জাতীয় পতাকা কোনো ৰাজনৈতিক দলৰ ‘পতাকা’ নহয়…

জাতীয় পতাকা কোনো ৰাজনৈতিক দলৰ ‘পতাকা’ নহয়…

author-image
asomiyapratidin
New Update
জাতীয় পতাকা কোনো ৰাজনৈতিক দলৰ ‘পতাকা’ নহয়…

মৃদুল কুমাৰ সন্দিকৈ

এখন সৰু চহৰ কুনগানুৰী। অন্ধ্ৰপ্ৰদেশৰ চিট্টোৰ জিলাৰ এই চহৰখন ব্যতিক্ৰম। পুৱা ৮ বজাৰ লগে লগে এই চহৰখনত এক দৃশ্য চাব লগা হয়। ৮ বজাৰ কিছু সময় পূৰ্বে এক ঘোষণা দিয়া হয় চহৰখনৰ বিভিন্ন প্ৰান্তত আঁৰি থোৱা পাব্লিক এড্ৰেছ চিষ্টেমৰ জৰিয়তে।

বাট-পথত থকা যান-বাহনৰ চালক, যাত্ৰী, পথেৰে সেই সময়ত অহা যোৱা কৰা লোক, আৰক্ষী, দোকানী সকলো থিয় হয় ৮ বজাৰ লগে লগে। পাব্লিক এড্ৰেছ চিষ্টেমত বাজি উঠে ৰাষ্ট্ৰীয় সংগীত জন গণ মন অধি…। স্বাৱধান হৈ চেল্যুট দি য'তে আছে তাতেই থিয় হৈ মানুহবোৰে লগে লগে গাই যায় আমাৰ ৰাষ্ট্ৰীয় সংগীতটো। ২০১৮ৰ ১৫ আগষ্টৰ পৰাই এই সৰু চহৰখনত এনেদৰেই প্ৰতিদিনাই ৰাষ্ট্ৰীয় সংগীত গোৱা হয়।

এই কাম কৰিবলৈ উদ্যোগ লৈছিল স্থানীয় এজন অধিবক্তা পি এন এছ প্ৰকাশে। গঠন কৰিছিল জন গণ মন কমিটী। চহৰখনৰ পৌৰসভাই সেই উদ্যোগক কাৰ্যকৰী কৰি পুৱাৰ ৮ বজাৰ লগে লগেই বজাই ৰাষ্ট্ৰীয় সংগীত। ৫২ ছেকেণ্ডৰ বাবে চহৰখনত এক পৃথক পৰিৱেশৰ সৃষ্টি হয়।

দেশপ্ৰেমৰ ইয়াতকৈ আৰু অপূৰ্ব নিদৰ্শন কি হ'ব পাৰে। একেই কাম কৰে থিপুৰাথি নামৰ আন এখন সৰু চহৰত। পুৱা ৮.২৯ বজাত ঘোষণা, তাৰ পাছত ৮.৩০ বজাত বাজি উঠে ৰাষ্ট্ৰীয় সংগীত। সকলোৱে থিয় হৈ সমস্বৰে ৰাষ্ট্ৰীয় সংগীত গোৱাৰ লগতে দেশৰ ঐক্য, সংহতিৰ প্ৰতি একো একোজন নিষ্ঠাবান দেশবাসী হিচাপে এনেকৈয়ে নিজকে পৰিচয় দিয়ে।

স্বাধীনতাৰ ৭৫ বছৰ। চৰকাৰে এই ৭৫ বছৰ উদযাপনৰ বাবে বিভিন্ন কাৰ্যসূচী, সিদ্ধান্ত গ্ৰহণ কৰিছে। দেশবাসীয়েও চৰকাৰৰ সেই কাৰ্যসূচীৰ প্ৰতি আকুণ্ঠ সঁহাৰি জনাইছে। দেশক ভালপাবলৈ, দেশৰ প্ৰতি দায়বদ্ধশীল হ'বলৈ আৰু দেশৰ গৰিমা, মৰ্যদা ৰক্ষা কৰাতো প্ৰতিজন দেশবাসীৰেই কৰ্তব্য।

আজাদী কা অমৃত মহোৎসৱ চৰকাৰৰে তেনে এক উদ্যোগ। দেশ ব্যাপী বিভিন্ন কাৰ্যসূচী চৰকাৰে গ্ৰহণ কৰিছে। স্বাধীনতাৰ ৭৫ বছৰ কম সময় নহয়। এয়া আমাৰ গৌৰৱৰ বিষয়। ৰাষ্ট্ৰ নিৰ্মাণত প্ৰতিজন দেশবাসীয়ে হাত উজান দিয়াৰ সময়।

