ডিজিটেল সংবাদ, লামডিংঃ লামডিঙলৈ সুখবৰ। সদৌ অসম পাঞ্জা খেল প্ৰতিযোগিতাত লামডিঙলৈ গৌৰৱ কঢ়িয়াই আনিলে বিশাল মৈত্ৰই ৷ দৰিদ্ৰতা কেতিয়াও হেঙাৰ হ'ব নোৱাৰে সেই কথাকে প্ৰমান কৰিলে ২৫ বছৰীয়া যুৱক জনে ৷ পিতৃ অবিহনে মাতৃৰ সৈতে থকা বিশালেই একমাত্ৰ ঘৰখনৰ উপাৰ্জনকাৰী ৷
কিশোৰ অৱস্থাৰ পৰাই বিশালে শিক্ষাৰ লগে লগে কৰ্মও কৰি আহিছে ৷ প্ৰথমে স্কুলীয়া বাছ চালক হিচাপে কৰ্মৰত বিশালে ২০১৮ চনত শৰীৰ চৰ্চাত অনুশীলন কৰিছিল ৷ পৰৱৰ্তী সময়ত পাঞ্জাত অনুশীলন কৰি কেবাইখনো ৰাজ্যিক তথা ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতা সমূহক অসম তথা লামডিঙৰ হৈ প্ৰতিনিধিত্ব কৰি পদক অৰ্জন কৰি আহিছে ৷
লামডিং চেলী ফিটনেছ জীমত কনিষ্ঠ প্ৰশিক্ষক হিচাপে নিয়োজিত বিশালে শেহতীয়াকৈ শিলচৰত অনুষ্ঠিত হোৱা ৪৫তম অল আসাম আৰ্ম ৰেষ্টলিং চেম্পিয়নশ্বিপ ( 45th All assam arm wrestling championship ) সোনৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয় ৷ আনফালে জন্মু-কাশ্মীৰত ৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত হ'ব লগীয়া পাঞ্জা প্ৰতিযোগিতাত অসমৰ হৈ প্ৰতিনিধিত্ব কৰিবলৈ সুযোগ লাভ কৰিলে বিশালে ৷
বিশালৰ এই জয়যাত্ৰাত উৎফুলিত হৈ পৰিছে চেলী জিমৰ সকলো কৰ্মকৰ্তা প্ৰশিক্ষক বিকি দাসৰ লগতে জীমৰ স্বত্তাধীকাৰ অনিমেষ মিশ্ৰ ৷ আগন্তুক জন্মু কাশ্মীৰত হব লগীয়া প্ৰতিযোগিতা অসমৰ হৈ প্ৰতিনিধিত্ব কৰিবলৈ যোৱা বিশাল মৈত্ৰই পদক লাভ কৰি সুনাম কঢ়িয়াই আনিব বুলিও আশাবাদী সকলো ৷ চেলী ফিটনেছ জীমৰ পৰা প্ৰতিভাৱান খেলুৱৈজনক সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে ভাৰতক প্ৰতিনিধিত্ব কৰি আন্তৰাষ্ট্ৰীয় পৰ্যায়ত এবাৰ সুযোগ দিবলৈ অনুৰোধ জনায় চৰকাৰ তথা ক্ৰীয়া মন্ত্ৰীক ৷
Also Read: ছলমান খানলৈ হত্যাৰ ভাবুকি, ৰহস্য ফাদিল...