ডিজিটেল সংবাদ বিশ্বনাথঃ বিগত ৬ জানুৱাৰী তাৰিখে বিহালীৰ বিধায়ক তথা অসম ৰাজ্যিক বিজেপিৰ প্ৰাক্তন সভাপতি, প্ৰাক্তন মন্ত্ৰী ৰঞ্জিত দত্তৰ পুত্ৰ দ্বিপজ্যোতি দত্ত যোৰাবাট আৰক্ষীৰ হাতত সুৰামত্ত অৱস্থাত বিলাসী বাহন ফৰচূনাৰ চলাই আটক হোৱা ঘটনাই বিশ্বনাথ জিলাত সৃষ্টি কৰিছে তীব্ৰ জোঁকাৰণি৷ স'ততে ভাৰতীয় সনাতনী সংস্কৃতিৰ কথা কোৱা বিজেপি দলৰ খোদ্ জ্যেষ্ঠ বিধায়ক ৰঞ্জিত দত্তৰ পুত্ৰই সুৰাত মাতালহৈ ৰাজপথত বাহন চলাই যান-বাহন আইন উলংঘা কৰাৰ লগতে আৰক্ষীক দুৰ্ব্যৱহাৰ কৰা বিষয়টোৱে বিশ্বনাথৰ ৰাজনৈতিক মহলত চৰ্চাৰ বিষয়হৈ পৰিছে৷
আজি বিশ্বনাথ জিলা কংগ্ৰেছৰ মুখপাত্ৰ তুষাৰ বৰাই সাংবাদিকক সম্বোধন কৰি বিহালীৰ বিধায়ক ৰঞ্জিত দত্তৰ পুত্ৰৰ ''ড্ৰিংক এণ্ড ড্ৰাইভ'' সন্দৰ্ভত বিধায়ক ৰঞ্জিত দত্তৰ নৈতিকতাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে৷ জিলা কংগ্ৰেছ মুখপাত্ৰ তুষাৰ বৰাই কয় যে, যিসময়ত ৰাজ্য চৰকাৰে ড্ৰিংক এণ্ড ড্ৰাইভৰ ক্ষেত্ৰত পৰিবহন বিভাগে সুৰাপায়ী বাহন চালকৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰি চালকৰ অনুজ্ঞা পত্ৰ আৰু বাহনৰ পঞ্জীয়ন বাতিল কৰিছে সেইসময়ত ৰাজ্যৰ জ্যেষ্ঠ বিজেপি বিধায়ক তথা প্ৰাক্তন কেবিনেট মন্ত্ৰীৰ পুত্ৰ দ্বীপজ্যোতি দত্তই যোৰবাট আৰক্ষীৰ হাতত সুৰাসক্ত অৱস্থাত বিলাসী বাহন চলাই ধৰা পৰাৰ দৰে এক নিন্দনীয় কাৰ্য সংঘটিত হৈছে ।
মুখপাত্ৰ তুষাৰ বৰাই কয় যে, বিহালীৰ বিধায়ক ৰঞ্জিত দত্তৰ পুত্ৰই লগত আন ২ জন যুৱকৰ সৈতে অত্যাধিক মদ্যপান কৰি গাড়ী চলোৱাতে ক্ষান্ত নাথাকি আৰক্ষীৰ লগতো তৰ্ক-যুদ্ধ কৰি আৰক্ষীৰ কৰ্তৱ্য পালনত বাধা প্ৰদানৰ দৰে বেআইনী কাণ্ড সংঘটিত কৰিছে । যি ৰঞ্জিত দত্তই অসম চৰকাৰৰ কেবিনেট মন্ত্ৰীহৈ ৰাজ্যৰ শান্তি-শৃংখলা অটুট ৰাখিবলৈ আইন প্ৰণয়ণ কৰে সেই গৰাকীলোকৰ পুত্ৰই আইন ভাঙি টহলিয়াই ফুৰাটো সাধৰণ ঘটনা নহয় ৷
সংবাদ মেল সম্বোধন কৰি বিশ্বনাথ জিলা কংগ্ৰেছে মুখপাত্ৰ তুষাৰ বৰাই বিজেপি দলৰ জ্যেষ্ঠ বিধায়কৰ পুত্ৰ হিচাপে সমাজত যি নৈতিকতাৰ পৰিচয় দিব লাগিছিল সেই নৈতিক পাঠ পুত্ৰক প্ৰদান কৰিছিল নাই বুলি প্ৰশ্ন তোলে৷ তদুপৰি মুখপাত্ৰ বৰাই কয় যে, দ্বিপজ্যোতি দত্ত এগৰাকী প্ৰাক্তন কেবিনেট মন্ত্ৰী তথা বিহালীৰ বিধায়কৰ সন্তানেই নহয় দ্বীপজ্যোতি দত্ত বিজেপি দলৰ ভাতৃ সংগঠন বিশ্বনাথ জিলা বিজেপি যুৱ মৰ্চাৰো নেতা। তেনেক্ষেত্ৰত সুৰামত্তহৈ আইন ভঙ্গ কৰা আৰক্ষীক হকা-বধা কৰা বিধায়কৰ পুত্ৰই যুৱপ্ৰজন্মক কেনেধৰণৰ আদৰ্শ দেখুৱাইছে বুলিও প্ৰশ্ন কৰিছে৷
সংবাদমেলত মুখপাত্ৰ তুষাৰ বৰাই বিধায়ক পুত্ৰৰ কাণ্ডৰ প্ৰসংগত ৰাজ্যৰ পৰিবহণ বিভাগ আৰু আৰক্ষীক মটৰ পৰিবহণ আইন অনুসৰি বিধায়ক পুত্ৰৰ চালকৰ অনুজ্ঞা পত্ৰ আৰু বাহনৰ পঞ্জীয়ন বাতিলৰ দাবী কৰিছে ৷ উল্লেযোগ্য যে বিহালীৰ বিধায়ক ৰঞ্জিত দত্তই সমাগত লোকসভা নিৰ্বাচনত ১১ নং শোণিতপুৰ সংসদীয় সমষ্টিৰ পৰা বিজেপি দলৰ প্ৰাৰ্থীত্বৰ বাবে কুচকাৱাজ কৰাৰ সময়তে নিজপুত্ৰৰ কাণ্ডকলৈ ৰঞ্জিত দত্তৰ নৈতিকতাকলৈ প্ৰশ্ন তুলিছে বিশ্বনাথ জিলা কংগ্ৰেছে ৷
Also Read: USTM মিছন হেল্থকেয়াৰ সন্দৰ্ভত উত্তৰ-পূবৰ বিশিষ্ট চিকিৎসকৰ আলোচনা সম্পন্ন