ডিজিটেল ডেস্ক : সোমবাৰে সন্দিকৈ ছোৱালী মহাবিদ্যালয়ত অনুষ্ঠিত কৰা হয় এক ৰক্তদান শিবিৰ। মহাবিদ্যালয়খনৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ প্ৰগ্ৰেম অফিচাৰ ড০ বিনয় কুমাৰ নাথৰ তত্বাৱধানত এন.এছ.এছ গোট আৰু ৰেড ৰিবন ক্লাৱৰ যৌথ উদ্যোগত এই শিবিৰ আয়োজন কৰা হয়।
এই শিবিৰত মহাবিদ্যালয়খনৰ এন.এছ.এছৰ স্বেচ্ছাসেৱিকা সকলৰ লগতে অধ্যাপক-অধ্যাপিকা আৰু আন ছাত্ৰ-ছাত্ৰীসকলেও অংশগ্ৰহণ কৰে। প্ৰায় অৰ্ধ শতাধিক ছাত্ৰীয়ে এই শিবিৰত ৰক্তদান কৰিবলৈ আগবাঢ়ি আহে।
"অসম ৰাজ্যিক এইডছ নিয়ন্ত্ৰণ সমিতি" আৰু "অসম ৰাজ্যিক ৰক্ত সংৰচন পৰিষদ"ৰ সহযোগিতাত আয়াজন কৰা এই শিবিৰত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ৰক্ত কোষৰ চিকিৎসক আৰু আন কৰ্মচাৰীসকল উপস্থিত থাকি ৰক্ত সংগ্রহ কৰে।
আনহাতে, একেদিনাই মহাবিদ্যালয়ৰ এন. এছ-.এছ গোটে ৰাষ্ট্ৰীয় পোষণ মাহ উপলক্ষে উজান বজাৰ চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত এক সজাগতামূলক সভা অনুষ্ঠিত কৰে। বিদ্যালয়খনৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা সভাত ছাত্ৰ-ছাত্ৰীৰ উপৰিও প্রধান শিক্ষক আৰু আন শিক্ষক-শিক্ষয়িত্ৰী আৰু সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ এন.এছ.এছ গোটৰ প্ৰগ্ৰেম অফিচাৰ আৰু স্বেচ্ছাসেৱিকা সকল উপস্থিত থাকে।
সভাত আদৰণি ভাষণ আগবঢ়ায় বিদ্যালয়খনৰ প্ৰধান শিক্ষক বীৰেন কুমাৰ দাসে। সভাখন আঁত ধৰে ড০ বিনয় কুমাৰ নাথে। উক্ত সভাত গুৱাহাটীৰ নেমকেয়াৰ গ্ৰুপ অৱ ইনষ্টিটিউট আৰু আৰ্য কলেজ অৱ নাৰ্চিঙৰ পৰিপুষ্টি বিভাগৰ বিশেষজ্ঞা মমতা পাল সাহাই ছাত্ৰ-ছাত্ৰীসকলৰ লগত পুষ্টিকৰ আহাৰৰ প্ৰয়োজনীয়তাৰ বিষয়ে মত বিনিময় কৰে।