বোকাজানৰ খটখটীত দুই যৱকৰ মৃতদেহ উদ্ধাৰ

এই মুহূৰ্তৰ খবৰ
এই মুহূৰ্তৰ খবৰ
Published on
Updated on

ডিজিটেল সংবাদ,বোকাজান : বোকাজানৰ খটখটী থানাৰ অন্তৰ্গত জৰ টকবি গাঁৱত এটা ঘৰৰ ভিতৰতে দুটাকৈ মৃতদেহ উদ্ধাৰ হয় ৷ মহালয়াৰ আনন্দৰ মাজতেই এই ঘটনাই সমগ্ৰ অঞ্চলটোতে চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

মৃতদেহ দুটা ক্ৰমে জৰ টকবি গাঁৱৰ ২৫ বছৰীয়া মনোজ ছেত্ৰী আৰু নথং গাঁৱৰ ২১ বছৰীয়া ইছাক পূৰ্তি বুলি চিনাক্ত কৰা হৈছে ৷ আৰক্ষীয়ে ঘটনাস্থলীৰ চিৰিঞ্জ উদ্ধাৰ কৰি অতিমাত্ৰা ড্ৰাগছ সেৱনৰ বাবেই যুৱক দুজনৰ মৃত্যু হোৱা বুলি সন্দেহ কৰিছে ৷

অৱশ্যে মৰোণোত্তৰ পৰীক্ষাৰ পাছতহে মৃত্যুৰ প্ৰকৃত কাৰণ জানিব পৰা যাব ৷ ইতিমধ্যে আৰক্ষীয়ে মৃতদেহ দুটা মৰোণোত্তৰ পৰীক্ষাৰ বাবে ডিফু চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছে ৷

এই মুহূৰ্তৰ খবৰ
নগাঁৱত গান্ধী জয়ন্তী উদযাপন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in