ঘৰে ঘৰে পতাকা উত্তোলন, ১৩ আগষ্টৰ পৰা পতাকা উত্তোলনেৰে সমগ্ৰ দেশত যি পৰিৱেশ সৃষ্টি কৰা হৈছে সেয়া সঁচা অৰ্থত স্বদেশ প্ৰেম আৰু ৰাষ্ট্ৰৰ ভক্তি এক স্বতৰ্স্ফুত প্ৰয়াস নে? প্ৰতিজন নাগৰিকৰে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ অধিকাৰ আছে। ধনী, দুখীয়া সকলোৱে এই উপলক্ষে স্বাধীনতাৰ নামত প্ৰাণ খুলি উদযাপন কৰে বা কৰি আহিছে।

সেই স্বাধীনতাত কেনেবাকৈ চৰকাৰে কৌশলগতভাৱে হস্তক্ষেপ কৰিছে নেকি? প্ৰতক্ষ্যভাৱে তেনে অভিযোগ কৰিব নোৱাৰিলেও স্বাধীনতা দিৱস উদযাপনৰ নামত চৰকাৰী পক্ষই দেশৰ নাগৰিক সকলক কিছু সিদ্ধান্তই বিবুধিত নিশ্চয় পেলাইছে। হৰ ঘৰ ত্ৰিৰংগা হওঁক। ৰাষ্ট্ৰীয় পতাকাই দেশৰ আকাশ বতাহ ঢাকি ৰাখক।

স্বাধীনতা দিৱস উদযাপনৰ পিছত সেই ৰাষ্ট্ৰীয় পতাকাৰ মৰ্যদা ৰক্ষাৰ ক্ষেত্ৰত বহু প্ৰশ্ন উত্থাপন নহ'বনে? কোনোবাই ৰাষ্ট্ৰীয় পতাকাখন স্কুটিৰ আগত উৰুৱাই লোৱাৰ সলনি পতাকাখনৰ মূৰ কেইটাৰে নোৱাৰ মাৰি বান্ধি লৈছে। গুৱাহাটী মহানগৰীতেই দেখা পোৱা গ'ল জাৱৰৰ সৈতে জাৱৰ কঢ়িওৱা গাড়ীত পতাকাখন উৰুৱাই দিছে।

মাছৰ বেপাৰীজনে জাতীয় পতাকাখন উৰুৱাইছে ঠিকেই। কিন্তু সেই অধিকাৰ তেওঁৰ থাকিলেও পতাকাখনৰ এটা মূৰ মাছ জিৰাই থোৱা পানী খিনিত ডুব গৈ আছে। হিতাধিকাৰী সকলৰ ঘৰত পতাকা উত্তোলন কৰিবলৈ কোৱা হৈছে। সেয়েহে বিনামূলীয়া চাউল কিনিবলৈ যাওতে চাউলৰ দোকানীজনে ইয়াৰ সুযোগ লৈছে।

১৮ টকীয়া জাতীয় পতাকা ক্ৰয় নকৰিলে বিনামূলীয়া চাউল নাপায় বুলিও প্ৰচাৰ চলাইছে। বিদ্যালয়ৰ ল'ৰা ছোৱালীবোৰক ১৫ আগষ্ট পূৰ্বেই স্বাধীনতা দিৱস উপলক্ষে শোভাযাত্ৰা বাহিৰ কৰিবলৈ পতাকা লৈ যোৱাতো বাধ্যতামূলক কৰা হ'ল। সেই সুযোগ একাংশ অসাধু ব্যৱসায়ীয়ে গ্ৰহণ কৰি ৰাতিৰ ভিতৰতে পতাকাৰ দাম দুই-তিনিগুণ কৈ বঢ়াই দিলে।

জাতীয় পতাকা উত্তোলনৰ বহু নিয়ম হৈছে। পতাকা উত্তোলন আৰু আঁৰি থোৱা দুটা পৃথক বিষয়। আন যিকোনো পতাকাৰ দৰেই জাতীয় পতাকা হ'ব নোৱাৰে। এই পতাকাখন আমাৰ দেশৰ বাবে সৰ্বশ্ৰেষ্ঠ। কোনোবা ক্ৰীড়া প্ৰতিযোগিতাত দেশৰ খেলুৱৈয়ে পদক লাভ কৰিলে পতাকাখন গাত লৈ বিশ্ব বাসীৰ সন্মুখত ভাৰতৰ পৰিচয় দিলে প্ৰতিজন দেশবাসীৰ বুকু গৰ্বত ফুলি উঠে।

