বিশ্বনাথৰ পকীপথ নিৰ্মাণত ব্যাপক দুৰ্নীতিঃ খলা-বমা পথ নিৰ্মাণেৰে চৰকাৰী ধনৰ শৰাধ..

বিশ্বনাথৰ পকীপথ নিৰ্মাণত ব্যাপক দুৰ্নীতিঃ খলা-বমা পথ নিৰ্মাণেৰে চৰকাৰী ধনৰ শৰাধ..

Published on

ডিজিটেল সংবাদ,বিশ্বনাথঃ দুৰ্নীতি বিৰোধী শ্ল'গানেৰে উন্নয়নৰ ঢাক ঢোল বজোৱা চৰকাৰৰ সাংসদ পল্লৱ লোচন দাস আৰু বিধায়ক প্ৰমোদ বৰঠাকুৰৰ গৃহ সমষ্টিত ঠিকাদাৰে মইমতালি চলোৱাৰ অভিযোগ উত্থাপন হৈছে ।

বিশ্বনাথ জিলাৰ পাভৈৰ পৰা কাৰ্বি ব্লক সংযোগী পকীপথ নিৰ্মাণৰ কাম দীৰ্ঘদিনৰ পৰা অতি লেহেমীয়া গতিত চলি আহিছিল। শেহতীয়াকৈ,পথ নিৰ্মাণৰ ঠিকা লাভ কৰা AGH কঞ্চট্ৰাকচন নামৰ কোম্পানীটোৱে অতি নিম্ন মানদণ্ডৰ সামগ্ৰী ব্যৱহাৰ কৰি পথছোৱাৰ কাম কৰিছে যাৰ ফলত নিৰ্মাণৰ পষেক নৌহওঁতেই পথৰ ভিন্ন স্থানৰ পকী অংশ এৰি গৈছে।

পথটি খলা-বমা হোৱাৰ লগতে পথত দিয়া গতিৰোধকো এৰিবলৈ আৰম্ভ হৈছে। ৰাইজৰ অভিযোগ সামান্য পৰিমানৰ শিল প্ৰয়োগেৰে পথচোৱা নিৰ্মাণ কৰিছে। সমান্তৰালকৈ শিল আৰু আলকাতাৰাৰ সংমিশ্ৰণ মুঠেও সন্তোষজনক নহয়।

জনৈক হৰলালকা নামৰ ঠিকাদাৰ গৰাকীৰ মালিকানাধীন AGH কঞ্চট্ৰাকচন নামৰ কোম্পানীটোৱে দুৰ্নীতিৰে চৰকাৰী ধনৰ শৰাধ পাতিব বিচৰা কাৰ্যক একে মুখে গৰিহনা দিছে স্থানীয় ৰাইজ আৰু পাভৈ আঞ্চলিক ছাত্ৰ সন্থাই।

অতি শীঘ্ৰে জিলা আয়ুক্তই পথ নিৰ্মাণৰ বিসংগতি সন্দৰ্ভত উচিত তদন্ত কৰিব লাগে। লগতে বিভাগীয় নীতি নিৰ্দেশনা অনুসৰি পথটি নিৰ্মাণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাই ৰাইজে।

X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in