বিষাক্ত ফেঁটীসাপে দংশন কৰা দেৱ শিশুৰ প্ৰাণ বচাবলৈ সক্ষম হ'ল...

বিষাক্ত ফেঁটীসাপে দংশন কৰা দেৱ শিশুৰ প্ৰাণ বচাবলৈ সক্ষম হ'ল...
Published on
Updated on

ডিজিটেল সংবাদ,বিশ্বনাথ : বিশ্বনাথৰ চিকিৎসক ডা০ ৰিপণ চুতীয়াৰ নেতৃত্বত এটি শিশুয়ে লাভ কৰিলে নতুন জীৱন। বিশ্বনাথৰ মাজুলীগড় চাহ বাগিচাৰ কমাৰ গাঁৱৰ বিশ্বজিত তাঁতি নামৰ লোকজনৰ দুই বছৰ পাঁচমহীয়া দেৱ শিশুটি ঘৰৰ চোতালতে খেলি থকা সময়তে হঠাৎ বিষাক্ত ফেঁটী সাপে দংশন কৰে।

পৰিয়ালৰ লোকেও দংশন কৰা সাপটো বিষাক্ত ফেঁটীসাপ বুলি চিনাক্ত কৰে। শিশুটি লগে লগে সেই স্থানত অচেতন হৈ মৃতপ্ৰায় হৈ পৰে। কিন্তু শিশুটিৰ পিতৃ মাতৃয়ে পলম নকৰি ততাতৈয়াকৈ শিশুটিক বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়লৈ আনে।

পিছত বিশ্বনাথ অসামৰিক চিকিৎসালয়ৰ চিকিৎসক ডা০ ৰিপণ চুতীয়াৰ নেতৃত্বত এটা চিকিৎসকৰ দলে প্ৰায় দুঘন্টা সময় শিশুটিক চিকিৎসা কৰে। যুদ্ধকালীন প্ৰচেষ্টাৰে চিকিৎসকৰ দলটোৱে শিশুটিক পোন্ধৰটাকৈ এন্টি ভেনম প্ৰয়োগ কৰে।

ইফালে বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়ত আই চি ইউৰ ব্যৱস্থা নথকা বাবে চিকিৎসকে শিশুটিৰ চিকিৎসা কৰাৰ ক্ষেত্ৰত যথেষ্ট প্ৰত্যাহবানৰ সন্মুখীন হয় যদিও হাৰ নামানি চিকিৎসা অব্যাহত ৰাখে। অৱশেষত শিশুটি সংকটমুক্ত হৈ চেতনা লাভ কৰে।

বৰ্তমানো শিশুটি  বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়ত সংকটমুক্ত অৱস্থাত চিকিৎসাধীন হৈ আছে। স্বাভাৱিকতে শিশুটিক প্ৰাণ বচোৱা চিকিৎসকক কৃতজ্ঞতা জ্ঞাপন কৰিছে স্থানীয় ৰাইজে। ইফালে শীঘ্ৰে আই চি ইউ কাৰ্যক্ষম কৰাৰো দাবী উঠিছে।

বিষাক্ত ফেঁটীসাপে দংশন কৰা দেৱ শিশুৰ প্ৰাণ বচাবলৈ সক্ষম হ'ল...
এজাক বৰষুণতে জলমগ্ন মহানগৰীৰ ব্যস্ত পথ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in