জাতীয় পতাকা মানুহে ক্ৰয় কৰিছে। কোনোবাই গামোচাৰ ওপৰতেই জাতীয় পতাকা অংকন কৰি পতাকাৰ তাৎপৰ্যই ধূলিত মিহলি কৰি দিছে। চৰকাৰী বিষয়া কৰ্মচাৰীক জাতীয় পতাকা উত্তোলনৰ ফটো চৰকাৰী পৰ্টেলত আপলোড কৰিবলৈ কোৱা হৈছে।

স্বাধীনতাৰ ৭৫ বছৰ উদযাপনৰ নামত আমি প্ৰকৃত ৰাষ্ট্ৰীয়তাবাদক আঁকোৱালি লোৱাৰ সলনি প্ৰদৰ্শন ধৰ্মীতাৰে ইয়াক লঘু কৰিছো নেকি? বিশেষকৈ ১৫ আগষ্টত ভাৰত স্বাধীন হৈছিল। কিন্তু ১৩ আগষ্টৰ পৰা পতাকা উত্তোলনৰ প্ৰয়োজন বা প্ৰাসংগিকতা কি আছিল। সেই প্ৰশ্ন এতিয়া ডাঙৰ প্ৰশ্ন হৈ পৰিছে।

এনে খবৰো ওলাইছে ভাৰতত জাতীয় পতাকা প্ৰস্তুতৰ বাবে চীনৰ দৰে ৰাষ্ট্ৰৰ পৰা কাপোৰ আমদানি কৰিব লগা হৈছে। সেই খবৰবোৰ কিমান সঁচা, কিমান মিছা সেয়া সময়ত উলাব। কিন্তু জাতীয় পতাকাৰ নামত এক ডাঙৰ ব্যৱসায়ো হ'ল । এই সুযোগ একাংশ ব্যৱসায়ীয়ে গ্ৰহণ কৰি পতাকাৰ আকৃতিয়ে সলনি কৰিছে নতুবা পতাকাৰ কোনোবা এটা চুকত অশোক চক্ৰ অংকনেৰে ৰাষ্ট্ৰৰ গৰিমাকে পদাঘাত কৰিছে।

এখন জাতীয় পতাকা উত্তোলনৰ কিছু নিৰ্দিষ্ট বিধি থাকে। সেই বিধি সংশোধন কৰা হ'ল। ২০০২ চনৰ ২৬ জানুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ সংশোধন কৰা বিধিত সকলো স্থানতে সন্মান সহকাৰে সকলো লোকে দিনে ৰাতিয়ে পতাকা উত্তোলন কৰিব পাৰে।

২০২১ৰ ৩১ ডিচেম্বৰত সংশোধন কৰা বিধি অনুসৰি খদৰৰ উপৰিও যিকোনো কাপোৰেৰে পতাকা প্ৰস্তুত কৰি উত্তোলন কৰাৰ ব্যৱস্থা কৰা হ'ল। একেদৰে পতাকাখন উত্তোলন কৰোতে পতাকাখনৰ প্ৰতি অসন্মান কৰিলে ইয়াৰ শাস্তিৰ ব্যৱস্থাও আছে।

Prevention of Insults to National Honour Act, 1971ৰ ধাৰা ২ত উল্লেখ আছে সেই শাস্তিৰ কথা। সেই অনুসৰি – "whoever in any public place or in any other place within public view burns, mutilates, defaces, defiles, disfigures, destroys, tramples upon or otherwise brings into contempt (whether by words, either spoken or written, or by acts) the Indian National Flag….shall be punished with imprisonment for a term which may extend to three years or with a fine, or with both". অৰ্থাৎ পতাকাক অপমান কৰিলে জৰিমনা, কাৰাদণ্ড হ'ব পাৰে।

প্ৰতিজন নাগিকৰে দায়িত্ব পতাকা উত্তোলন কৰাৰ দৰে উত্তোলনৰ পাছত পতাকখন স-সন্মানেৰে উপযুক্ত স্থানত ৰখোৱাটো। ৰাষ্ট্ৰীয় পতাকা কোনো ৰাজনৈতিক দলৰ পতাকা নহয়। ই এখন দেশৰ মৰ্যদা আৰু সন্মানৰ প্ৰতীক। সেয়েহে কোনো ৰাজনৈতিক দলৰ ৰেলীৰ সময়ত বাটে পথে দল বোৰৰ পতাকা আঁৰি দিয়া হয়। ৰাষ্ট্ৰীয় পতাকাক এনেদৰে আঁৰিব পাৰি জানো? ১৫ আগষ্টৰ পাছত প্ৰতিজন নাগৰিকৰে দায়িত্ব বাঢ়িব। পতাকাখন যাতে ক'তো পৰি নাথাকে তাৰ প্ৰতি সকলোৱে দৃষ্টি ৰাখিব লাগিব। ই আমাৰ আৱেগ আৰু স্বাভিমান।

assam bikhekh lekha