জয়ন্ত বৰাক কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰদানৰ বিৰুদ্ধে বাঘমাৰীৰ সংখ্যালঘু লোকৰ প্ৰতিবাদ

জয়ন্ত বৰাক কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰদানৰ বিৰুদ্ধে বাঘমাৰীৰ সংখ্যালঘু লোকৰ প্ৰতিবাদ

author-image
Asomiya Pratidin
New Update
জয়ন্ত বৰাক কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰদানৰ বিৰুদ্ধে বাঘমাৰীৰ সংখ্যালঘু লোকৰ প্ৰতিবাদ

ডিজিটেল সংবাদ, বিহালী: জয়ন্ত বৰাক প্ৰাৰ্থিত্ব প্ৰদানৰ বিৰুদ্ধে বিশ্বনাথৰ বাঘমাৰিত ওলাই আহিল একাংশ সংখ্যালঘু ৰাইজ। বিৰোধী ঐক্যমঞ্চৰ পৰা বিহালী বিধান সভা সমষ্টি চিপিআই(এম এল)ক এৰি দিয়াৰ কথা আছিল যদিও বৰ্তমান কংগ্ৰেছ দলৰ পৰা বিহালী সমষ্টিৰ প্ৰাৰ্থী হিচাপে সদ্য বিজেপি ত্যাগী নেতা জয়ন্ত বৰাৰ নাম উচ্চাৰিত হৈছে।

যাৰ বাবে ইতিমধ্যে বিশ্বনাথ জিলা কংগ্ৰেছ, বিশ্বনাথ যুৱ কংগ্ৰেছ ইত্যাদিয়ে জয়ন্ত বৰাৰ প্ৰাৰ্থিত্বৰ বিৰুদ্ধে বিভিন্ন প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। তাৰ সমান্তৰাল ভাবে আজি বিহালী সমষ্টিৰ বাঘমাৰীৰ বাৰপাম অঞ্চলৰ একাশ কংগ্ৰেছ দলৰ তৃণমূল কৰ্মী ৰাজপথলৈ ওলাই আহি জয়ন্ত বৰা গ বেক, জয়ন্ত বৰা হাই হাই ইত্যাদি শ্ল'গান প্ৰদৰ্শন কৰে।

কোনো কাৰণতে কংগ্ৰেছ দলৰ পৰা যাতে জয়ন্ত বৰাক দলীয় টিকট প্ৰদান নকৰিবলৈ কংগ্ৰেছ দলৰ শীৰ্ষ নেতৃত্বক দাবী জনাই প্ৰতিবাদকাৰীয়ে। জয়ন্ত বৰাৰ পৰিৱৰ্তে কংগ্ৰেছে যিকোনো পুৰণি কংগ্ৰেছ নেতাক দলীয় টিকট প্ৰদান কৰিব লাগে বুলি তেওঁলোকে মত প্ৰকাশ কৰে। অন্যথা জয়ন্ত বৰাক কংগ্ৰেছৰ পৰা দলীয় টিকট প্ৰদান কৰিলে কোনো কাৰণতে তেওঁক সহযোগ নকৰে বুলি সকিয়াই দিয়ে।

Also Read: ৰঙা পানীৰ নিচাত মাতাল হৈ ৰে'লত অসভ্যালি সেনা জোৱানৰ, পালেগৈ জেল..

congress protest