ডিজিটেল ডেস্কঃ দেশৰ শ্ৰেষ্ঠ পৰ্যটন গাওঁ হিচাপে স্বীকৃতি লাভ কৰিছে বিশ্বনাথ ঘাটে। শুকুৰবাৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমৰ জৰিয়তে এই কথা প্ৰকাশ কৰিছে।
উল্লেখ্য যে, মুখ্যমন্ত্ৰী ড০ শৰ্মাই জনোৱা অনুসৰি ২০২৩ বৰ্ষৰ দেশৰ শ্ৰেষ্ঠ পৰ্যটন গাওঁ হিচাপে পৰ্যটন বিভাগে বিশ্বনাথ ঘাটক নিৰ্বাচিত কৰিছে। ইয়াৰ বাবে পৰ্যটন বিভাগলৈ দেশৰ মুঠ ৩১ খন ৰাজ্য আৰু তেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰা ৭৯১ খন আৱেদন আহিছিল।
ইয়াৰ ভিতৰত বিশ্বনাথ ঘাট নিৰ্বাচিত হয়। বিশ্বনাথ ঘাটলৈ এই স্বীকৃতিয়ে অসম চৰকাৰে অসমত গ্ৰাম্য পৰ্যটনৰ প্ৰচাৰৰ বাবে লোৱা বৃহৎ প্ৰচেষ্টাক প্ৰতিফলিত কৰিছে বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে।
বিশ্বনাথ ঘাটৰ বিষয়ে
অসমৰ এক ইতিহাসপ্ৰসিদ্ধ স্থানসমূহৰ ভিতৰত বিশ্বনাথ ঘাট উল্লেখনীয়। গুপ্তকাশী হিচাপেও পৰিচিত এই বিশ্বনাথ ঘাট এতিয়া অসমৰ উপৰিও বহিঃৰাজ্যৰ পৰ্যটকৰ অন্যতম আকৰ্ষণৰস্থলী।
বিশ্বনাথ জিলাৰ সদৰৰ পৰা প্ৰায় ৯/১০ কিলোমিটাৰ দক্ষিণে ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰত অৱস্থিত বিশ্বনাথ ঘাটৰ সৌন্দৰ্যই মুগ্ধ কৰি আহিছে পৰ্যটকসকলক। সুবিশাল ব্ৰহ্মপুত্ৰৰ জলৰাশি-বিধৌত অপৰূপ প্ৰাকৃতিক সৌন্দৰ্য্যই সকলো শ্ৰেণীৰ লোককে এই স্থানলৈ আকষৰ্ণ কৰে । বিশ্বনাথ ঘাটৰ অন্যতম আকৰ্ষণৰ কেন্দ্ৰ ইয়াত থকা দৌল, দেৱালয় সমূহো।
ইয়াত আছে মুঠ ৩০ খন দেৱালয়। সেই সমূহ ক্ৰমে উমা, চক্ৰেশ্বৰ, হৰিহৰ-কৰ্দমেশ্বৰ, বাসুদেৱ, নাংগলেশ্বৰ, ভৈৰৱেশ্বৰ, বাঘেশ্বৰী সিদ্ধেশ্বৰ, বিশ্বনাথ, চণ্ডী কমলেশ্বৰ, শিৱনাথ, মুক্তিনাথ, বানেশ্বৰ বা বৰদ'ল জাগ্ৰা, বুঢ়ামাধৱ(প্ৰতাপগড়), কালভৈৰৱ, বীৰভদ্ৰ বা বৰলা শিল, জোঙাশিল,পূৰ্বশংকৰ, সুৰ্য্যমাধৱ, অণ্ণপূৰ্ণা, গণেশ, বৃষধ্বজ, কাশীনাথ, উদ্ৰেশ্বৰ, গৌৰীবল্লভ, বিষ্ণু, দুৰ্গাশক্তি আৰু মংগল চণ্ডিকা।
আহোম ৰাজত্বৰ সময়ছোৱাত বিশ্বনাথত ৰুদ্ৰসিংহই যজ্ঞ কৰিবলৈ আহিছিল। লগত আহিছিল পাণীফুকন, বৰগোহাঞি, ফুকন আলো ৰাজখোৱাবোৰ। মাঘৰ মাহত ইয়াত তেওঁলোকে যজ্ঞ সমাপণ কৰি পুনৰ গড়গাঁৱলৈ উভতি গৈছিল।
