অসমীয়া সাহিত্য, আধুনিকতাবাদ আৰু শ্ৰী শ্ৰী মাধৱদেৱ...

আজি ৰাজ্যজুৰি পালন কৰা হৈছে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ তিথি। ৰাজ্যৰ বিভিন্ন স্থানৰ নামঘৰত ‘মাধৱদেৱ গুৰুজনাৰ কীৰ্তন পাঠ কৰা হৈছে। শ্ৰী শ্ৰী মাধৱদেৱে তেখেতৰ অপূৰ্ব সৃষ্টিৰাজিৰে চহকী কৰি থৈ গৈছিল অসমীয়া ভাষা-সাহিত্যৰ ভৰাঁল। এই সন্দৰ্ভত জয়দীপ নাৰায়ণ দেবৰ বিশেষ প্ৰতিবেদন...

author-image
Asomiya Pratidin
New Update
অসমীয়া সাহিত্য, আধুনিকতাবাদ আৰু শ্ৰী শ্ৰী মাধৱদেৱ...

madhabdev

বিশ্বৰ আধুনিক নাট্য শাস্ত্ৰৰ আটাইতকৈ বিখ্যাত তত্ত্ববীদ আছিল এন্টনীন আৰ্টাউড | আধুনিক নাট্যশাস্ত্ৰত পূৰ্বৰ আৰু পাশ্চাত্যৰ নাটকৰ শৈলীৰ পাৰ্থক্যৰ সৈতে সমগ্ৰ বিশ্বক নিজৰ সমালোচনাৰ জৰিয়তে চিনাকী কৰাই দিছিল।

এন্টনীন আৰ্টাউডে | যাক কোৱা হৈছিল অক্সিডেন্টেল আৰু অৰিয়েন্টেল থিয়েটাৰ | এই অক্সিডেন্টেল অথবা প্ৰাচ্যৰ নাটকত সংলাপেই আছিল সকলো | অৰ্থাৎ সমগ্ৰ নাটক এখনত আটাইতকৈ বেছি গুৰুত্ব দিয়া হৈছিল শব্দক | ইয়াতে স্থান নাছিল নাটক এখনৰ বাকী দিশসমূহৰ প্ৰতি সহমৰ্মিতাৰ |

আৰ্টাউডৰ মতে, সলনিৰ প্ৰয়োজন আছিল কলাৰ এই শৈলীত | কিয়নো নাটকে অঞ্চল সাপেক্ষে নহয় বৰং উপভোগ কৰি থকা দৰ্শকৰ মানসিক অৱস্থা সাপেক্ষে হে প্ৰভাৱ পেলাইছিল | আনহাতে অৰিয়েন্টেল শৈলী আছিল পূবৰ | এই শৈলীত কেৱল সংলাপেই নহয় আন সকলো দিশতেই গুৰুত্ব প্ৰদান কৰিছিল | অভিনয়, সংলাপ প্ৰক্ষেপনৰ শৈলী, দৰ্শকক নাটক খনৰ সৈতে জড়িত কৰাবলৈ লোৱা সকলো পদক্ষেপক সামৰি লৈছিল অৰিয়েন্টেল শৈলীয়ে | এই শৈলীৰ পৰাই পাছত সৃষ্টি হৈছিল বৰ্তমানৰ আধুনিক নাটক, চলচিত্ৰৰ প্ৰদৰ্শন আৰু প্ৰযোজনাৰ কলাৰ |

এন্টনীন আৰ্টাউডে প্ৰথম বিশ্বযুদ্ধৰ পাছত পৃথিৱী পৰিভ্ৰমণ কৰি প্ৰস্তুত কৰি উলিওৱা এই সমালোচনাৰ প্ৰায় ৪০০ বছৰ পূৰ্বেই অসমীয়া সমাজ পৰিচিত হৈছিল অৰিয়েন্টেল থিয়েটাৰ শৈলীৰ সৈতে | অৱশ্যে ব্ৰিটিছৰ আগমণৰ পূৰ্বেই চিনাকি হোৱা এই নাট ব্যৱস্থাৰ নাছিল কোনো সাৰ্বজনীন ইংৰাজী প্ৰতিশব্দ |

