দৰং জিলা সাহিত্য সভাৰ উদ্যোগত বিষ্ণু ৰাভা দিৱস উদযাপনৰ প্ৰস্তুতি

দৰং জিলা সাহিত্য সভাৰ উদ্যোগত বিষ্ণু ৰাভা দিৱস উদযাপনৰ প্ৰস্তুতি

author-image
Asomiya Pratidin
New Update
দৰং জিলা সাহিত্য সভাৰ উদ্যোগত বিষ্ণু ৰাভা দিৱস উদযাপনৰ প্ৰস্তুতি

ডিজিটেল সংবাদ,মঙলদৈ : হালধাৰ নৱদীপ শাখা সাহিত্য সভাৰ উদ্যোগত দৰং জিলা সাহিত্য সভাৰ সোণালী জয়ন্তী বৰ্ষীয় কাৰ্যসূচী কেন্দ্ৰীয় বিষ্ণু ৰাভা দিৱসটি অহা ২০জুনত দিনজোৰা কাৰ্যসূচীৰে উদযাপৰ কৰা হ'ব ৷ জয়ন্তীপুৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাঙ্গনত উদযাপন কৰা হ'ব বিষ্ণু ৰাভা দিৱস।

বিষ্ণু ৰাভা দিৱসৰ লগত সংগতি ৰাখি সদ্য ঘোষিত উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত জিলাখনৰ যিসকল কৃতী শিক্ষাৰ্থীয়ে বিশেষ কৃতিত্ব লাভ কৰিবলৈ সক্ষম হৈছে তেওঁলোকক অভিনন্দন জনোৱা হ'ব বুলি জিলা সাহিত্য সভাৰ সম্পাদক বসন্ত শইকীয়াই জানিবলৈ দিয়ে। কাৰ্যসূচী অনুসৰি পুৱা ৮-৫৫ বজাত নৱদীপ শাখা সাহিত্য সভাৰ সভাপতি গিৰিশ চন্দ্ৰ বনিয়াই অসম সাহিত্য সভাৰ পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ আৰম্ভ কৰিব।

পুৱা ১০-৩০ বজাত ছাত্ৰ ছাত্ৰীৰ মাজত চিত্ৰাঙ্কন,ৰাভাৰ কবিতা আবৃত্তি আৰু ৰাভা সংগীত প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। ১২-৪৫ বজাত ৰাভাদেৱৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰিব দৰং জিলা সাহিত্য সভাৰ উপ-সভাপতি ধীৰেন্দ্ৰ কুমাৰ শৰ্মাই।

দুপৰীয়া ১-০০বজাৰ পৰা অনুষ্ঠিত হ'ব লগীয়া মুকলি সভা আৰু অভিনন্দন অনুষ্ঠানত সভাপতিত্ব কৰিব দৰং জিলা সাহিত্য সভাৰ সভাপতি ৰজনীকান্ত নাথে। সভাখন উদ্ধোধন কৰিব পুঠিমাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক ড০ মতিউৰ ৰহমানে।

সভাত মুখ্য বক্তা হিচাপে উপস্থিত থাকি ৰাভাৰ সন্দৰ্ভত বক্তৃতা ৰাখিব দৰং জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা ছিপাঝাৰ মহাবিদ্যালয়ৰ অৱসৰী অধ্যাপক ড০ ৰামচন্দ্ৰ ডেকাই। সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতা আৰু ছিপাঝাৰ সমষ্টিৰ বিধায়ক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড০ পৰমানন্দ ৰাজবংশী।

প্ৰাক্তন বিধায়ক বিনন্দ কুমাৰ শইকীয়া , অসম সাহিত্য সভাৰ সম্পাদক সৎৰাম ডেকা , অসম সাহিত্য সভাৰ আমন্ত্ৰিত সদস্য আব্দুল মালিক আৰু অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য মুকুট হাজৰিকা বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব। সভাত জাতীয় আদৰ্শ শিক্ষা সংসদৰ সচিব ৰাণা বশিষ্ঠ আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকিব।

এই সভাতেই জিলা সাহিত্য সভাৰ কুঁহি উপ-সমিতিয়ে ৰাভা দিৱস উপলক্ষে অনুষ্ঠিতব্য ৰচনা প্ৰতিযোগিতাৰ বিজয়ী প্ৰতিযোগীসকলক পুৰস্কাৰ প্ৰদান কৰা হ'ব। এই কথা জানিবলৈ দিয়ে কুঁহি উপসমিতিৰ আহ্বায়ক ড ০লীনা শইকীয়াই।

দিনজোৰা ৰাভা দিৱসৰ সকলো কাৰ্যসূচী সফলতা আশা কৰিছে নৱদীপ শাখা সাহিত্য সভাৰ সম্পাদক প্ৰদীপ চমুৱা, দৰং জিলা সাহিত্য সভাৰ সোণালী জয়ন্তী উদযাপনৰ সম্পাদকদ্বয় গৌতমানন্দ গোস্বামী আৰু ৰানা আলমে।

Also Read: পথ দুৰ্ঘটনাত অকাল মৃত্যু ফটো সাংবাদিকৰ

mangaldai Bishnu Prasad Rabha