কিহৰ বাবে বিশ্বনাথৰ মেধাৱী ছাত্ৰীয়ে ল'লে চৰম পন্থা?

কিহৰ বাবে বিশ্বনাথৰ মেধাৱী ছাত্ৰীয়ে বাছি ল'লে চৰম পন্থা?

author-image
Asomiya Pratidin
New Update
কিহৰ বাবে বিশ্বনাথৰ মেধাৱী ছাত্ৰীয়ে ল'লে চৰম পন্থা?

ডিজিটেল সংবাদ, বিশ্বনাথঃ বিশ্বনাথৰ এগৰাকী মেধাৱী ছাত্ৰীয়ে আত্মহনন কৰাৰ পিছত শনিবাৰে সন্ধিয়া ছাত্ৰী গৰাকীৰ ঘৰত উপস্থিত হয় মন্ত্ৰী সঞ্জয় কিশান। উল্লেখ্য যে তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত নামভৰ্তি কৰাৰ পাছত ২০ দিন পাঠগ্ৰহণ কৰিছিল যদিও চিকিৎসা শিক্ষা সঞ্চালকালয়ৰ কেতবোৰ পদক্ষেপৰ বাবে বৃহস্পতিবাৰে ছাত্ৰীগৰাকীৰ চৰম পন্থা বাছি লোৱা বুলি সন্দেহ কৰিছে পৰিয়ালৰলোকে।

কালি মন্ত্ৰী গৰাকীয়ে বিশ্বনাথৰ বিধায়কৰ সৈতে ছাত্ৰীগৰাকীৰ পিতৃ তথা পৰিয়ালৰ লগত সমস্ত ঘটনাৰ বুজ লোৱাৰ লগতে সমবেদনা জ্ঞাপন কৰে। ইফালে মন্ত্ৰী গৰাকীয়ে সাংবাদিকৰ আগত কয় যে এনেদৰে এগৰাকী মেধাৱী ছাত্ৰী অকালতে হেৰাই যোৱাটো অত্যন্ত দুৰ্ভাগ্যজনক।

তেওঁ কয় যে, চাহ জনজাতি সকলৰ এনে কিছুমান উপাধি আছে যিবোৰ চাহ জনগোষ্ঠী নোহোৱা লোকৰ উপাধিৰ লগত একে। সেয়েহে উচ্চ ন্যায়ালয়ে এক নিৰ্দেশ যোগে কৈছিল যে, চাহ জনগোষ্ঠীৰ এনেধৰণৰ উপাধিৰ যি সকল লোকে চিকিৎসা বিজ্ঞানত নামভৰ্তিৰ বাবে আবেদন কৰিছে সেই সকল লোকে চাহ জনগোষ্ঠীয় কিছু নথি পত্ৰ জমা দিব লাগে।

ছাত্ৰী গৰাকীৰ ক্ষেত্ৰতো উচ্চ ন্যায়ালয়ৰ পৰা হয়তো এনেধৰণৰ নিৰ্দেশ আহিছিল। যাৰ বাবে ছাত্ৰী গৰাকী কিছু মানসিক অশান্তিত ভুগি আছিল। হয়টো এইটো ঘটনাও হ'ব পাৰে যে ছাত্ৰী গৰাকীয়ে সময়ত দিব পৰা নাই বা চেষ্টা কৰি আছিল। কিন্তু তাৰ মাজতেই এই ঘটনা সংঘটিত হৈছে। আত্মহননৰ আগমুহুৰ্তলৈকে মানসিক অশান্তিত ভুগি থকাৰ কথা ছাত্ৰীগৰাকীয়ে কাৰো আগত প্ৰকাশ কৰা নাছিল বুলিও উল্লেখ কৰে মন্ত্ৰী গৰাকীয়ে।

ইফালে প্ৰথম বাৰৰ বাবে ছাত্ৰীগৰাকীৰ পৰিয়ালৰ লোকে ঘটনা সন্দৰ্ভত মুখ খুলে। ছাত্ৰীগৰাকীৰ জ্যেষ্ঠ ভগ্নীয়ে সাংবাদিকৰ আগত কয় যে যোৱা ২০১৯ চনৰ পৰাই মানসিক চিকিৎসা চলি আছিল ছাত্ৰীগৰাকীৰ। ছাত্ৰীগৰাকীৰ আছিল বাইপোলাৰ ডিছ অৰ্ডাৰ। এইটো হৈছে মানসিক স্বাস্থ্য জনিত সমস্যা।

এনে এক ৰোগৰ চিকিৎসা কৰি থকা ছাত্ৰীগৰাকীয়ে তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত চিকিৎসা বিজ্ঞানত নামভৰ্তি কৰি পাঠগ্ৰহণ কৰিছিল। কিন্তু তাৰ আগতো ছাত্ৰীগৰাকীয়ে যিকোনো কথাতেই অতি আৱেগিক হৈ পৰি মানসিক অশান্তিত ভুগিছিল। যেতিয়া ২০ দিনকৈ পাঠগ্ৰহণ কৰাৰ পিছত এনে অনাকাংক্ষিত নিৰ্দেশ পালে তেতিয়া লগে লগে ঘৰলৈ উভতি অহা ছাত্ৰাগৰাকীয়ে পিতৃ-মাতৃ তথা পৰিয়ালৰ লগত ভালকৈ কথা পতা নাছিল। তাৰপাছতেই চৰম পন্থা বাছি ল'লে ছাত্ৰীগৰাকীয়ে।

Also Read: আঙুলিত আঘাত পাইছিল হাৰ্দিক পাণ্ডিয়াইঃ খেলিবনে আজিৰ খেল?

crime