ভিক্টৰ নে মানৱ ডেকাৰ খবৰে হতাশ কৰে ৮ লাখ নিবনুৱাক...

author-image
Asomiya Pratidin
New Update
ভিক্টৰ নে মানৱ ডেকাৰ খবৰে হতাশ কৰে ৮ লাখ নিবনুৱাক...

মৃদুল কুমাৰ সন্দিকৈ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কোৱা কথাবোৰ, চিন্তাবোৰ সাধাৰণ মানুহে বৰ ভাল পায়। অসমখন তেওঁ গঢ়িব খোজে। সেইবুলিয়েই মানুহে ভাবে। দুৰ্নীতি মুক্ত এখন সবল অসমৰ খনিকৰ হ'ব বুলিয়েই এতিয়াও বহুতে বিশ্বাস কৰি আছে।

মিছা অভিযোগ (চৰকাৰ আৰু আৰক্ষীৰ মতে) দিয়াৰ বাবেই ভিক্টৰ দাসক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। কিয়নো তেওঁ হেনো ৮ লাখ যুৱক-যুৱতীৰ চাকৰিৰ সপোন মিছা অভিযোগেৰে ভাঙিছিল। হতাশ কৰিছিল স্বচ্ছ, নিকা নিযুক্তি হ'ব বুলি ভাবি থকা যুৱক-যুৱতী সকলক।

সেয়েহে মুখ্যমন্ত্ৰীয়ে তেনে অপবাদ দিব খোজা ভিক্টৰ দাসৰ বিৰুদ্ধে সৰব হৈ পৰিছিল। অন্তৱৰ্তীকালীন জামিন লাভ কৰাৰ পাছত সেই বিষয়টো উত্থাপন কৰা ভিক্টৰ দাসৰ জয় বুলিও বহুতে বিশ্বাস কৰি লৈছে।

নিযুক্তিৰ এনে অভিযোগ, প্ৰতি অভিযোগৰ মাজতে শাসকীয় দলটোৰ ৰাজ্যিক সভাপতি গৰাকীলৈয়ো আঙুলি তুলিলে যুৱতীয়ে। ৰঙিয়াৰে যুৱতী গৰাকীৰ অভিযোগৰ পাছত তেওঁক মিছা অভিযোগ তোলা বুলি গ্ৰেপ্তাৰ কৰা হোৱা নাই এতিয়াও।

ভিক্তৰ দাসৰ দৰে সেই তৎপৰতা ভৱেশ কলিতাৰ বিৰুদ্ধে অভিযোগ তোলা যুৱতী গৰাকীৰ সন্দৰ্ভত আৰক্ষীৰ নিলিপ্ততাই সেই অভিযোগৰ সত্যতাকে প্ৰমাণ কৰে নেকি। এনেদৰে ভাবিবও পাৰি নে নোৱাৰি। খবৰ বহু ওলাইছে। কোনোবাই সেই অভিযোগৰ আঁৰত ৰাজনৈতিক ষড়যন্ত্ৰও দেখা পাইছে।

এনে অভিযোগক সম্বল কৰি লৈ সভাপতি আসনৰ পৰা ভৱেশ কলিতাক আঁতৰোৱাৰ চক্ৰান্ত কোনোবাই কৰা নাইতো। চাকৰি কেন্দ্ৰীক এই খবৰবোৰ কিন্তু আৰক্ষীয়ে সোপা দি ৰাখিব পৰা নাই। চাকৰিৰ নামত ৰাজনৈতিক ক্ষমতাশালী নেতাই ডাঙৰ বজাৰ খুলি বহি আছে নেকি।

শাসকীয় দলৰ এজন বিধায়কৰ বিৰুদ্ধেও গুৰুত্বৰ অভিযোগ উঠিছে। উকা OMRৰ শ্বীট জমা দি লিখিত পৰীক্ষাত উত্তীৰ্ণ হোৱা অভিযোগকো যদি এই চৰকাৰে অস্বীকাৰ কৰিব পাৰে তেনেহ'লে আৰু কি অভিযোগ দিলে সেইবোৰৰ তদন্ত হ'ব।

২৬ হাজাৰ নিযুক্তি। একেলগে ২৬ হাজাৰ যুৱক-যুৱতীৰ চাকৰি। লক্ষ্য আছিল ১ লাখ। সেই চাকৰিৰ লিখিত পৰীক্ষা নিয়াৰীকৈ অনুষ্ঠিত কৰা বুলি দাবী চৰকাৰৰ। লখিমপুৰ মেডিকেল কলেজত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ বাবে অনুষ্ঠিত পৰীক্ষাৰ বিসংগতিৰ দায়িত্ব এতিয়া কোনেও লোৱা নাই।

চৰকাৰৰ দায়িত্বশীল মুখপাত্ৰ সকলে নিযুক্তিৰ কেলেংকাৰী কংগ্ৰেছৰ দিনতে হৈছিল বুলি বিষয়টো থাপি-থুপি থ'ব খুজিছে। স্থানীয় এজন বিধায়কৰ ঘনিষ্ঠ ব্যক্তি লিখিত পৰীক্ষাত উত্তীৰ্ণ হৈছে।

কোনোবাজন যদি চালক, আন কোনোবাজন ৰান্ধনী। পত্নী সহায়িকাও লিখিত পৰীক্ষাত সুখ্যাৰ্তীৰে উত্তীৰ্ণ হোৱাৰ পাছত স্থানীয় দল-সংগঠনে প্ৰশ্ন তুলিছে। বিতৰ্কৰ সৃষ্টি হৈছে। লিখিত পৰীক্ষাৰ এই ব্যৱস্থাটোক লৈ এজন যুৱকে ৰহস্য ফদিল কৰাৰ পাছত সেই বিধায়কজনৰ ঘনিষ্ঠ, অঙহী-বঙহী উত্তীৰ্ণ হোৱাত ইয়াৰ উপযুক্ত তদন্তৰ দাবী কৰিছে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বৰ সচেতন। লাখ লাখ নিবনুৱা যুৱক-যুৱতীৰ কথা তেওঁ চিন্তা কৰে। তাৰ প্ৰমাণ মুখ্যমন্ত্ৰীয়ে দিয়াৰ সময়। এজন ভিক্টৰ দাসৰ এটা পোষ্টে তেওঁক কিমান আৱেগিক কৰি তুলিছিল। এতিয়া সেই আৱেগ তেওঁৰ উথলি পৰিব লাগে আকৌ।

এজন বিধায়কৰ ৰান্ধনী, চালক, সাহয়কাৰী সকলে পৰীক্ষাত উত্তীৰ্ণ হ'ব পাৰে। কিন্তু ৰাইজে যে সন্দেহ কৰিছে এতিয়া। সেয়েহে সেই সকলক নিযুক্তি ৰাজনৈতিক পৃষ্ঠপোষকতাত যে দিয়া নহ'ব তাৰ প্ৰমাণ মুখ্যমন্ত্ৰী, আৰক্ষীয়ে কৰিব লাগিব।

৮ লাখ যুৱক-যুৱতীক ভিক্টৰ দাসে হতাশ কৰিছিল নে শাসকীয় দলৰ এই বিধায়ক গৰাকীৰ নাম সাঙোৰ খাই পৰা খবৰে হতাশ কৰিব সেয়া মুখ্যমন্ত্ৰীৰ দৰে অভিজ্ঞ ৰাজনীতিবিদক জানো কোনোবাই বুজাই ক'ব লাগিব।

assam assam govt cm cm himanta biswa sarma