বিশ্বনাথত বিশ্ব হিন্দু পৰিষদৰ প্ৰতিষ্ঠা দিৱস আৰু জন্মাষ্টমী উদযাপন

বিশ্বনাথত বিশ্ব হিন্দু পৰিষদৰ প্ৰতিষ্ঠা দিৱস আৰু জন্মাষ্টমী উদযাপন
Published on
Updated on

ডিজিটেল সংবাদ,বিহালী : বিশ্ব হিন্দু পৰিষদৰ ৬০সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু শ্ৰীকৃষ্ণ জন্মাষ্টমী বিশ্বনাথ জিলাৰ বিশ্বনাথ গ্ৰাম্য প্ৰখণ্ডৰ কুমলীয়া খণ্ডত সোমবাৰে বিভিন্ন কাৰ্যসূচীৰে উদযাপন কৰা হয়। পুৱা ১১ বজাত ধৰ্মধ্বজা উত্তোলন কৰাৰ পিছত কণ কণ শিশুসকলে শ্ৰীকৃষ্ণৰ লীলাৰ আধাৰত বিভিন্ন ধৰণৰ নৃত্য প্ৰদৰ্শন কৰে।

সন্ধিয়া শ্ৰীকৃষ্ণ আৰতিৰ পিছত ধৰ্ম সভা অনুষ্ঠিত কৰা হয়। উক্ত সভাৰ সভাপতিত্ব কৰে কুমলীয়া খণ্ড সমিতিৰ সভাপতি পদ্ম চৌহানে আৰু সভাৰ আঁত ধৰে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ ৰুদ্ৰ ধুংগেলে।

সভাত মুখ্য বক্তা হিচাপে উপস্থিত থাকি বিশ্ব হিন্দু পৰিষদ উত্তৰ-পূৱ প্ৰান্তৰ মাতৃ শক্তি সংযোজিকা বকুল ৰয়ে নিজৰ ভাষণ প্ৰসংগত জনসংখ্যা বৃদ্ধি, প্লাষ্টিকৰ ব্যৱহাৰ আদিৰ ফলত হোৱা সমস্যাৰ বিষয়ে বক্তব্য আগবঢ়ায়। লগতে হিন্দু সমাজৰ প্ৰতিগৰাকী মাতৃয়ে নিজৰ সন্তানক হিন্দু সংস্কৃতিৰে কিদৰে সংস্কাৰী কৰিব লাগে সেই বিষয়ে সভাত উপস্থিত থকা মাতৃসকলক পৰামৰ্শ আগবঢ়ায়।

সভাৰ শেষত কীৰ্ত্তন-ভজন অনুষ্ঠিত কৰি দিনজোৰা কাৰ্যসূচীৰ সফল সামৰণি কৰা হয়। উক্ত অনুষ্ঠানত উপস্থিত থাকে বিশ্বনাথ জিলা সমিতিৰ উপ সভাপতি ৰাকেশ আগৰৱালা, সম্পাদক ইন্দ্ৰজিত গুপ্তা, সহঃ সম্পাদক বিকাশ কাৰ্কী, বিশ্বনাথ গ্ৰাম্য প্ৰখণ্ডৰ সৎসংগ প্ৰমুখ টংকনাথ ঘিমিৰে, কুমলীয়া খণ্ড সমিতিৰ সম্পাদকদ্বয় ক্ৰমে পংকজ মিজাৰ আৰু মদন কাৰ্কী।

বিশ্বনাথত বিশ্ব হিন্দু পৰিষদৰ প্ৰতিষ্ঠা দিৱস আৰু জন্মাষ্টমী উদযাপন
বিহপুৰীয়াত নিষিদ্ধ নগাঁৱৰ মাছ : দল- সংগঠনৰ ৰাজহুৱা সিদ্ধান্ত

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in