'দিয়া অগ্নিবাণী বিপ্লৱৰ, ভাঙা বন্দীশাল কৌটিকালৰ'- ৰাজ্যৰ চৌদিশে বিষ্ণুপ্ৰসাদ ৰাভাৰ বন্দনা...

'দিয়া অগ্নিবাণী বিপ্লৱৰ, ভাঙা বন্দীশাল কৌটিকালৰ'- ৰাজ্যৰ চৌদিশে বিষ্ণুপ্ৰসাদ ৰাভাৰ বন্দনা...
'দিয়া অগ্নিবাণী বিপ্লৱৰ, ভাঙা বন্দীশাল কৌটিকালৰ'- ৰাজ্যৰ চৌদিশে বিষ্ণুপ্ৰসাদ ৰাভাৰ বন্দনা...
Published on
Updated on

ডিজিটেল ডেস্কঃ আজি ২০জুন, বিষ্ণুপ্ৰসাদ ৰাভা দিৱস। শিল্পী, কবি, সাহিত্যিক, নাট্যকাৰ, সংগীতজ্ঞ, নৃত্যবিদ, চিত্ৰকৰ, অভিনেতা আৰু মুক্তি যুঁজাৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যু হৈছিল আজিৰ দিনটোতে। ১৯৬৯ চনৰ ২০ জুন তাৰিখে নিশা ২-২৫ বজাত তেজপুৰত ৰাভাদেৱে মৃত্যুক সাবটি লৈছিল।

অসমীয়া জাতিক সমৃদ্ধিশীল এক জাতি হিচাপে গঢ় তোলাৰ বাবে অপ্ৰাণ চেষ্টা কৰা বিষ্ণু ৰাভাৰ জন্ম হৈছিল ১৯০৯ চনৰ ৩০ জানুৱাৰীত বেঙ্গল প্ৰেসিডেন্সি (এতিয়াৰ বাংলাদেশ)ৰ ঢাকাত। তেওঁৰ পিতৃৰ আছিল গোপাল চন্দ্ৰ মুছাহাৰী।

ঢাকাৰ সেনা বিভাগৰ বিদ্যালয়ত হাইস্কুলীয়া শিক্ষাগ্ৰহণৰ সময়তে পিতৃৰ মৃত্যু হোৱাত তেওঁ তেজপুৰস্থিত সম্বন্ধীয় লোকৰ ঘৰত থাকিবলৈ লয়। তাৰ পাছত তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰাই ১৯২৬ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হয়। এই পৰীক্ষাত সকলো পৰীক্ষাৰ্থীৰ ভিতৰত সৰ্ব্বোচ্চ নম্বৰ লাভ কৰাৰ বাবে তেওঁ 'কুইন এমপ্ৰেছ' পদক লাভ কৰে।

ৰংপুৰ কলেজত অধ্যয়ন কৰাৰ সময়তে ৰাভাই 'বাঁহী' আলোচনীৰ চিত্ৰলেখা বিভাগ পৰিচালনা কৰাৰ লগতে 'আৱাহন' আলোচনীত পাতি লিখা-মেলা কৰিছিল। ১৯৩৫ চনত ৰাভাই প্ৰথম অসমীয়া বোলছবি জ্যোতি প্ৰসাদ আগৰৱালাৰ 'জয়মতী'ত নৃত্য পৰিচালনাত সহযোগ কৰে। জ্যোতিপ্ৰসাদৰ লগ লাগি ১৯৩৫-৩৭ চনত ৰাভাই 'জয়মতী' আৰু 'শোণিত কুঁৱৰী' নাটকৰ বাণীবদ্ধ ৰূপ প্ৰস্তুত কৰিছিল।

