ৰজাঘৰীয়াক কাকূতি-মিনতি কৰিও নাপালে ফল ! পথ-মেৰামতিৰ কামত নামিল বিজেপি নেতা

ৰজাঘৰীয়াক কাকূতি-মিনতি কৰিও নাপালে ফল ! পথ-মেৰামতিৰ কামত নামিল বিজেপি নেতা

Published on

ডিজিটেল সংবাদ, বিহালী : যিসময়ত ৰাজ্যত শাসকীয় বিজেপি চৰকাৰ উন্নয়নৰ গংগা বৈ আছে সেইসময়তে বিজেপি নেতা-কৰ্মীয়ে বাট পথ মেৰামতি কৰিব লগা হৈছে ৷ বিগত প্ৰায় ৫ বছৰ ধৰি বিহালীৰ এৰাঁগাও অঞ্চলৰ একমাত্ৰ গ্ৰামপথটো বহু বছৰ ধৰি যাতায়তৰ বাবে অনুপযোগী হৈ আছিল ৷ সময়ে সময়ে গাওঁবাসীয়ে পথছোৱা মেৰামতি কৰিবলৈ সংশ্লিষ্ট পক্ষক আবেদন-নিবেদন কৰি আহিছে যদিও কোনো ফল ধৰা নধৰাত পথছোৱাত খাল সদৃশ গাঁত সৃষ্টি হৈছে ৷

প্ৰায় ৩ কিলোমিটাৰ দৈৰ্ঘৰ বেদেতী কুলাগুৰিৰ পৰা এৰাগাঁও হৈ বৰালীমৰা গাঁও পঞ্চায়ত সংযোগী পথছোৱা হ'ল অতিব্যস্ত আৰু জৰুৰী পথ ৷ এই পথেদি দৈনিক শ-শ লোক অহা যোৱা কৰে ৷

বিশেষকৈ অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰী ,কৃষক ,বনুৱা ,শ্ৰমিকৰ উপৰিও ৰোগীয়ে যাতায়তৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সৃষ্টি ভোগ কৰি আহিছিল ৷ ইফালে বিহালী বেদেতীৰ এৰাগাঁও স্থানীয় ৰাইজৰ যমৰ যাতনা উপলব্ধি কৰি প্ৰায় ২ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথটো গাঁওবাসীৰ সহযোগত অসম ৰাজ্যিক বিজেপিৰ অনুসূচিত জাতি মৰ্চাৰ উপ-ৰাজ্যিক সভাপতি চিৰঞ্জীৱ পাঠকে মেৰামতি কৰে ৷ সভাপতি পাঠকৰ এই কামৰ বাবে এৰাগাঁওবাসীয়ে ভূঁয়সী প্ৰশংসা কৰিছে ৷

ৰজাঘৰীয়াক কাকূতি-মিনতি কৰিও নাপালে ফল ! পথ-মেৰামতিৰ কামত নামিল বিজেপি নেতা
ৰাজ্যৰ বাহিৰত আত্মগোপন কৰি আছে সুনীল গগৈ : জি পি সিং
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in