ডিজিটেল ডেস্কঃ বিশ্বনাথ চাৰিআলি সদৰ আৰক্ষী থানাত উত্তেজনা।বিশ্বনাথৰ নীলপুৰ চাহ বাগিচাৰ শতাধিক লোকে থানা ঘেৰাও কৰি এক উত্তেজনা মুখৰ পৰিবেশৰ সৃষ্টি কৰে।যোৱা নিশা উক্ত চাহ বাগিচাৰ এগৰাকী যুৱতীয়ে একেখন বাগিচাৰে কৃষ্ণা বাচোৱাৰ নামৰ যুৱকৰ বিৰুদ্ধে শ্লীলতা হানিৰ অভিযোগ উত্থাপন কৰিছিল।
যাৰ ফলত সেই স্থানতে একাংশ লোকে অভিযুক্ত কৃষ্ণ বাচোৱাৰক গণ প্ৰহাৰ কৰি গুৰুত্বৰ ভাবে আঘাত কৰিছিল।বৰ্তমান অভিযুক্তজন সংকটজনক অবস্থাত জীৱন আৰু মৃত্যুৰ সৈতে তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত আই চি ইউত ভৰ্তি হৈ আছে।
গণপ্ৰহাৰ কৰা লোক সকলে অভিযুক্ত গৰাকীক আৰক্ষীক গটাই দিয়াৰ পৰিবৰ্তে আইন হাতত লোৱাৰ বাবে উত্তেজিত হৈ পৰে আৰু আৰক্ষী থানা ঘেৰাও কৰে। তেওলোকৰ দাবী অতি শীঘ্ৰে গণপ্ৰহাৰ কৰা লোক সকলক গ্ৰেপ্তাৰ কৰি উচিত শাস্তি প্ৰদান কৰিব লাগে।