সেইদৰে বিশ্বনাথ অঞ্চলত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱেও এই অঞ্চলত কিছুদিন বাস কৰিছিল। কছাৰী আৰু বাৰভূঞাৰ সংঘৰ্ষৰ সময়ছোৱাত শংকৰদেৱে বৰদোৱা এৰি বিশ্বনাথ অঞ্চলত কিছুদিন পাৰ কৰিছিল। ইয়াৰ পৰাই তেওঁ উজাই মাজুলী পাইছিলগৈ। তাৰ পাছতেই তেওঁ বেলগুৰিত বাৰ বছৰ সত্ৰ পাতি বাহৰ পাতিছিল।
গুপ্তকাশী হিচাপে পৰিচিত বিশ্বনাথৰ সৈতে আছে মহাদেৱ আৰু বাণাসুৰৰ সম্পৰ্ক। কিংবদন্তি মতে কাশীৰ দৰে জনাজাত নহৈ বাণ ৰজাৰ দিনত দুজন মুনিৰ অভিশাপত এই বিশ্বনাথ গুপ্তকাশী হিচাপে জনাজাত হৈছিল।
আন এক কিংবদন্তি মতে আকৌ এক কোটি শিৱ লিংগৰ অধিস্থান ক্ষেত্র বিশ্বনাথ পূৰ্ণ কাশী আছিল। কিন্তু পৃথিৱীত দুখন কাশী হ’লে মোক্ষ লাভ কৰা জীৱৰ সংখ্যা বৃদ্ধি হৈ শেষত সৃষ্টিয়েই লোপ পাব বুলি আশংকা কৰি দেৱতাসকলে এটা শিৱলিংগ বিশ্বনাথ ক্ষেত্রৰ পৰা চুৰি কৰি নি আন এঠাইত লুকুৱাই ৰাখিছিলগৈ।
প্রকৃত ইতিহাস ধূসৰ হৈ থকা বিশ্বনাথৰ মূল মন্দিৰটি অতি প্রাচীন বুলি ভৱা হয়।বিশ্বনাথৰ মূল শিৱ লিংগ থকা প্রাচীন এই মন্দিৰভাগ বুঢ়ীগাং নদী আহি ব্রহ্মপুত্রত মিলন হোৱা ঠাইতে আছিল।
শালস্তম্ভ বংশৰ শাসনৰ কালতে পোনপ্রথমে বিশ্বনাথ শিৱৰ নামত শৈলমন্দিৰ নিৰ্মাণ কৰা হৈছিল। ১৬১৫ চনৰ পৰা ১৬২০ চনৰ ভিতৰত প্রাচীন শৈল মন্দিৰটো ভাগি পৰাত ১৬২১ চনত প্রতাপ সিংহই মোমাই তামুলী বৰবৰুৱাৰ হতুৱাই বিশ্বনাথ মন্দিৰ নিৰ্মাণ কৰাইছিল।
পিছত প্রতাপ সিংহৰ দিনৰ বিশ্বনাথ মন্দিৰটো সম্ভৱতঃ পুনৰ ভাগি পৰে। আৰু প্রমত্ত সিংহ স্বৰ্গদেৱে ১৭৫০ চনত খাপনা দ’ল নামেৰে বুৰঞ্জীত পৰিচিত বিশ্বাথ দ’লটো সুউচ্চকৈ বনাই দিয়ে। ইয়াৰ পাছত আকৌ ব্রহ্মপুত্রৰ বানত এই মন্দিৰ ধ্বংশ হয় আৰু পুনৰ নিৰ্মাণৰ অনুপযুক্ত হোৱাত স্বৰ্গদেউ লক্ষ্মী সিংহই ১৭৭৪ চনত পুৰণি পীঠৰ পৰা ২০০ মিটাৰমান পশ্চিমৰ বৰ্তমানৰ ঠাইত নতুনকৈ সামান্য ৰূপত বিশ্বনাথ মন্দিৰ সজাই।
কিন্তু মানৰ আক্রমণৰ সময়ত এই মন্দিৰৰ সোণৰ কলচি ভাঙি নিয়াৰ উপৰিও অপবিত্র কৰাত এই মন্দিৰ পৰিত্যক্ত হয় আৰু সেয়েহে ইয়াৰ কাষতে পুনৰ ইংৰাজৰ দিনত আধুনিক বিশ্বনাথ দেৱালয় প্রতিষ্ঠা কৰা হয়।
এই বিশ্বনাথ ঘাট এক ধাৰ্মিক কেন্দ্রস্থল হিছাপে পৰিচিত যদিও বৃটিছ যুগলৈকে বিশ্বনাথ নদীপথ,সামৰিক আৰু প্রতিৰক্ষাৰ বাবে প্রাকৃতিক ভাৱে সুবিধাজনক স্থল আৰু প্রশাসনিক দিশৰ পৰাও অতি গুৰুত্বপূৰ্ণ স্থান হিছাপে বিখ্যাত আছিল।
Also Read: মহিলা সংৰক্ষণ বিলঃBJPৰ কাৰ্যালয়ত মহিলা নিৰাপত্তাৰক্ষী, মোডীৰ ফটো ছেচন...