আজিৰ পৰা প্ৰায় ৫০০ ৰো অধিক বছৰ পূৰ্বেই শ্ৰীমন্ত শংকৰদেৱৰ সমসাময়িক ভাৱেই তেখেতৰে শিষ্য শ্ৰী শ্ৰী মাধৱদেৱে তেখেতৰ অপূৰ্ব সৃষ্টিৰাজিৰে চহকী কৰি থৈ গৈছিল অসমীয়া ভাষা-সাহিত্যৰ ভৰাঁল | মহাপুৰুষ দুজনাই অসমত সেই কালতেই ৰচনা কৰিছিল অংকিয়া নাট, ভাওনাৰ | ভাওনাৰ প্ৰদৰ্শন শৈলীৰ বিৱৰণ অথবা প্ৰচলিত অভ্যাসেই বৰ্তমানৰ অৰিয়েন্টেল শৈলীৰ কথা ঘোষণা কৰে | অথচ এন্টনীন আৰ্টাউড অথবা আন কোনো বিশ্বজনীন সমালোচকৰ সমালোচনাত স্থান নাই মহাপুৰুষ দুজনাৰ সৃষ্টিৰাজিৰ |

আজি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথি | শ্ৰীমন্ত শংকৰদেৱে বঢ়াৰ পো আখ্যা দিয়া মাধৱদেৱ সকলো দিশতেই আছিল প্ৰখৰ | কেৱল যেন বৃন্দাবনী বস্ত্ৰ বোৱাৰ ক্ষেত্ৰতেই নহয় সকলো দিশতেই বঢ়াৰ পো আছিল মাধৱদেৱ |

মাধৱদেৱৰ সাহিত্যতো দেখা পোৱা গৈছিল গুৰু সৃষ্ট ব্ৰজাৱলী ভাষাৰ পাণ্ডিত্য ।মাধৱদেৱ আৰু তেখেতৰ গুৰু শ্ৰীমন্ত শংকৰদেৱৰ প্ৰথম মিলনো আছিল আমোদজনক | শ্ৰীমন্ত শংকৰদেৱক লগ পোৱাৰ পূৰ্বে গোড়া শাক্ত ধৰ্মী আছিল মাধৱদেৱ | মাতৃৰ অসুখৰ সময়ত দুটা ছাগলী বলি হিচাপে আগবঢ়োৱাৰ সিদ্ধান্ত সম্পৰ্কে তেখেতৰ ভনী জোৱাই ৰামদাসৰ সৈতে হোৱা এক কথোপকথনৰ ফলস্বৰূপে মাধৱদেৱে লগ পাইছিল শংকৰদেৱক |

প্ৰথমাৱস্থাত হোৱা তুমুল বিতৰ্কৰ অন্তত শ্ৰীমন্ত শংকৰদেৱে দিছিল "যথা তৰুৰ মূল..." শ্লোক ফাকিৰ উদাহৰণ | অৰ্থাৎ বৃক্ষৰ গুৰিত পানী দিলে ডাল অথবা পাতত পানী দিয়াৰ প্ৰয়োজন নাই, ঠিক তেনেদৰেই কৃষ্ণক পূজিলে আন দেৱ-দেৱীক পূজাৰ কোনো প্ৰয়োজন নাই | ইয়াৰ পাছতেই শংকৰদেৱৰ শৰণ লৈছিল তেখেতৰ সকলোতকৈ প্ৰিয় শিষ্য মাধৱদেৱে | এই মিলনক কোৱা হৈছিল 'মণি-কাষ্ণন সংযোগ' |