১৯৩৯ চনত কাশী হিন্দু বিশ্ববিদ্যালয়ৰ আমন্ত্ৰণ ক্ৰমে বাৰনাসীত তাণ্ডৱ নৃত্য প্ৰদৰ্শন কৰি খ্যাতি অৰ্জন কৰে। ইয়াতেই সৰ্বপল্লী ৰাধাকৃষ্ণনে তেখেতক 'কলাগুৰু' উপাধি প্ৰদান কৰে। ১৯৪৫ চনৰ শেষৰ ফালে বিষ্ণু ৰাভা ভাৰতৰ বিপ্লৱী কমিউনিষ্ট দলৰ সংস্পৰ্শলৈ আহে।

১৯৪৬ চনত 'চিৰাজ' বোলছবিৰ কামত কলিকতালৈ যোৱাৰ সময়তে সেই দলৰ নেতা সৌমেন্দ্ৰনাথ ঠাকুৰক লগ পায় আৰু দলৰ সক্ৰিয় সদস্য হয়। ১৯৪৮ চনত বিপ্লৱী কমিউনিষ্ট দলক নিষিদ্ধ ঘোষণা কৰাৰ পাছত ১৯৪৮ চনৰপৰা ১৯৫২ চনলৈ ৰাভাই আত্মগোপন কৰে। সেই সময়ৰ বিষ্ণুৰাম মেধিৰ চৰকাৰে তেখেতৰ মূৰৰ দাম দহ হেজাৰ টকা ঘোষণা কৰিছিল। ১৯৫২ চনত অবিভক্ত গোৱালপাৰা জিলাৰ দোতমা ৰাজহ চক্ৰৰ ঘিলাগুৰি গাঁৱত সপত্নীক গ্ৰেপ্তাৰ হয় ৰাভা আৰু এবছৰৰ বাবে জেললৈ যায়।

১৯৫৫ চনত ৰাভাই ভাৰতীয় কমিউনিষ্ট দল (চি.পি.আই.)-ত যোগ দিয়ে আৰু এই দলৰ প্ৰাৰ্থীৰূপে ১৯৫৭ চনত বৰপেটা সমষ্টিৰ পৰা বিধান সভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰে। নিৰ্বাচনত ৰাভাৰ পৰাজয় হয়। ১৯৬২ চনত ভাৰত-চীন যুদ্ধৰ সময়ত চীনাপন্থী বুলি ৰাভাক আকৌ বন্দী কৰা হয় আৰু ন মাহৰ বাবে জেললৈ পঠোৱা হয়। ১৯৬৭ চনত তেজপুৰৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে অসম বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰি জয়লাভ কৰে। ১৯৬৮ চনত কোকৰাঝাৰ সমষ্টিৰ পৰা লোকসভাৰ নিৰ্দলীয় প্ৰাৰ্থীৰূপে থিয় হয় যদিও পৰাজয় বৰণ কৰে।

এইগৰাকী বিপ্লৱী শিল্পীৰ আজিৰ মৃত্যু তিথিত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ভিন্ন অনুষ্ঠান, প্ৰতিষ্ঠানে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছে। অসম চৰকাৰৰ উপৰিও সদৌ অসম ছাত্ৰ সন্থা, ভাৰতীয় জনতা পাৰ্টি, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদকে ধৰি একাধিক সংগঠনে গ্ৰহণ কৰিছে বহু কাৰ্যসূচী। ইয়াৰোপৰি ঠায়ে ঠায়ে আছে বিষ্ণুপ্ৰসাদ ৰাভাৰ গীতৰ আধাৰত গীত, নৃত্য প্ৰতিযোগিতা। আছে চিত্ৰাংকন প্ৰতিযোগিতাও। এইদৰেই আজি ৰাজ্যজুৰি উদযাপন হ'ব কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱস।

'দিয়া অগ্নিবাণী বিপ্লৱৰ, ভাঙা বন্দীশাল কৌটিকালৰ'- ৰাজ্যৰ চৌদিশে বিষ্ণুপ্ৰসাদ ৰাভাৰ বন্দনা...
যোৰহাট ডায়েটত মহিলা সবলীকৰণ আৰু স্বাস্থ্য সজাগতা শিবিৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in