নুমলীগড়ত পক্ষী সংৰক্ষণত ছাত্ৰ-ছাত্ৰীৰ অভিনৱ পদক্ষেপ

নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ইক' ক্লাৱৰ উদ্যোগত পক্ষীকুলৰ সংৰক্ষণৰ বাবে ছাত্ৰ-ছাত্ৰীসকলৰ পক্ষীঘৰ নিৰ্মাণ

author-image
Asomiya Pratidin
New Update
নুমলীগড়ত পক্ষী সংৰক্ষণত  ছাত্ৰ-ছাত্ৰীৰ অভিনৱ পদক্ষেপ

ডিজিটেল সংবাদ, নুমলীগড়ঃ নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ইক' ক্লাৱৰ উদ্যোগত পক্ষীকুলৰ সংৰক্ষণৰ বাবে ছাত্ৰ-ছাত্ৰীসকলে এক অভিনৱ পদক্ষেপ গ্ৰহণ কৰিছে। জনসংখ্যা বৃদ্ধিৰ লগে লগে নগৰীকৰণ, উদ্যোগ প্ৰতিষ্ঠানৰ বাবে ক্ৰমাৎ বনাঞ্চলসমূহ সংকুচিত হ'বলৈ ধৰিছে । ফলস্বৰূপে পক্ষীকুলে খাদ্য আৰু আশ্ৰয় বিচাৰি হাহাকাৰ কৰিবলগীয়া হৈছে ৷

ইফালে বান্দৰৰ উপদ্ৰপৰ বাবে কিছুমান পক্ষী প্ৰজাতিৰ কণী পাৰি পোৱালি জগোৱাটো এক প্ৰত্যাহবান ৰূপে পৰিগণিত হৈছে। চৌদিশে সঘনাই দেখা পোৱা এনে সমস্যাৰ বাবে নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে নিজ হাতে বাঁহ, বেত, ধানখেৰ, আৰু নৰা,নাৰিকলৰ পাত আদিৰে একোটাকৈ চৰাইৰ ঘৰ সাজি পক্ষী সংৰক্ষণৰ ব্যৱস্থা কৰিছে। ছাত্ৰ-ছাত্ৰীসকলে সাজি উলিওৱা এই বাঁহ বিদ্যালয়ৰ পকীবেৰ অথবা গছত বান্ধি দিলে বান্দৰ ,সাপ আদিৰ পৰা সুৰক্ষিত হ'ব ।

বিদ্যালয় চৌহদত বিভিন্ন পক্ষী প্ৰজাতিৰ মুক্ত বিচৰণ দেখিবলৈ পোৱা গৈছিল যিটো পৰিৱেশ এতিয়া বিৰল। পৰীক্ষামূলকভাৱে গ্ৰহণ কৰা এইপদক্ষেপ ফলপ্ৰসূ হ'লে ভৱিষ্যতে সকলোৱে অৱলম্বন কৰিব পাৰিব বুলি ইক' ক্লাৱৰ বিষয়ববীয়াসকলে অৱগত কৰে।

আনুষ্ঠানিকভাৱে মঙ্গলবাৰে এই প্ৰকল্পৰ শুভ উদ্বোধন কৰে ৰাজ্যিক শিক্ষা আৰু গৱেষণা প্ৰশিক্ষণ পৰিষদৰ যুটীয়া সঞ্চালক সঞ্জীৱ কাকতিয়ে। ছাত্ৰ-ছাত্ৰীসকলে পক্ষী সংৰক্ষণৰ বাবে গ্ৰহণ কৰা এই পদক্ষেপক কাকতীয়ে শলাগ লোৱাৰ লগতে বিদ্যালয়ৰ পাঠদানৰ লগতে এনে কাৰ্যই সমাজক উপকৃত কৰিব বুলি মন্তব্য কৰে।

Also Read: মৰিগাঁৱত আৰক্ষীৰ জালত ৬টা সুদখোৰ

numoligarh eco club