কোকৰাঝাৰত বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি বিনেশ্বৰ ব্ৰহ্মৰ ২২ তম মৃত্যু বাৰ্ষিকী উদযাপন…

কোকৰাঝাৰত বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি বিনেশ্বৰ ব্ৰহ্মৰ ২২ তম মৃত্যু বাৰ্ষিকী উদযাপন…

author-image
asomiyapratidin
New Update
কোকৰাঝাৰত বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি বিনেশ্বৰ ব্ৰহ্মৰ ২২ তম মৃত্যু বাৰ্ষিকী উদযাপন…

ডিজিটেল সংবাদ, কোকৰাঝাৰ : বড়ো সাহিত্য সভাৰ উদ্যোগত কোকৰাঝাৰ সদৰ চহৰৰ নাতিদূৰৈৰ চান্দামাৰীস্থিত বিনেশ্বৰ ব্ৰহ্মৰ সমাধীক্ষেত্ৰত আজি বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি সুবুংনি থান্দৈ বিনেশ্বৰ ব্ৰহ্মৰ ২২ তম মৃত্যু বাৰ্ষিকী উদযাপন কৰা হয় । অচিনাক্ত দুৰ্বৃত্তৰ হাতত প্ৰাণ হেৰুওৱা বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি সুবুংনি থান্দৈ বিনেশ্বৰ ব্ৰহ্মৰ আজি ২২ তম মৃত্যু বাৰ্ষিকী উপলক্ষে কাৰ্যসূচী অনুসৰি আজি ৰাতিপুৱা ৮:৩০ বজাত পতাকা উত্তোলন কৰে বড়ো সাহিত্য সভাৰ সভাপতি তৰেন বড়োৱে। তদুপৰি শ্বহীদ বিনেশ্বৰ ব্ৰহ্মৰ প্ৰতিচ্ছবিত মাল্যাৰ্পন কৰে বিধায়ক লৰেঞ্চ ইছলাৰীয়ে । ইয়াৰ পিছতেই শ্বহীদ বিনেশ্বৰ ব্ৰহ্মৰ জীৱন দৰ্শনৰ ওপৰত এক আলোচনা চক্ৰ অনুষ্ঠিত হয় । বড়ো সাহিত্য সভাৰ সভাপতি তৰেন বড়োৰ সভাপতিত্বত অনুষ্ঠিত হোৱা উক্ত আলোচনাচক্ৰত মুখ্য অতিথি হিচাপে অংশগ্ৰহন কৰে বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়ো আৰু নিদিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰে বড়ো সাহিত্য সভাৰ প্ৰাক্তন সাধাৰণ সম্পাদক গোবিন্দ বসুমতাৰীৱে ।
ইপিনে সংবাদ মাধ্যমৰ আগত বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে সুবুংনি থান্দৈ বিনেশ্বৰ ব্ৰহ্মৰ হত্যা বড়ো সমাজৰ বাবে অপুৰণীয় ক্ষতি বুলি মন্তব্য কৰিছে । তেওঁ বড়ো সমাজৰ বুদ্ধিজীৱি আৰু দাৰ্শনিক আছিল আৰু তেওঁৰ চিন্তাধাৰাক চিৰযুগমীয়াকৈ ৰাখিবলৈ বিটিচিৰ চৰকাৰ বদ্ধপৰিকল্প বুলি উল্লেখ কৰি বিনেশ্বৰ ব্ৰহ্ম উদ্যানত অডিটৰিয়ামকে ধৰি আন সা -সুবিধা উপলদ্ধ কৰোৱা হব বুলি সদৰি কৰিছে বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে । আনহাতে বড়ো সাহিত্য সভাৰ সভাপতি তৰেন বড়োই সংবাদ মাধ্যমৰ আগত হিংসাৰ দ্বাৰা কোনো বিকাশ নহয় বুলি উল্লেখ কৰি অস্ত্ৰ সংস্কৃতি পৰিহাৰ কৰিবলৈ আহ্বাান জনায় । ভৱিষ্যতে যাতে আৰু কোনো উগ্ৰপন্থী সংগঠনৰ জন্ম নহয় সেয়া কামনা কৰি মানৱ সমাজৰ বাবে কাম কৰি যাবলৈ সকলোৰে প্ৰতি আহ্বান জনাইছে । আজিৰ কাৰ্যসূচীত ৰাজ্যসভাৰ সাংসদ ৰৌণগৌৰা নাৰ্জাৰীও উপস্থিত আছিল ।

আৰু পঢ়ক : আর্যভট্ট বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত ৰাইজ মেলঃ অন্ধবিশ্বাস আৰু কু-সংস্কাৰ নিৰ্মূলৰ আহ্বান…

assam kokrajhar boro sahitya sabha