বিশ্বনাথত জিলা নিৰ্বাচনী বিষয়াৰ সংবাদমেলঃ মুক্ত, স্বচ্ছ নিৰ্বাচনৰ বাবে সকলোৰে সহযোগিতাৰ আহ্বান

বিহালী বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনৰ সময়সূচী প্ৰকাশ

author-image
Asomiya Pratidin
New Update
বিশ্বনাথত জিলা নিৰ্বাচনী বিষয়াৰ সংবাদমেলঃ মুক্ত, স্বচ্ছ নিৰ্বাচনৰ বাবে সকলোৰে সহযোগিতাৰ আহ্বান

বিশ্বনাথত জিলা নিৰ্বাচনী বিষয়াৰ সংবাদমেলঃ মুক্ত, স্বচ্ছ নিৰ্বাচনৰ বাবে সকলোৰে সহযোগিতাৰ আহ্বান

ডিজিটেল সংবাদ বিহালীঃ বিশ্বনাথ নিৰ্বাচন জিলাৰ অন্তৰ্গত ৭৭ নং বিহালী বিধানসভা সমষ্টিৰ সমাগত উপ নিৰ্বাচনৰ দিন ঘোষনা কৰাৰ পাছতে আজি বিশ্বনাথৰ জিলা নিৰ্বাচনী বিষয়া তথা বিশ্বনাথৰ জিলা আয়ুক্ত মুণিন্দ্ৰ নাথ ঙাটেই এখন সংবাদমেল সম্বোধন কৰে।

জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মিলন কক্ষত বিয়লি ৩ বজাত অনুষ্ঠিত হোৱা সংবাদমেলখনিত জিলা নিৰ্বাচনী বিষয়া তথা জিলা আয়ুক্তগৰাকীয়ে ৭৭ নং বিহালী বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ সময়সূচী প্ৰকাশ কৰাৰ লগতে কয় যে, বিশ্বনাথ জিলা নিৰ্বাচন কাৰ্যালয়ে ৭৭ নং বিহালী বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচন মুক্ত, নিৰপেক্ষ, অংশগ্ৰহণমূলক, সুলভ, সামগ্ৰিক, স্বচ্ছ আৰু শান্তিপূৰ্ণ ভাৱে অনুষ্ঠিত কৰাৰ বাবে এক ব্যাপক প্ৰস্তুতি চলাইছে। সংবাদমেলত জিলা নিৰ্বাচনী বিষয়াগৰাকীয়ে উল্লেখ কৰা অনুসৰি ১৩ নবেম্বৰ, ২০২৪ তাৰিখে অনুষ্ঠিত হ'ব লগা ৭৭ নং বিহালী বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে আজি অৰ্থাৎ ১৮ অক্টোবৰত নিৰ্বাচনৰ জাননী জাৰি কৰা হৈছে।

সেইদৰে মনোনয়ন পত্ৰ সংগ্ৰহ আৰু দাখিলৰ অন্তিম দিন হৈছে ২৫ অক্টোবৰ। ২৮ অক্টোবৰত এই মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰা হ'ব আৰু ৩০ অক্টোবৰত মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন নিৰ্ধাৰন কৰা হৈছে। অহা ১৩ নৱেম্বৰত ভোটগ্ৰহণ কৰা হ'ব আৰু ২৩ নবেম্বৰত ভোট গণনা সম্পন্ন হ'ব।

ভাৰতৰ নিৰ্বাচন আয়ুক্তই নিৰ্বাচনৰ সময়সূচী ঘোষণা কৰাৰ লগে লগেই বিশ্বনাথ নিৰ্বাচনী জিলাতো নিৰ্বাচনৰ আচৰণ বিধি বলবৎ হোৱাৰ কথা উল্লেখ কৰি জিলা নিৰ্বাচনী বিষয়া মুণিন্দ্ৰ নাথ ঙাটেই সমষ্টিটোত নিকা আৰু মুক্ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে সকলো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি প্ৰকাশ কৰি এই ক্ষেত্ৰত সকলোৰে সহযোগিতা কামনা কৰে।

উল্লেখ্য যে বিশ্বনাথ নিৰ্বাচনী জিলাৰ অন্তৰ্গত ৭৭ নং বিহালী বিধানসভা সমষ্টিত ১৫৪ টা ভোট কেন্দ্ৰত ১,৩২,৫৭৯ গৰাকী ভোটাৰে ভোটদান কৰিব। ইয়াৰে পুৰুষ ভোটাৰ ৬৬,০৩৯ গৰাকী আৰু মহিলা ভোটাৰৰ সংখ্যা হৈছে ৬৬,৫৪০ গৰাকী। সুকলমে নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে সমষ্টিটো ৫ টা জ'ন আৰু ১৬ টা চেক্টৰত ভাগ কৰা হৈছে।

আজিৰ সংবাদমেলত জিলা নিৰ্বাচনী বিষয়া তথা জিলা আয়ুক্ত মুণিন্দ্ৰ নাথ ঙাটেৰ উপৰিও অতিৰিক্ত জিলা আয়ুক্ত ধ্ৰুৱজ্যোতি দাস, ৰাকেশ ডেকা, হৃদয় কুমাৰ দাস, নিৰ্বাচনী বিষয়া ধীমান হাজৰিকা প্ৰমুখ্যে বিষয়া আৰু কৰ্মচাৰীসকল উপস্থিত আছিল।

উল্লেখযোগ্য যে, সদ্য সমাপ্ত লোকসভা নিৰ্বাচনত বিহালী বিধানসভা সমষ্টিৰ বিধায়ক ৰঞ্জিত দত্তই ১১ নং শোণিতপুৰ লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰি জয় লাভ কৰাৰ পৰিপ্ৰেক্ষিতত খালী হৈ পৰা ৭৭ নং বিহালী বিধানসভা সমষ্টিত উপ-নিৰ্বাচন নিশ্চিত হৈ পৰে। সেই অনুসৰি বিধানসভা সমষ্টিটোত ভাৰতীয় নিৰ্বাচনী আয়োগে উপ-নিৰ্বাচনৰ দিন ঘোষণা কৰিছে।

Also Read: জামুগুৰিহাটৰ টুপিয়াত নৈশ ফুটবল প্ৰতিযোগিতাৰ আয়োজন...

বিহালী উপ নিৰ্বাচন বিশ্বনাথ জিলা আয়ুক্ত