নিজে বৈৰাগী হ'লেও জীৱন বিমুখ নাছিল মহাপুৰুষজনা | সমগ্ৰ জীৱন কাল কেৱল জ্ঞান অন্বেষণেৰে অতিবাহিত কৰিব বিচৰা মহাপু্ৰুষজনাই অৱশ্যে নিজৰ শিষ্য সকলক দিছিল খেতি বাতি কৰিবলৈ উপদেশ |

সমগ্ৰ জীৱন কালত মুঠ বাৰকুৰি অৰ্থাৎ দুশ চল্লিশটা বৰগীত ৰচনা কৰিছিল মহাপুৰুষজনাই | এই বৰগীত সমূহৰ মাজতেই আছে উল্লেখনীয় সৃষ্টি 'তেজৰে কমলাপতি' | কেৱল এই বৰগীতটি লৈ লক্ষ্য কৰিলেই দেখা যায় মহাপুৰুষজনাৰ ব্ৰজাৱলী ভাষাৰ লালিত্য |

মাধৱদেৱৰ অথবা দুয়োজনা গুৰুৰ সৃষ্টি ৰাজিৰ সৈতে আধুনিক অসমীয়া সমাজৰ সম্পৰ্ক কি ? এই সম্বন্ধে জানিবলৈয়ে আমি জনাৰ প্ৰয়োজন আছিল উপৰোক্ত কথাখিনিৰ |

শ্ৰীমন্ত শংকৰদেৱৰ দৰেই মাধৱদেৱৰো সৃষ্টিৰাজি কেৱল ভক্তিমূলক নাছিল | ভক্তিৰ মাজতেই লুকাই আছে মহাপুৰুষ গৰাকীৰ কবিত্বময় প্ৰকাশ | ইয়াৰেই জলন্ত উদাহৰণ মহাপুৰুষ জনাৰ অমৰ সৃষ্টি নামঘোষা | নামঘোষাৰ ওপৰত ড০ সত্যেন্দ্ৰ নাথ শৰ্মাই 'অসমীয়া সাহিত্যৰ সমিক্ষাত্মক ইতিবৃত্ত' ত প্ৰকাশ কৰিছে এক গৱেষণামূলক অধ্যয়নৰ |

মহাপুৰুষজনাৰ সাহিত্য ৰাজিক প্ৰধানকৈ ভাগ কৰা হয় আখ্যানমূলক আৰু তত্ৱমূলক সাহিত্যত | ইয়াৰ উপৰিও গুৰু শংকৰদেৱৰ পদধূলা অনুসৰণ কৰিয়েই ৰচনা কৰিছিল বৰগীত আৰু আন কাব্যৰ |

বিশ্ব বিশ্ৰুত নাট্যকাৰ শ্বেইকছপীয়েৰৰ জন্মৰো বহু বছৰ পূৰ্বেই অসমত আধুনিক নাটক আৰু সাহিত্যৰ সূচনা হৈছিল মহাপুৰুষ দুজনাৰ উদ্যোগত | মহাপুৰুষ মাধৱদেৱৰ সাহিত্য ৰাজিৰ অধ্যয়ন পৰৱৰ্তী কালত বিদ্যালয় পৰ্যায়ত কেৱল তেজৰে কমলাপতি, আৰু মহাবিদ্যালয় পৰ্যায়ত বৰগীত,ভটিমা আৰু নাটৰ মাজতেই সীমাবদ্ধ |

গৱেষক সকলেও সময়ে সময়ে মহাপুৰুষ জনাৰ সৃষ্টিৰ ওপৰত গৱেষণা কৰি আহিছে যদিও আধুনিক অসমীয়া সাহিত্য আৰু বিশেষকৈ নাট্য জগতত তেখেতৰ অৱদান সম্পৰ্কে আলোচনা খুবেই নগণ্য |

মহাপুৰুষ জনাক কেৱল মহাপুৰুষ হিচাপেই বা ধৰ্ম প্ৰচাৰক হিচাপেই আজিৰ দিনটোত স্মৰণ কৰাৰ লগতে নাট্যকাৰ হিচাপেও স্মৰণ কৰা উচিত |

assam madhabdev