্চ একাডেমিৰ প্ৰাক্তন সম্পাদক উমেশ ব্ৰহ্ম, অৱসৰ প্ৰাপ্ত প্ৰধান শিক্ষক ৰঞ্জিত বসুমতাৰী।
দামোদৰ বসুমতাৰী, যুৱ সাহিত্য অকাডেমী বঁটা প্ৰাপ্ত দিগন্ত লাৱাৰী, ৰৈমালী একাডেমি মহাবিদ্যালয়ৰ বিএডৰ অধ্যক্ষ ড০ শ্ৰীধৰ বিস্বাসৰ লগতে বাগদুৱাৰ অঞ্চল বড়ো ৰাইটাৰ্চ একাডেমিৰ সভাপতি তথা লিখক ৰূপনাথ হাজোৱাৰীৰ লগতে বহু বিশিষ্ট লোকসকল উপস্থিত থাকে। কাৰ্যসূচীৰ আঁতধৰে ইংখং ওৱেলফেয়াৰ চ'ছাইটিৰ সম্পাদক কমলা কান্ত বসুমতাৰীয়ে ।