গ্ৰেপ্তাৰ হোৱাৰ পিচত কি ক'লে লাচিত গগৈয়ে...

গ্ৰেপ্তাৰ হোৱাৰ পিচত কি ক'লে লাচিত গগৈয়ে...
Published on
Updated on

ডিজিটেল ডেস্ক : বিজেপিৰ অ' বি চি মৰ্চাৰ ৰাজ্যিক উপ-সভাপতি লাচিত গগৈ আৰু আটাছুৰ সভাপতি মিলন বুঢ়াগোহাঁইৰ বাৰ্তালাপৰ অডি'অ ভাইৰলে হোৱা কাণ্ডই জোকাৰি গৈছে উজনি অসম। যোৰহাট লোকসভা সমষ্টিৰ টিকট কোনে পাব কেনেকৈ দিব এই সন্দৰ্ভত ভাইৰেল হৈছিল এটা অডিঅ' কল।

আটাছু সভাপতি মিলন বুঢ়াগোহাঁয়ে উক্ত সমষ্টিটোৰ টিকটৰ বাবে লাচিত গগৈ সম্পৰ্কে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰে আলোচনা হোৱা বুলি উল্লেখ কৰিছিল। ইফালে আন এটা ফোন কলত দুয়োগৰাকী নেতাৰ কথোপকথনত ছিণ্ডিকেটৰাজৰ এখন স্পষ্ট ছবি পোহৰলৈ আহে।

ভাইৰেল হোৱা কথোপকথনত চুপাৰী ছিণ্ডিকেটৰ ঘটনাৰে নাম সাঙোৰ খাইছে কাৰ্বি আংলং জিলাৰ আৰক্ষী অধীক্ষক সঞ্জীৱ শইকীয়াৰ নাম। আটাছু সভাপতিজনে চুপাৰী ছিণ্ডিকেটৰ বাবে বিজেপি নেতা লাচিত গগৈৰ পৰা লোৱা ১৬ লাখ টকা আৰক্ষী অধীক্ষক সঞ্জীৱ শইকীয়াক দিয়া বুলি উল্লেখ কৰে।

এই সন্দৰ্ভত আৰক্ষী অধীক্ষক সঞ্জীৱ শইকীয়াই ডিফু থানা লাচিত গগৈৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰে। এই গোচৰৰ ভিত্তিত শনিবাৰে নিশাই মৰাণৰ পৰা আৰক্ষীয়ে লাচিত গগৈক গ্ৰেপ্তাৰ কৰে।

ইতিমধ্যে ডিফু থানা আৰক্ষীয়ে বিজেপি নেতাগৰাকীক গ্ৰেপ্তাৰ কৰি ডিফু আৰক্ষী চকীলৈ লৈ গৈছে। সম্প্ৰতি ডিফু আৰক্ষী চকীত থকা বিজেপি নেতা লাচিত গগৈয়ে সংবাদ মাধ্যমৰ সন্মুখত পোন প্ৰথমে কোনো মন্তব্য নিদিওঁ বুলি উল্লেখ কৰে।

অৱশ্যে কিছুসময় পিচত বিজেপিৰ অ' বি চি মৰ্চাৰ ৰাজ্যিক উপ-সভাপতি লাচিত গগৈয়ে কয়, তেওঁ হোনো আৰক্ষীক সহায় কৰিবলৈ আহিছে। ইফালে ভাইৰেল হোৱা অডিঅ' বাৰ্তা মিছা বুলি তেওঁ মন্তব্য কৰে। আনহাতে মিলনে বুঢ়াগোহাঁইয়ে আৰক্ষী অধীক্ষকগৰাকীক টকা দিছিল নে নাই এই সম্পৰ্কে তেওঁ একো নাজানে বুলি মন্তব্য কৰে। অৱশ্যে লাচিতে বিচৰা মতে কাম নোহোৱাত আটাছু সভাপতিগৰাকীৰ পৰা সেই টকা ওভতাই বিচাৰিছিল।

উল্লেখ্য যে এই কু-কৰ্মৰে সংগঠনৰ নামত দাগ লগোৱা আটাছু নেতাগৰাকীক সভাপতি পদৰ পৰা অপসাৰণ কৰিছে। মৰাণত অনুষ্ঠিত জৰুৰী কাৰ্যনিৰ্বাহক বৈঠকৰ দ্বাৰা এই সিদ্ধান্ত লোৱা হয়।

গ্ৰেপ্তাৰ হোৱাৰ পিচত কি ক'লে লাচিত গগৈয়ে...
নিশা জালুকবাৰীত অঘটন : ৰে’ল লাইনৰ ওপৰত আঘাতপ্রাপ্ত অৱস্থাত এজন লোকক উদ্ধাৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in