ডিজিটেল সংবাদ, ৰঙিয়া : দেওবাৰে ৰঙিয়াত বিশ্ব হিন্দু মহাসংঘৰ কামৰূপ গ্ৰাম্য জিলা সমিতিখন পূৰ্ণাংগ ৰূপত গঠন কৰা হয় । স্থানীয় প্ৰগতি সংঘ প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা হয় মুকলি সভা ।
সংগঠনটোৰ কামৰূপ জিলা অধ্যক্ষ জ্যোতি প্ৰকাশ শৰ্মাৰ সঞ্চালনাত অনুষ্ঠিত সভাত সংগঠনটোৰ উত্তৰ পূৰ্ব প্ৰভাৰী লীমা মহন্ত ,উত্তৰ পূৰ্বাঞ্চলৰ সহ প্ৰভাৰী এন এন সিংহা ,অসম প্ৰদেশৰ সাংগঠনিক সম্পাদক মানস প্ৰতীম মহন্ত প্ৰমুখ্যে নেতৃবৃন্দই অংশগ্ৰহণ কৰে। সভাত সংগঠনটোৰ সাংগঠনিক স্থিতি সন্দৰ্ভত আলোচনা কৰাৰ লগতে আগন্তুক দিনৰ কাৰ্যপন্থা সন্দৰ্ভতো গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়।
Also Read: গুৱাহাটীত দৃষ্টিহীন ল'ৰাৰ মাজত প্ৰথম ক্লাব পৰ্যায়ৰ ক্ৰিকেট প্ৰতিযোগিতা সম্পন্ন